প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু ঘৰুৱা প্ৰতিকাৰ- Home Remedies For Urine Infection In Assamese
ইউটিআই মূত্ৰমাৰ্গৰ যি কোনো স্থানতে হব পাৰে। মূত্ৰমাৰ্গ মানে কিডনী, মূত্ৰবাহিনী(Ureters), মূত্ৰাশয়(bladder)আৰু মূত্ৰমাৰ্গ(urethra) আদি সকলোতে হব পাৰে৷ নিম্ন ইউটিআইত (lower tract UTI) মূত্ৰাশয় আৰু মূত্ৰমাৰ্গ তথা ওপৰৰ অংশৰ কিডনী আৰু মূত্ৰবাহিনী আক্ৰান্ত হব পাৰে। নিম্ন ইউটিআইত মূত্ৰনলীৰ সংক্ৰমণ অতি সাধাৰণ আৰু গুৰুতৰ হব পাৰে৷
সৰু লৰা ছোৱালীৰ তুলনাত প্ৰাপ্তবয়স্কৰ মাজত প্ৰস্ৰাৱৰ সংক্ৰমণ বেছি হয়। পুৰুষৰ তুলনাত মহিলাৰ মাজত এই সংক্ৰমণ বেছি দেখা যায়। ইয়াৰ কোনো প্ৰত্যক্ষ কাৰণ নাই যদিও জননাংগৰ গঠন (মূত্ৰমাৰ্গ আকাৰত সৰু হোৱা) ইয়াৰ বাবে কিছুপৰিমাণে দায়ী।
প্ৰায় 40% মহিলা আৰু 12% পুৰুষৰ জীৱনকালত কেতিয়াবা নহয় কেতিয়াবা মূত্ৰনলীৰ সংক্ৰমণ হয়।
নিম্ন মূত্ৰনলীৰ সংক্ৰমণৰ (lower tract UTI) লক্ষণসমূহ, সংক্ৰমণৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে৷ যেনে-
- মূত্ৰাশয় সংক্ৰমণ (Bladder infection) হলে , মূত্ৰনলী আৰু মূত্ৰাশয় আস্তৰণ ফুলি (inflammation) যাব পাৰে ,
- প্ৰস্ৰাৱৰ সময়ত বিষ বা জ্বলন সংবেদন [Dysuria],
-
ঘনাই প্ৰস্ৰাৱ কৰা,
- ৰাতি প্ৰস্ৰাৱ ঘনাই হোৱা (Noctuiia),
- খুব কম পৰিমাণে প্ৰস্ৰাৱ কৰা,
- তাৎক্ষণিক প্ৰস্ৰাৱ হোৱাৰ ভয় লাগি থকা,
- দুৰ্গন্ধযুক্ত আৰু প্ৰস্ৰাৱত ৰক্ত যোৱা,
- পেটৰ তলপেটত বা পেল্ভিচ (pelvis) ত বিষ,
- পাতল জ্বৰ (101 ফাৰেনহাইটৰ কম), চৰ্দি আৰু অসুস্থ অনুভৱ কৰা।
ওপৰৰ অংশৰ মূত্ৰনলীৰ সংক্ৰমণত নিম্নলিখিত বৈশিষ্ট্যসমূহ দেখায় (ইউৰেটাৰ আৰু কিডনিত সংক্ৰমণ):
- উচ্চ জ্বৰ (101 ৰ বেচি ফাৰেনহাইট),
- ঠাণ্ডাত কঁপকঁপনি উঠা,
- বমি বমি ভাব
- Flank pain- ই পেটৰ উপৰৰ অংশ আৰু শৰীৰৰ একফালে আৰু পিঠিৰ মাজঅংশত হোৱা বিষ হয়৷
এইসমূহৰ উপৰিও অন্য লক্ষণেও মূত্ৰনলীৰ সংক্ৰমণৰ ইঙ্গিত দিব পাৰে৷ যেনে:
- সৰু লৰা-ছোৱালীৰ জ্বৰ,জন্ডিস, বমি বমিভাব, ডায়ৰিয়া আৰু খিঙখিঙীয়া দৰে লক্ষণ হব পাৰে।
- বয়স্কসকলৰ জ্বৰ বা হাইপোথাৰ্মিয়া, ক্ষুধা হ্ৰাস, অলসতা আৰু মেজাজৰ পৰিবৰ্তন ইত্যাদি৷
- গৰ্ভৱতী মহিলাসকলৰ ইউটিআইত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে। যদি কোনো মহিলা গৰ্ভৱতী হৈ আছে তেন্তে কেচুৱা জন্ম হোৱাৰ আগে তেওঁৰ প্ৰস্ৰাৱৰ পৰীক্ষা কৰা উচিত (Prenatal visits) ৷ কাৰণ যদি সংক্ৰমণৰ চিনাক্ত কৰা নহয় তেন্তে ই গৰ্ভাৱস্থাত জটিলতা সৃষ্টি কৰিব পাৰে।
- মূত্ৰনলীৰ সংক্ৰমণ কেতিয়াবা কেতিয়াবা যৌন সংঞ্চাৰিত (Sexually transmitted disease) ৰোগ হব পাৰে। অৱশ্যে কিছু লোকৰ মূত্ৰনলীৰ সংক্ৰমণৰ কোনো লক্ষণ দেখায় নিদিয়ে।
ইউটিআই সংক্ৰমণ নিম্নলিখিত কাৰণৰ ফলত হব পাৰে:
■ মহিলাসকলৰ সংক্ৰমণ হোৱাৰ সকলোতকৈ ডাঙৰ কাৰন হৈছে পশ্চিমীয়া টয়লেটৰ (western style toilet) ৰ ব্যৱহাৰ৷ লগতে অপৰিস্কাৰ শৌচালয় ব্যৱহাৰ কৰাও অন্য এক কাৰন৷
■ সহবাস (বিশেষকৈ যদি বহুবাৰ বা বহুজন লোকৰ লগত কৰা হয়),
■ মধুমেহ (ডায়বেটিচ),
■ অপৰিষ্কাৰভাৱে থকাৰ অভ্যাস,
■ বহু দেৰিলৈকে প্ৰস্ৰাৱ ৰাখি থোৱা কাৰনে,
■ পেট চলা (Bowel incontinence),
■ প্ৰস্ৰাৱ অৱৰুদ্ধ কৰি ৰখা,
■ পাথৰ হোৱা,
■ গৰ্ভনিৰোধক ব্যবহাৰ
■ গৰ্ভাৱস্থা,
■ মেনোপজ,
■ দুৰ্বল প্ৰতিৰোধ ক্ষমতা,
■ শুক্ৰাণুনাশক (Spermicides) আৰু টেম্পনৰ ব্যৱহাৰ,
■ এন্টিবায়োটিকৰ অতিৰিক্ত ব্যৱহাৰ
আৰু পঢ়কঃ হাৰ্টৰ সমস্যা,ৰক্তচাপ, মূত্ৰবিকাৰ, হাঁপানী আদি একাধিক ৰোগৰ মহৌষধ অৰ্জুনাৰিষ্ঠ- Arjunarishta: Benefits, Uses, Ingredients, Dosage and Side Effects
- ইলাচী: মূত্ৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে- Cardamom: Home Remedies for Urine Infection Treatment in Assamese
- দুপৰটেঙা: প্ৰস্ৰাৱৰ সমস্যা প্ৰতিৰোধ কৰিবৰ বাবে অত্যন্ত উপকাৰী – Dupertenga:Home Remedy to Treat Urine Infection in Assamese
![]() |
দুপৰটেঙা |
- নাৰিকল: প্ৰস্ৰাৱৰ সংক্ৰমণৰ চিকিৎসাৰ ঘৰুয়া উপায়-Coconut: Home Remedy to Treat Urine Infection in Assamese
নাৰিকল পানী পান কৰক৷ ই প্ৰস্ৰাৱৰ সময়ত মূত্ৰনলীৰ সংক্ৰমণৰ লক্ষণসমূহৰ পৰা মুক্তি দিয়ে৷ ই পেট ঠান্ডা কৰাতো কাম কৰে।
- চাউল: মূত্ৰ সংক্ৰমণৰ চিকিৎসাৰ বাবে ঘৰুৱা প্ৰতিকাৰ-Rice: Home Remedy for Urine Infection Treatment in Assamese
- বাদাম: বাদামৰ ঔষধীয় বৈশিষ্ট্যসমূহে মূত্ৰনলীৰ সংক্ৰমণৰ চিকিৎসা কৰে- Almond: Home Remedy for Urine Infection Treatment in Assamese
- আমলখী: আমলখীৰ ঔষধীয় বৈশিষ্ট্যসমূহে মূত্ৰনলীৰ সংক্ৰমণৰ চিকিৎসা কৰে- Amla: Home Remedy for Urine Infection Treatment in Assamese
এক চামুচ আমলখীৰ গুঁড়িত দুই তিনিটা ইলাচী মিহলাই পিচি লওক৷ ইয়াক পানীৰে সৈতে সেৱন কৰক৷
- আদা আৰু ক’লা তিল মূত্ৰ সংক্ৰমণৰ বাবে ঘৰুৱা প্ৰতিকাৰ-Ginger and Black Mole: Home Remedies for Urine Infection in Assamese
- আপেল চাইদৰ ভিনেগাৰ ব্যৱহাৰ কৰি মূত্ৰথলিৰ সংক্ৰমণৰ ঘৰুৱা প্ৰতিকাৰ- Apple vinegar and Honey: Home Remedies to Treat Urine Infection in Assamese
এক গ্লাচ কুহুমীয়া গৰম পানীত দুই চামুচ আপেল ভিনেগাৰ আৰু এক চা চামুচ মৌ মিহলাই পান কৰক। মূত্ৰনলীৰ সংক্ৰমণ থাকিলে নিৰাময় হব৷
- বেকিং চ’দাৰ ব্যৱহাৰ প্ৰস্ৰাৱৰ সংক্ৰমণত – Baking soda: Home Remedies to Cure Urine Infection in Assamese
- প্ৰতিদিনে দৈ খাওক,
- প্ৰচুৰ পৰিমাণে পানী খাওক৷ প্ৰায়ে দিনটোত 8- 10 গিলাচ পানী খোৱাৰ চেষ্টা কৰক৷
- টেঙাজাতীয় ফল বেছি খাওক। কমলা, মৌচুম্বী, আনাৰস ইত্যাদি,
- তৰমুজ, আপেল, ডালিম, ক্ৰেনবেৰী আৰু ৰসাল ঠাণ্ডা ফল সেৱন কৰক৷
- গাখীৰৰপৰা তৈয়াৰ কৰা লচ্চী বা চাঁচত কিছুপৰিমাণে ইলাচী পাউদাৰ মিহলাই পান কৰিলে উপকাৰী৷
আৰু পঢ়কঃ আপুনি জানেনে গ্ৰীন টি খোৱাৰ সঠিক সময় কেতিয়া?- Best Time To Drink Green Tea in Assamese
মূত্ৰনলীৰ সংক্ৰমণত আপোনাৰ জীৱনশৈলী-
- জননাংগ পৰিস্কাৰ কৰি ৰাখিব৷
- শৌচ আৰু মূত্ৰ ত্যাগ কৰাৰ পিছত সদায় জননাংগ ধুব লাগে৷
- মহিলাসকলে মাহেকীয়া সময়ত বিশেষভাৱে মনোযোগ দিয়া উচিত৷
- ব্যক্তিগত স্বচ্ছতাৰ ওপৰত বিশেষভাৱে ধ্যান ৰাখক৷
- বহুত দেৰিলৈকে প্ৰস্ৰাৱৰ বেগ ধৰি নাৰাখিব৷ ইয়াৰ ফলত মূত্ৰাশয়ত বেক্টেৰিয়া সংক্ৰমন হবলৈ সুবিধা পায়৷
মূত্ৰনলীৰ সংক্ৰমণৰ সময়ত কি কি পৰিহাৰ কৰিব – Avoid These During Urine Infection in Assamese
- সংক্ৰমনৰ সময়ত চেনিৰে তৈয়াৰী খাদ্য আৰু মিঠা বস্তুৰ সেৱন একেবাৰে নকৰিব৷ মিঠা পদাৰ্থয়ে মূত্ৰমাৰ্গত বেক্টেৰিয়া বৃদ্ধিত সহায়তা কৰে৷
- ফলৰ ৰস প্ৰচুৰ পৰিমানে খাব পাৰিলে ভাল কিন্তু তাত চেনিৰ ব্যৱহাৰ নকৰিব৷
- কেক, কুকিজ, কাৰ্বনেটেড, ড্ৰিংকচ আৰু চেনীৰে তৈয়াৰী পদাৰ্থ সেৱন কৰিব নালাগে৷
- কফি সেৱন নকৰিব৷ ইয়াৰ ফলত জ্বলনৰ প্ৰভাৱ বৃদ্ধি পায়৷
- মাদকদ্ৰব্য আৰু কেফেইনৰ পৰা যিমান পাৰে আঁতৰি থাকিবলৈ যত্ন কৰক৷
https://www.instagram.com/fitassam?r=nametag