আপুনি জানেনে খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese

Spread the love

 

✍🏻MOONMI BHATTACHARYA, Reiki Therapist,

Watchapp- +91 84867 31180

Facebook – https://m.facebook.com/munmi.bhattacharya?tsid=0.822997864071852&source=result

আমি সকলোৱে স্বাস্থ্যৱান হৈ থাকিবলৈ অহৰ্নিশে যত্ন কৰোঁ ৷ কিন্তু কিছুমান নেতিবাচক ভাৱনাই আমাৰ স্বাস্থ্যত বিৰূপ প্ৰভাৱ পেলায় ৰুগীয়া কৰি তোলে ৷ তেনে এক কাৰক হৈছে – খং (anger) ৷    

 

আপুনি জানেনি খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese

 

       খং ; জীৱনৰ অতিশয় মাৰাত্মক ব্যাধি ৷ ক্ৰোধে শৰীৰৰ অন্তঃক্ষৰা গ্ৰন্থিত বিক্ৰিয়া কৰি হ’ৰমনসমূহ সঠিকভাৱে নিৰ্দিষ্ট মাত্ৰাত নিঃসৰণ হোৱাত বাধা দিয়ে ৷ ফলত শৰীৰত বিভিন্ন ৰোগৰ জন্ম হয় ৷ লগতে জ্ঞান আৰু প্ৰাপ্তিৰ পথত হেঙাৰ হৈ পৰে ৷ আৰম্ভণিতেই খঙক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে পিচলৈ বহু অসুবিধাৰ সৃষ্টি কৰে ৷ সন্দেহ, ইগ’, ঈৰ্ষা, ঘৃণা আদি কাৰকৰ বাবেই মূলতঃ খঙৰ উৎপত্তি হয় ৷ 

 

আলজেইমাৰ, টিউমাৰ, কোষ্ঠকাঠিন্য, হতাশা, বইল, জ্বলন, এচিডিটি, লিউকোৰিয়া, ছালৰ সমস্যা, ইনফেকচন, বদহজম, পেটৰ অসুখ, বুকু জ্বলা পোৰা কৰা ইত্যাদি বহু অসুখৰ ঘাই শিপা হৈছে খং ৷

 

         সাধাৰণতে খং উঠিলে মস্তিস্কত প্ৰচণ্ড চাপ পৰে আৰু একো চিন্তা কৰিব নোৱাৰা হয় ৷ তেতিয়াই ৰুদ্ৰমূৰ্তিৰে আমি সন্মুখত থকাবোৰক কাৰ্য নাইবা বাণীৰে থকাসৰকা কৰোঁ ৷ কিন্তু যিমান আঘাত আমি বেলেগক কৰি খঙৰ প্ৰকাশ কৰিব বিচাৰোঁ, দৰাচলতে সেই আঘাত আমি নিজকহে কৰোঁ আৰু নিজৰেই আত্মিক উত্তৰণৰ পথত বাধা হৈ পৰোঁ ৷ ইয়াৰউপৰি খঙৰ প্ৰভাৱ নিম্নোক্ত বিষয়সমূহতো পৰে-

 

 

আপুনি জানেনি খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese

 

 

➡ খঙে সম্বন্ধবোৰ বেয়া কৰে ৷

➡ নিজৰ শাৰীৰিক, মানসিক, বৌদ্ধিক, অৰ্থনৈতিক ক্ষতি কৰাৰ লগতে সন্তান আৰু সমাজৰো অপকাৰ কৰে ৷

➡ কেউদিশৰ বাতাৱৰণ প্ৰদূষিত কৰি তুলি সুখ, শান্তি ব্যাহত কৰে ৷

➡ যোগাযোগ, বাৰ্তালাপৰ সংযোগ ৰুদ্ধ কৰে ৷

➡ এচাম শোষক আৰু শোষণকাৰীৰ জন্ম দিয়ে ৷

       আচলতে আমিনো খং কিহৰ বাবে কৰোঁ, কাক কৰোঁ ? হিংসা, ঘৃণা কৰি আমি পামনো কি? পৰমাত্মা এজনেই, তেওঁৰ পৰা সৃষ্টি সকলো, তেওঁলৈকে উভটি যাব সকলো৷

         

খং উঠিলে দমনৰ বাবে কেইটামান উপায় তলত দিয়া হ’ল

 

 

আপুনি জানেনি খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese

 

(১) প্ৰচুৰ পানী সেৱন কৰক ৷ শৰীৰত পানীৰ পৰিমাণ সঠিক মাত্ৰাত থাকিলে মনটো স্থিৰ হৈ থাকে, যি আমাক সৃষ্টিশীল কৰি ৰাখে ৷ সৃজনীশীলতাৰে অনবৰতে ব্যস্ত হৈ থকাজনে ক্ৰোধান্বিত হোৱাৰ অৱকাশেই নাপায় ৷

 

(২) দৈনিক ধ্যান, প্ৰাণায়াম আদি কৰক ৷ প্ৰকৃতিৰ সংস্পৰ্শত খালী ভৰিৰে মাটিত কমেও দহ মিনিট খোজ কাঢ়ক ৷ ই মন – প্ৰাণ প্ৰাচুৰ্যৰে আৱৰি ৰখাত সহায় কৰে ৷

 

(৩) খং উঠাৰ লগে লগেই মই কাক খং কৰিছোঁ আৰু কিয় কৰিছোঁ, এই কথাটোত মই খং কৰা উচিত নে ; এই ভাব মনলৈ আনি তত্তমুহূৰ্তে খং প্ৰশমিত কৰিবলৈ চেষ্টা কৰক ৷

 

 

আপুনি জানেনি খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese

 

 

(৪) নিতৌ বিশাল আকাশখনলৈ কিছু সময় চাই উপলব্ধিৰ চেষ্টা কৰক ৷ অনুভৱ কৰক সেই অসীম বিশালতাৰ উৎস, নিজকে বিলীন কৰি দিয়ক সেই মুক্ত বতাহজাকত৷ আশাবোৰৰ দুপাখি মেলি আকাশৰ বক্ষত আপোনাৰ কল্পনাবোৰৰ বাস্তৱ প্ৰতিফলন ঘটা লক্ষ্য কৰকচোন ৷ আপোনাৰ মন মানৱীয় প্ৰেমৰ কিৰণৰে উপচি পৰিব ৷

 

(৫) সাত্ত্বিক খাদ্যগ্ৰহণৰ প্ৰয়াস কৰক ৷ যি আভামণ্ডল শক্তিশালী কৰি তোলাত সহায় কৰে৷

 

(৬) সমালোচনা, অহৈতুক চিন্তা, অনাৱশ্যক বাৰ্তালাপ, ব্যংগাত্মক কটুক্তি আদিবোৰ এৰাই চলি জ্ঞানৰ সাধনাত নিমজ্জিত হৈ পৰিলে অস্থিৰতাক নিয়ন্ত্ৰিত কৰিব পাৰি ৷

 

(৭) ভগৱত্ প্ৰেমৰে নিজক পৰিৱেষ্টিত কৰি ৰাখি যিমান পাৰি সজ কৰ্ম কৰি যাব লাগে, তেতিয়া পৰমব্ৰহ্মৰ সৈতে সংযোজিত হৈ আৰোগ্য হৈ থাকিব পৰা যায় ৷

 

        খং নামৰ নঞৰ্থক আৱেগৰ পৰা মুক্ত হৈ নিজক সম্পূৰ্ণ সুস্থ ৰাখি প্ৰগতিৰ পথত অগ্ৰসৰ হোৱাৰ বাবে ৰেইকি থেৰাপিৰ প্ৰৱৰ্তক ড° মিকাও উচুইদেৱে এটা নীতিৰ প্ৰচলন কৰিছিল ৷ সেই নীতিটো হ’ল, “কেৱল মাত্ৰ আজিৰ বাবে মই খং নকৰোঁ” ৷ আহকচোন আমিও প্ৰত্যেকদিনা প্ৰভাতী কিৰণৰ লগে লগে এই নীতি তিনিবাৰকৈ আওৰাই দিনটোত খং নকৰাৰ প্ৰতিশ্ৰুতিৰে শুভ আৰম্ভণি কৰাৰ প্ৰচেষ্টা কৰোঁ ৷

 

খঙৰ পৰা পৰিত্ৰাণৰ বাবে কাউন্সেলিং, ৰেইকি থেৰাপি আদিৰ সহায় ল’ব পাৰে ৷

 

 

আপুনি জানেনে খং ৰ ফলত কিমান বেমাৰৰ সৃষ্টি হয়? আঁহক জানো খং উঠিলে কি কৰিব? How can control your anger? In assamese

 

 

যি আত্মবিশ্বাসী কৰি তোলাৰ লগতে সুপ্ত প্ৰতিভা বিকাশতো সহায় কৰে ৷ ৰেইকি চিকিৎসা নতুবা

থেৰাপিৰ বাবে মোক ৱাটচআপ কৰিব পাৰে-84867 31180 (আপুনালোকে ইচ্ছা কৰিলে প্ৰশিক্ষণো লব পাৰিব)

 

আশাঁ কৰো উপৰোক্ত খং বা anger সম্পৰ্কীয় লিখনীৰ পৰা আপোনালোক উপকৃত হল৷ যদিহে ভাল পালে পঢ়ি উপৰোক্ত লিখনিটো Share, like নতুবা comment কৰি আগন্তুক দিনত ন ন লিখনি আপোনালোকলৈ লৈ আহিবলৈ উৎসাহিত কৰে যেন৷

ধন্যবাদ 🙏 

 

*( উপৰোক্ত লিখনি কপি কৰিলে www.fitassam.xyz নাম উল্লেখ কৰে যেন)

 

Follow “fitassam”- 

Instagram-https://www.instagram.com/fitassam/?r=nametag

Facebook-https://m.facebook.com/fitassam/?ref=bookmarks

 

 

email- [email protected]

 


Spread the love

Moonmi Bhattacharya

Reiki therapist/ counselling, Awarded writer. ("ৰহস্যময় তমসাৰ শেষত" উপন্যাসৰ বাবে অসম সাহিত্য সভাৰ ২০২০ বৰ্ষৰ গিৰিধৰ শৰ্মা বঁটাপ্ৰাপ্ত-Giridhar sharma award winner,20).

Leave a Reply

Your email address will not be published. Required fields are marked *