এচিডিটি দূৰ কৰাৰ ঘৰুৱা উপায়- Home Remedies For Getting Relief From Acidity
অম্লপিত্ত বা এচিডিটি (acidity) হলে বুকু আৰু উদৰত জ্বলন বা বিষ হয় যি পেটৰ এচিডৰ অত্যাধিক মাত্ৰাত হোৱাৰ ফলত হয়৷ ইয়াক পেটৰ জ্বলন হলে ধৰিব পৰা যায়৷ এই সমস্যা প্ৰায় সংখ্যাক লোকৰে হোৱা দেখা যায়৷
সাধাৰণতে, এচিডিটি বা অম্লপিত্ত (acidity) অতিৰিক্ত পিত্ত সমৃদ্ধ ভোজন (যেনে তৈলাক্ত, মছলাদাৰ, পেকেজড আহাৰ, চাহ, কফি বা কাৰ্বনেটড পানীয়), অনিয়মিত ডায়েট আৰু ভুল জীৱনধাৰণৰ কাৰণ ঘটে।
পিত্ত বৃদ্ধি হলে ই দেহৰ হজম অগ্নিৰ ক্ষতি কৰে, যাৰ কাৰনে আহাৰ সঠিকভাব হজম নহয় আৰু এটি বিষাক্ত অবশিষ্টাংশ গঠিত হয় যাক আম-ama (বিষাক্ত পদাৰ্থ) বোলা হয়৷
এই পদাৰ্থ হজমৰ উৎসসমূহত জমা হয় আৰু এইসমূহক অৱৰূদ্ধ কৰে, যা অম্লতা বা এচিডিটি(acidity) সৃষ্টি কৰে।
যদিও এচিডিটি এটি সাধাৰণ সমস্যা, তথাপি বেছিভাগ লোকে ইয়াৰ নিৰাময়ৰ সঠিক পদ্ধতি ব্যৱহাৰ কৰাত অক্ষম। বেছিভাগ লোকে ব্যথা আৰু টেঙাযুক্ত উগাৰৰ পৰা তাৎক্ষণিক উপশম পাবলৈ আহাৰ গ্ৰহনৰ আগে বা পিছত এন্টি-এচিড জাতীয় ঔষধ খায়। অনেকে আকৌ আহাৰ খাবলৈকে এৰি দিয়ে। তেওঁলোকৰ ধাৰণা, যদি আহাৰ খোৱা নহয় তেন্তে আহাৰ হজম সমস্যা নহব নতুবা এচিডো তৈয়াৰ নহব।
যদি কোনো ব্যক্তিয়ে এই ধৰনৰ পদ্ধতি গ্ৰহণ কৰিছে তেন্তে তেওঁলোকৰ এইতো এটা ভুল ধাৰনা৷ এচিডিটিৰ ঔষধৰ ফলত আপোনাৰ ব্যথা তৎক্ষণাত অৱসান হয়। কিন্ত্ত এই পদ্ধতিসমূহে কেৱল লক্ষণসমূহ দমন কৰাৰ কাম কৰে, এচিডিটি(acidity) সমস্যাৰ মূল কাৰণটি স্পৰ্শ কৰিব নোৱাৰে।
খাদ্য ত্যাগ কৰাটোও এটি বিপদজনক প্ৰচেষ্টা। আয়ুৰ্বেদৰ মতে, শৰীৰৰ প্ৰতি তিনিৰপৰা চাৰি ঘন্টা অৱধিত শৰীৰত কিছু পুষ্টি দৰকাৰ হয়৷ প্ৰকৃতপক্ষে, 6 ঘণ্টাৰো বেছি (শুৱা সময় এৰি) অনাহাৰে থকা উচিত নহয়।
খাদ্য বিসৰ্জনে দেহৰ ক্ষয় বা দেহৰ টিস্যুসমূহৰ ক্ষয় ঘটায় আৰু আপোনাৰ পাচক অগ্নিকো হ্ৰাস কৰি তুলে (বিশেষকৈ পিত্তলগ্ন ব্যক্তিৰ )। যি মাৰাত্মক হজম সমস্যা সৃষ্টি কৰে। গতিকে নিয়মিত আহাৰ গ্ৰহণ কৰক আৰু তেনে আহাৰ খাওঁক যি সহজে হজম কৰিব পাৰে৷ কিন্তু আপুনি যদি পেটত ভাৰাক্ৰান্ত অনুভৱ কৰিছে তেন্তে এক বা দুবাৰৰ আহাৰ ত্যাগ কৰা আপোনাৰ পক্ষে উপকাৰী হব পাৰে।
কিছু ঘৰুৱা প্ৰতিকাৰ
অম্লতা বা এচিডিটিৰ সমস্যা নিৰাময়ৰ বাবে অস্থায়ী সমাধান গ্ৰহন কৰাৰ পৰিবৰ্তে কিছু সাধাৰণ ঘৰুৱা প্ৰতিকাৰ গ্ৰহন কৰা ভাল৷ প্ৰাকৃতিক প্ৰতিকাৰৰ কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নাই আৰু দীৰ্ঘস্থায়ী প্ৰভাৱো আছে।
◙ সমান পৰিমাণৰ চফৰ চূৰ্ণ, মুলেঠী গুঁড়ি, তুলসী পাত আৰু ধনীয়া বীজৰ মিশ্ৰণ কৰি গুঁড়ি তৈয়াৰ কৰক৷ এই মিশ্ৰণটিৰ আধা চা-চামুচৰ লগত আধা চা-চামুচ মিচিৰি লগত দুপৰীয়া আৰু ৰাতিৰ আহাৰৰ 15 মিনিট আগে খাওঁক৷
◙ সমপৰিমাণৰ মিচিৰি, চফ আৰু সৰু ইলাচী সমান পৰিমানে মিহলাই গুঁড়ি তৈয়াৰ কৰক। যেতিয়াই আপুনি পেটত জ্বলন বোধ অনুভৱ কৰিব, তেতিয়াই এই গুড়িৰ এক চামুচ আধা কাপ ঠান্ডা গাখীৰৰ লগত খাওঁক৷
◙ শুৱাৰ সময়ত ২-৩ চামুচ ইচবগল(isbogul) পানীৰ লগত খালেও পেট পৰিষ্কাৰ ৰখাত আৰু পিত্ত শুদ্ধিত সহায়তা কৰে।
◙ মধ্যাহ্নভোজন আৰু ৰাতিৰ আহাৰৰ পিছত গুড়ৰ এক সৰু টুকুৰা খাওঁক। যদি অম্লতা হৈ আছে তেন্তে ইয়াক দুবাৰো গ্ৰহন কৰিব পাৰে৷
◙ এটি বটলত ২-৩ চামুচ ধনিয়া গুঁড়ি লৈ তাতে এক কাপ উতলা পানী ঢালক। গোটেই ৰাতি তেনেদৰে ৰাখি দিওক৷ ৰাতিপুৱা এখন কাপোৰেদি চেকি লৈ তাতে এক চামুচ মিচিৰি মিহলাই পান কৰক৷
◙ আধা লিটাৰ পানীত ১ চা চামচ জিৰা মিহলাই 3-5 মিনিট সিদ্ধ কৰক। এই পানী চেকি লৈ পান কৰক। ইয়াক কেইবাদিনো একেৰাহে গ্ৰহন কৰক৷
নিষেধঃ
বাহি ভোজন সমূলি নকৰিব৷
শীতল আহাৰ যেনে আইচক্ৰীম, কল্ডড্ৰিকচ আদি খোৱাৰ পিছত চাহ বা কফি নাখাব৷
ভোজনত অত্যাধিক অম্লীয় খাদ্য ব্যৱহাৰ নকৰিব৷
তদুপৰি অম্লীয় খাদ্য খোৱাৰ পিছতে চাহ বা কফি নাখাব৷
ভোজন গ্ৰহনৰ পিছতেই বিছনাত শুই পৰা, মৈথুন আদিৰ পৰা বিৰত থাকক৷ শীত ঋতুত দিনত শুৱা ফলতো অম্লপিত্ত হয়৷ তদুপৰি অতিৰিক্ত দৈ, মাংস, মাছ, দৈ, মদ আদি খোৱাৰ বাবেও অম্লপিত্ত হয়৷
বিঃদ্ৰঃ:
আপুনি নিজেই এই টিপচ্ গ্ৰহণ কৰাৰ বাবে দায়বদ্ধ। মন কৰিব যে, ঔষধৰ পৰিবৰ্তে এই ঘৰুৱা উপায়সমূহ গ্ৰহন কৰাৰ কথা ইয়াত কোৱা হোৱা নাই৷ আপুনি যদি আপোনাৰ সমস্যাৰ কোনো উন্নতি নেদেখে তেন্তে দক্ষ ডাক্তৰৰ পৰামৰ্শ গ্ৰহন কৰক।