পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese
পচতীয়া পেশী শিথিলতা, বিষ উপশম কৰা, উদ্বেগ আৰু হাঁপানি পৰা মুক্তি দিয়াত বহু ভাল আয়ুর্বেদীক ঔষধি। এই গছৰ বিভিন্ন অংশ বিভিন্ন স্বাস্থ্যসম্বন্ধীয় সমস্যাৰ বাবে প্রাকৃতিক প্রতিকাৰ হিচাবে আয়ুর্বেদত ব্যাপকভাবে ব্যৱহৃত হৈ আহিছে৷ সাধাৰণতে পচতীয়া বিষ নিৰাময়ৰ বাবে অন্যতম হিচাবে জনপ্ৰিয়৷ আৰু অসমৰ প্ৰতিখন ঘৰতে দেখিবলৈ পোৱা যায়৷
পচতীয়াৰ ইংৰাজী নাম- Chaste tree, Chasteberry, Abraham’s balm, lilac chaste tree, monk’s pepper, five leaves castus .
পচতীয়াৰ উপকাৰিতা-Pochotia Benefits-Pochotia upakarita
পচতীয়াৰ ব্যৱহাৰ চুলিৰ বাবে- Pochotia for hair in Assamese- Pochotia byabahar sulir babe
![]() |
পচতীয়াৰ ব্যৱহাৰ চুলিৰ বাবে- Pochotia for hair in Assamese |
পচতীয়াৰ ব্যৱহাৰ কৰি বাত বিষ বা আৰ্থাৰাইটিছ নিৰাময় কৰক- Pochotia for Arthritis in Assamese- Arthritis ar babe Pochotia byabahar karak
![]() |
পচতীয়াৰ ব্যৱহাৰ কৰি বাত বিষ বা আৰ্থাৰাইটিছ নিৰাময় কৰক- Pochotia for Arthritis in Assamese |
- অলপ উষ্ণতাত পচতীয়াৰ পাতৰ পৰা উলোৱা তেল গৰম কৰি সেই তেলেৰে মালিচ কৰিলে বাতজনিত (rheumatoid arthritis) বিষৰপৰা আৰাম পোৱা যায়।
- প্রতিদিনে ৰাতিপুৱা আৰু সন্ধ্যা পচতীয়া পাতৰ কাঢ়া বা ৰস সেৱন কৰিলে চায়াটিকা(Sciatica) ৰোগ নিৰাময় কৰিব পৰা যায়।
পচতীয়া মূৰবিষৰ বাবে উপকাৰী- Pochotia for Migraine Headache in Assamese- Pochotia Murbixar babe upakari
![]() |
পচতীয়া মূৰবিষৰ বাবে উপকাৰী- Pochotia for Migraine Headache in Assamese |
- পচতীয়াৰ পাত লওক আৰু পানীৰ লগত পিচি এক পেষ্ট তৈয়াৰ কৰি লওক৷ এতিয়া এই পেষ্ট কপালত লগাওক৷
- পচতীয়াৰ শুকান পাতৰ ধোৱা শুঙক, ইয়াৰ ফলত তাৎক্ষণিকভাৱে আপুনি আৰাম পাব৷
- ইয়াৰ উপৰি, পচতীয়াৰ সতেজ পাতৰ ৰস উলিয়াই কুহুমীয়া গৰম কৰি 2-2 টোপাল কানত দিলে মাইগ্ৰেনৰ (Migraine) বিষ নিৰ্মূল হয়৷
পচতীয়া এক অভূতপূৰ্ব মস্তিষ্কৰ টনিক হিচাবেও কাম কৰে আৰু স্মৃতিশক্তি বঢ়োৱাত সহায়তা কৰে।
পচতীয়া গৰ্ভধাৰণৰ বাবে লাভদায়ক- Pochotia for Fertility in Assamese- Pochotia garbhadharanar babe
![]() |
পচতীয়া গৰ্ভধাৰণৰ বাবে লাভদায়ক- Pochotia for Fertility in Assamese |
গৱেষণাত দেখা গৈছে যে এই ভেষজৰ 200 মিলিগ্রাম বিভিন্ন বন্ধ্যাত্বজনিত সমস্যাত ভুক্তভুগী মহিলায়ে ব্যৱহাৰ কৰিব পাৰে৷ বন্ধ্যাত্বত ভুক্তভুগী মহিলাৰ দ্বাৰা ছয় মাহৰ বাবে পচতীয়াৰ ব্যৱহাৰে ইতিবাচক ফলাফল পোৱা গৈছে।
- 10 গ্রাম পচতীয়া 100 মিলিলিটাৰ পানীত গোটেই ৰাতি তিয়াই ৰাখক৷ ৰাতিপুৱা পানীখিনি উতলাওক৷ যেতিয়া এক চতুৰ্থাংশ হব তেতিয়া পানীখিনি চেকি লওক৷ তাৰপিছত এই পানীত 10 গ্ৰাম গখৰু (Gakhru) মিহলাই লওক৷ এই মিশ্ৰন মাহেকীয়া শেষ হোৱাৰ পিছদিনাৰপৰা এক সপ্তাহলৈ সেৱন কৰিলে মহিলাগৰাকীক গৰ্ভধাৰণৰ বাবে যোগ্য কৰি তোলে৷
পচতীয়া জ্বৰৰ বাবে উপকাৰী- Pochotia for Fever in Assamese- Pochotia jarar babe upakari
![]() |
পচতীয়া জ্বৰৰ বাবে উপকাৰী- Pochotia for Fever in Assamese |
- 2 গিলাচ পানীত পচতীয়া পাত 15 মিনিটৰ বাবে উতলাওক৷ পানীখিনি চেকি লওক আৰু তিনি ভাগত ভাগ কৰক৷ 4 ঘন্টাৰ অন্তৰালত এদিনত তিনিবাৰ সেৱন কৰক৷
- পচতীয়াৰ 20 গ্ৰাম পাত 400 মিলিলিটাৰ পানীত উতলাওক৷ যেতিয়া 100 মিলিলিটাৰ পানী বাকী থাকিব তেতিয়া পানীখিনি চেকি লওক৷ এই পানীত 2 গ্ৰাম পিপল পাউদাৰ(long pepper powder) মিহলাই লওক৷ এই মিশ্ৰন ৰাতিপুৱা-গধূলি 10-20 মিলিলিটাৰকৈ ৰোগীক সেৱন কৰিব দিয়ক৷ ইয়াৰফলত, জ্বৰ আৰু দুৰ্বলতা অতি সোনকালে নাইকিয়া হয়৷
পচতীয়াৰ ব্যৱহাৰ ক্ষত বা ঘা আদিৰ বাবে উপকাৰী- Pochotia for wound healing in Assamese
![]() |
পচতীয়াৰ ব্যৱহাৰ ক্ষত বা ঘা আদিৰ বাবে উপকাৰী- Pochotia for wound healing in Assamese |
পচতীয়াৰ এন্টিবেক্টেৰিয়েল আৰু ইনফ্লেমেটৰি গুনৰ বাবে ই সকলো ধৰনৰ ক্ষত, ফুলি উঠা, ৰঙা পৰা ইত্যাদি আঘাতৰ বাবে উপকাৰী ৷ পচতীয়া পাতৰ দ্বাৰা তৈয়াৰ কৰা তেল লগালে পুৰনাতকৈ পুৰনা ক্ষত নিৰাময় হয়৷
- পচতীয়া পাত পিচি পেষ্ট তৈয়াৰ কৰি লওক৷ এই পেষ্ট আঘাতপ্ৰাপ্ত স্হানত লেপ দিয়ক নতুবা বেণ্ডেজেৰে বান্ধি দিয়ক৷ এনেদৰে অতি সোনকালে ক্ষতস্থান নিৰাময় হয়৷
- ইয়াৰ উপৰি, পচতীয়া পাত উতলাই লওক ৷ তাৰপিছত চেকি লৈ সেই পানীৰে ক্ষতস্থান ধোৱক৷
ইয়াৰ তীব্ৰ গোন্ধৰ বাবে পচতীয়া তেল গাত ঘহিলেও মহৰ প্ৰকোপৰ পৰাও বাচিব পৰা যায়৷
পচতীয়া চালৰ বাবে উপকাৰী- Pochotia for skin in Assamese- Pochotia salar babe upakari
![]() |
পচতীয়া চালৰ বাবে উপকাৰী- Pochotia for skin in Assamese |
বহু মহিলাৰ মাহেকীয়া সময়ত মুখত গুটি বা পিম্পল উঠা দেখা যায়৷ অধ্যয়ন অনুসৰি, পচতীয়াই মাহেকীয়া সময়ৰ পিম্পলসহজভাৱে নিৰ্মূল কৰিবৰ বাবে উপযোগী৷ ইয়াৰ উপৰি, পচতীয়াৰ সেৱনৰ ফলত চালৰ উজ্জ্বলতা বাঢ়িব ধৰে৷
পচতীয়াই উখহা, ৰঙাপৰা আদি হ্ৰাস কৰে- Pochotia for Inflammation in Assamese
![]() |
পচতীয়াই উখহা, ৰঙাপৰা আদি হ্ৰাস কৰে- Pochotia for Inflammation in Assamese |
পচতীয়া ভিটামিন চি(Vitamin C) ৰে পৰিপূৰ্ণ৷ প্ৰকৃতিৰ পৰা পোৱা সকলোতকৈ ভাল প্ৰাকৃতিক এন্টিবায়টিক আৰু ইনফ্লেমেটৰি গুনাগুনেৰে পুষ্ট হৈছে পচতীয়া৷
- পচতীয়াৰ পাতৰ ৰস 10 ৰপৰা 20 মিলিলিটাৰ ৰাতিপুৱা-গধূলি সেৱন কৰিলে heart inflammation ত সহায় কৰে৷
- পচতীয়াৰ শিপা চোবালে বা ইয়াৰ ৰসেৰে কুলকুলি কৰিলে টনচিলাইটিচ (Tonsillitis) নিৰাময় হয়৷
পচতীয়াৰ ব্যৱহাৰ পাচন সমস্যাৰ বাবে- Pochotia for digestion in Assamese- Pochotia labh Digestion ar karane
![]() |
পচতীয়াৰ ব্যৱহাৰ পাচন সমস্যাৰ বাবে- Pochotia for digestion in Assamese- Pochotia labh Digestion ar karane |
পচতীয়া পাচনতন্ত্ৰক মজবুত কৰাত আৰু ইয়াৰ কাৰ্যপ্ৰনালী বৃদ্ধি কৰাৰ বাবে ব্যৱহাৰ হয়৷ ই হজম উন্নতিত সহায়তা কৰি আৰু ক্ষুধা বৃদ্ধি কৰে৷ পচতীয়া কৃমিনাশক হিচাবেও কাম কৰে আৰু পেট চাফা কৰাত সহায় কৰে৷
- পচতীয়া পাতৰ 10 মিলিলিটাৰ ৰস 2 টা পিচি লোৱা জালুক আৰু আজোৱাইন লগত মিহলাই ৰাতিপুৱা-গধূলি সেৱন কৰিলে পাচন সমস্যা নিৰাময় হয়৷
পচতীয়া পাতে কফ-কাহ হ্ৰাস কৰাত সহায় কৰে-Pochotia for cough in Assamese- Pochotia kah-kaphar babe
![]() |
পচতীয়া পাতে কফ-কাহ হ্ৰাস কৰাত সহায় কৰে-Pochotia for cough in Assamese- Pochotia kah-kaphar babe |
পচতীয়া পাতেৰে তৈয়াৰ কৰা হাৰ্বেল চাহ শ্বাসযন্ত্ৰত জমা হোৱা কফ হ্ৰাস কৰাত কাৰ্যকৰী৷ ইয়াৰ উপৰি, কফেৰে ভৰি থকা মাৰ্গ পৰিস্কাৰ কৰি বায়ু চলাচল হোৱাত সুবিধা কৰি দিয়ে৷
- পচতীয়া পাতৰ ৰস কম জুইত উতলাই গাঢ় কৰি লওক৷ এই মিশ্ৰনক 7 দিনৰবাবে একেৰাহে ললে কাহ, হাপানি, নিউমোনিয়া, আৰু ব্রঙ্কাইটিস আদি ৰোগৰ উপশম হয়৷
- 12 ৰপৰা 14 মিলিলিটাৰ4 পচতীয়া পাতৰ ৰস বিশুদ্ধ গাখীৰৰ লগত দিনত দুবাৰ ললে কাহ ভাল হয় যায়৷
পচতীয়াৰ অন্য উপকাৰ- Other benefits of Pochotia- Pochotia anya upakar
পচতীয়া এক অভূতপূৰ্ব মস্তিষ্কৰ টনিক হিচাবেও কাম কৰে আৰু স্মৃতিশক্তি বঢ়োৱাত সহায়তা কৰে।
পচতীয়াৰ পাৰ্শ্বক্ৰিয়া- Pochotia Side effects- Pochotiar Parshakriya
- পিত্ত(গৰম) প্ৰকৃতিৰ ব্যক্তিয়ে পচতীয়া সেৱনৰ বাচি থকা ভাল৷
- পচতীয়াৰ অধিক মাত্ৰাত সেৱনৰ ফলত মূৰ বিষ, জ্বলন বা কিডনীত বেয়া প্ৰভাৱ পৰিব পাৰে৷
- আপুনি বাহ্যিকভাবে দীঘলীয়া সময়ৰ বাবে পচতীয়া সেৱন কৰিব পাৰে, কিন্ত্ত নস্য(Nasya) চিকিৎসাৰ বাবে পচতীয়া এক মাহতকৈ অধিক সেৱন কৰিব নালাগে৷
প্ৰকৃতাৰ্থক পচতীয়া গছৰ পাত যেনেদৰেে খালেও স্বাস্থ্যৰ পক্ষে উপকাৰী৷ সেয়া লাগিলে আঞ্জা, চাটনি বাা তাৰ ৰস উলিয়াই যেনেকৈ খালেও তাৰ গুনাগুন কমি নাযায়৷
উপৰোক্ত তথ্যসমূহ আগবঢ়াইছে
DR.Laxmidutta Shukla, আয়ুৰ্বেদ
এটি অনুৰোধ যদিহে মোৰ লিখনিসমূহে কিঞ্চিত মাত্ৰ হলেও আপোনালোক উপকৃত হৈছে লিখনিটোৰ শেষলৈ থকা subscribe option তোত নিজৰ email id দি subscribe কৰিলে অতিকৈ সুখী হম আৰু আগন্তুক দিনলৈ ন ন লিখনি লৈ আহিবলৈ উৎসাহিত হম ৷ ধন্যবাদ৷