তিচিৰ উপকাৰিতা আৰু ব্যৱহাৰ- Flaxseed benefits & uses

Spread the love

তিচিৰ উপকাৰিতা 

তিচি বীজ বা ফ্লেকচিড হৈছে স্বাস্থ্যকৰ ফেটচ, এন্টিঅক্সিডেন্ট আৰু ফাইবাৰৰ সমৃদ্ধ উৎস । এই বীজে প্র’টিন, লিগনানচ(lignans) আৰু প্রয়োজনীয় ফেটি এচিড আলফা-লিনোলেনিক এচিড(alpha-linolenic acid) আছে, যাক ALA বা ওমেগা -3 নামেও পৰিচিত।

এক টেবুলচামুচ তিচি গুটি বা ফ্লেকচীডত  পোৱা উপাদানসমূহঃ 

কে’লৰি: 37

প্র’টিন: 1.3 গ্রাম

কার্বস: 2 গ্রাম

ফাইবাৰ: 1.9 গ্রাম

মোট ফেট: 3 গ্রাম

স্যাচুৰেটেড ফেট: 0.3 গ্রাম

মনস্যাচুৰেটেড ফেট: 0.5 গ্রাম

পলিউনস্যাচুৰেটেড ফেট: ২.০ গ্রাম

ওমেগা 3 ফেটি এচিদ: 1,597 মিলিগ্রাম

ভিটামিন বি 1: RDIৰ 8%

ভিটামিন বি 6: RDI ৰ 2%

ফ’লেট: RDI ৰ 2%

কেলচিয়াম: RDI ৰ 2%

আয়ৰন: RDI ৰ 2%

মেগনেচিয়াম: RDI ৰ 7%

ফছফৰাছ: RDI ৰ 4%

পটাছিয়াম: RDI ৰ 2%

তিচি বীজৰ পুষ্টিগত গুনাগুনৰ বাবে ডায়েবেটিচ, ক্যান্সাৰ আৰু হৃদৰোগৰ মাত্ৰা হ্রাস কৰাত সহায়তা কৰে। গাঁঠিৰ বিষ,সংক্ৰমন আৰু গাৰ বিষৰ বাবে আৰাম পোৱাৰ ক্ষেত্ৰত তিচি বীজ যথেষ্ট লাভদায়ক ৷

তিচি সৰিব ধৰা চুলিৰ ৰোধ কৰাৰ বাবে অত্যন্ত উপকাৰী ৷ তিচিত ঔষধীয় গুন আছে লগতে তিচি বীজত ভিটামিন আৰু মিনাৰেল পোৱা যায় যি চুলিৰ বাবে পুষ্টি যোগান ধৰে৷

তিচি বীজ কেনেদৰে খাব | How To Eat Flaxseeds?

তিচি ক আপুনি কেঁচাকৈও খাব পাৰে ৷ কিন্ত্ত সোৱাদ বঢ়াবৰ বাবে তিচি বীজক পাঁচ মিনিটৰ বাবে গৰম (roast) কৰি লব পাৰে৷ Roasted তিচি বীজখিনিক মিক্সাৰত দি গুড়ি কৰি লব ৷ প্ৰতিদিনে  ইয়াৰ এক চামুচ খাওক 

তিচি গুটি প্ৰতিদিনে নিজৰ আহাৰত অন্তৰ্ভুক্ত কৰক৷ ই এষ্টজেন হৰমন নিঃসৰনৰ মাত্ৰা বৃদ্ধিত বাধা প্ৰদান কৰে৷ ফলত গাঠিৰ বিষৰপৰা আৰাম পোৱা যায় ৷

তিচি গুড়ি (এক চামুচ) চালাড বা দৈৰ সৈতে মিহলাই খালে সুফল লাভ কৰিব পাৰি ৷

তিচি বীজ (এক চামুচ) পটাত বটি তাত অলপ নিমখ মিহলাই গৰম পৰি লেপ দিলে গাঁঠিৰ বিষ আদিৰপৰা উপশম পোৱা যায় ৷

  •     এক কাপ ঘৰতে বনোৱা দৈ
  •     দুই কাপ সতেজ গাখীৰ
  •     এক কাপ ষ্ট্ৰবেৰী
  •     এক চামুচ ফ্লেক্সচিড(flexseed) বা তিচি
  •     ডেৰ কাপ অ’টচ

কেনেকৈ বনাবঃ  সকলো সামগ্ৰী একেলগে ব্লেন্ডাৰত দি ভালদৰে ব্লেন্ড কৰক ৷ এই smoothie আপুনি ৰাতিপুৱা ব্ৰেকফাষ্ট পৰিবৰ্তেও লব পাৰে নতুবা আবেলি সময়ত চাহ বিস্কুট খোৱা সময়তো লব পাৰে ৷

(তিচি বীজৰ অপকাৰিতা বা SIDE EFFECT সম্পৰ্কে ভালদৰে জানিলৈহে গ্ৰহন কৰে যেন৷)

তিচি বীজৰ অপকাৰিতা (Flaxseeds Side Effects in Hindi)

পায়খানা শিথিল (Loose motion)-

যদি তিচি সঠিক মাত্ৰাত গ্ৰহন কৰে তেন্তে আপুনাৰ কোষ্ঠকাঠিন্য সমস্যা দূৰ হব পাৰে কিন্ত্ত সঠিক মাত্ৰাত নললে ইয়াৰ বিপৰীতে আপুনাৰ পায়খানা শিথিল নতুবা গ্ৰহনী হব পাৰে৷

অন্ত্ৰত বাধা (Intestinal Obstacles) : 

বিশেষজ্ঞ অনুসৰি পৰ্যাপ্ত মাত্ৰাত তৰল পদাৰ্থ গ্ৰহন নকৰাকৈ তিচি খোৱা ফলত অন্ত্ৰত বাধা উৎপন্ন হয়৷ গতিকে কাৰোবাৰ যদি আগৰেপৰা পেটৰ এনে সমস্যা আছে তেন্তে তেওঁলোকে তিচি গ্ৰহন কৰা উচিত নহয়৷

Scleroderma ৰোগীয়ে তিচি গ্ৰহন কৰা উচিত নহয়-

বিশেষভাৱে Scleroderma ৰোগীয়ে তিচি গ্ৰহন কৰা উচিত নহয়৷ কিয়নো তেওঁলোকৰ ভয়ানকভাৱে কোষ্ঠকাঠিন্য হব পাৰে৷ তথাপি জনা যায় যে তিচি তেল   Scleroderma ৰোগীৰ বাবে ব্যৱহাৰ কৰা হয়৷

এলাৰ্জী : অত্যাধিক তিচি বীজ খোৱা ফলত এলাৰ্জী হব পাৰে ৷ প্ৰয়োজনতকৈ বেছি তিচি খালে স্বাস প্ৰশ্বাসত সমস্যা, নিম্ন ব্লাড প্ৰেচাৰ আদি হব পাৰে ৷

তদুপৰি পেটত বিষ,বমি আদি হব পাৰে৷

যদি প্ৰেগনেণ্ট হব বিচাৰিছে তিচি বীজ নাখাব-

কাৰন, তিচি বীজে এষ্ট্ৰজেন দৰে কাম কৰে গতিকে যিসকল মহিলাই প্ৰতিদিনে তিচে বীজ গ্ৰহন কৰে তেওঁলোকৰ পিৰিয়ডচ চাৰ্কলচত সাল সলনি হব পাৰে৷ ইয়াৰ উপৰি যিসকল মহিলা PCOD (Polycystic Ovary Syndrome), uterine fibroids, uterine cancer আৰু  ovary cancer দ্বাৰা গ্ৰসিত  তেওঁলোকে তিচি বীজ গ্ৰহন কৰাত সাৱধানতা অৱলম্বন কৰা উচিত৷ মহিলাসকলে অধিক মাত্ৰাত গ্ৰহন কৰা উচিত নহয় ৷

প্ৰেগনেন্সি সময়ত অসুৰক্ষিত (Is It Safe To Eat Flax Seeds During Pregnancy)

-যিহেতু তিচি বীজত এষ্ট্ৰজেনৰ দৰে গুন আছে গতিকে পিৰিয়ডচ হোৱাৰ সম্ভাৱনা থাকে ৷ গতিকে গৰ্ভৱতী মহিলাৰ বাবে তিচি বীজ সুৰক্ষিত নহয় ৷

উপৰোক্ত কথাখিনিৰপৰা আপোনালোক নিশ্চয় উপকৃত হল বুলি আশা কৰিলো ৷ ধন্যবাদ ৷


Spread the love

Mitali Saikia

Mrs. Mitali Saikia is the founder, Author of Fitassam. Around 85% of the content lives on this website is written and created by Mitali Saikia. Mitali Saikia has been working as a freelance writer on health, parenting, self-improvement, etc. In Dec 2019, She has founded the Fitassam website to help other practitioners of alternative medicine, authors, and people by sharing his knowledge, expertise, and clinical experience.

Leave a Reply

Your email address will not be published. Required fields are marked *