স্মৃতিশক্তি হ্ৰাস হব ধৰিছে নেকি? alzheimer’s-আলঝেইমাৰ্ছ ৰোগ আৰু সাৱধানতা…

Spread the love

মানুহৰ জন্মৰ পিছৰে পৰা মগজুৰ দ্ৰুতগতিত বিকাশ ঘটি থাকে। আলঝেইমাৰ ৰোগো জড়িত হৈ আছে মগজুৰ সৈতেই। মানুহৰ বৃদ্ধ অৱস্থাত মগজুৰ সুক্ষ্ম স্নায়ু কোষ নিউৰণবিলাক স্বাভাৱিক অৱস্হাতকৈ বেছি খৰতকীয়াকৈ নষ্ট হৈ মগজু শুকাই যোৱাৰ ফলত এই স্মৃতিভ্ৰংশ ৰোগ হয়৷ বয়োজ্যেষ্ঠ লোকসকলৰ মাজত ব্যাপকভাৱে দেখা দিয়া আলঝেইমাৰ্ছ ৰোগতো ডিমেনছিয়া ৰোগৰে এটি সাধাৰণ ৰৃপ ৷ 

এক কথাত ক’বলৈ গ’লে মানুহ এজনৰ স্মৃতি শক্তি এই ৰোগে আংশিকভাৱে অথবা বহু সময়ত সম্পূৰ্ণৰূপে নোহোৱা কৰি তোলে।

আলঝেইমাৰ্ছ কিয় হয়? WHAT CAUSES ALZHEIMER’S?

বংশগত কাৰনত

কোনো জটিল ৰোগৰ বাবে দীৰ্ঘদিনধৰি ৰাসায়নিক  ঔষধ গ্ৰহন

দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপত ভুগি থাকিলে

মূৰত আঘাত পালে

মগজুৰ ষ্ট্ৰোক হলে

মগজুত টিউমাৰ হলে

দীৰ্ঘদিনধৰি বহুমূত্ৰ ৰোগত ভুগিলে

অধিক মানসিক চাপত ভুগি থাকিলে

খিংখিঙীয়া স্বভাৱ

অনবৰতে মানসিক উত্তেজনাত থাকিলে

ৰাগিয়াল দ্ৰব্য সেৱন

মূৰত আঘাত ইত্যাদি

আলঝেইমাৰ ৰোগৰ লক্ষণ অতি ধীৰ গতিত প্ৰকাশ পায়। প্ৰথম অৱস্থাত এই ৰোগত যে মানুহ এজন আক্ৰান্ত হৈছে, সেই কথা আনে সহজে ধৰিব নোৱাৰে। কিন্তু সময় বাগৰাৰ লগে লগে আলঝেইমাৰ ৰোগীৰ ক্ষেত্ৰত ৰোগবিধৰ লক্ষণসমূহ ভালদৰে পৰিস্ফূত হ’বলৈ ধৰে। তেতিয়াই প্ৰয়োজন হৈ পৰে ৰোগীজনক চিকিৎসকৰ কাষলৈ নিয়াৰ। আলঝেইমাৰ ৰোগী এজন যেতিয়া ৰোগবিধত বেয়াকৈ আক্ৰান্ত হয়, তেতিয়া তেওঁৰ স্মৃতিশক্তি ইমানেই বেছি হ্ৰাস পায় যে তেওঁ সাধাৰণ কথাসমূহো মুহূৰ্তৰ ভিতৰতে পাহৰি যায়।

আলঝেইমাৰ ৰোগীৰ লক্ষণ-ALZHEIMER’S SYMPTOMS

আলঝাইমাৰ ৰোগীৰ ক্ষেত্ৰত দেখা দিয়া কেইটামান সাধাৰণ লক্ষণ এনেধৰণৰ-

⦿ একেটা প্ৰশ্নকেই বাৰে বাৰে কৰি থকা অথবা একেখিনি কথাকেই বাৰে বাৰে কৈ থাকে।

⦿ নিজৰ দৈনন্দিন ব্যৱহাৰ্য সামগ্ৰীসমূহ ক’ৰবাত থৈ আন ক’ৰবাত বিচাৰি থকা।

⦿ মানুহ চিনাক্ত কৰাত অসুবিধা হোৱা, আনকি ঘৰৰ মানুহকো।

⦿ বাট-পথ আদি চিনাক্ত কৰাত অসুবিধা হোৱা।

⦿ হিচাপ-নিকাচ কৰাত অসমৰ্থ হোৱা। একেখিনি কথাকেই বাৰে বাৰে হিচাপ কৰি থকা।

⦿ কোনো বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ অসমৰ্থ হোৱা।

⦿ কোনো কাম এটা কিদৰে কৰিব, সেই বিষয়ে তাৎক্ষণিকভাৱে কোনো ধৰণৰ সিদ্ধান্ত ল’লেও লগে লগে পাহৰি যায়।

⦿ নিজৰ নাম অথবা পৰিয়ালৰ আনকি নিজৰ সন্তানৰ নামো পাহৰি যায়।

⦿ দৃষ্টি শক্তি হ্ৰাস পোৱা।

⦿ অতি গুৰুতৰ অৱস্থাত নিজৰ কাপোৰ নিজে পিন্ধিব নোৱাৰা হোৱা।

⦿ কথা কোৱাত অসুবিধা পোৱা, কিতাপ-পত্ৰ পঢ়া অথবা লিখাৰ ক্ষেত্ৰত অসুবিধা পোৱা। কেতিয়াবা সাধাৰণ শব্দ একোটা মনত পেলাই লিখাৰ ক্ষেত্ৰতো অসমৰ্থ হোৱা।

⦿ কথা কৈ থাকোতে সাধাৰণ শব্দ এটা পাহৰি গৈ মাজতে ৰৈ যোৱা।

⦿ ব্যক্তিত্ব আৰু আচৰণৰ ক্ষেত্ৰত পৰিৱবৰ্তন অহা। উদাহৰণ স্বৰূপে সততে মানসিক অৱস্থাৰ পৰিৱৰ্তন ঘটা, হঠাতে উত্তেজিত হোৱা অথবা হঠাতে আনৰ প্ৰতি অধিক সহানুভূতিশীল হৈ পৰা, কোনো বিষয়ত হঠাতে অধিক গুৰুত্ব দিয়া অথবা মুঠেও গুৰুত্ব নিদিয়া আদি।

এনেবোৰ লক্ষণ আলঝেইমাৰ ৰোগৰ প্ৰাথমিক লক্ষণ।

আলঝেইমাৰ ৰোগত আক্ৰান্ত ৰোগী এজনে সাতটা স্তৰ (alzheimer’s disease stages) অতিক্ৰম কৰাৰ পিছত অন্তিম স্তৰত উপনীত হয়। এই সময়ছোৱাত ৰোগীৰ ক্ষেত্ৰত চিকিৎসাই কোনো কাম নিদিয়া হৈ পৰে। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল আমাৰ মগজুৰ কোষসমূহৰ স্ব-মেৰামতি অথবা স্ব-নিৰাময়ৰ কোনো উপায় নাই।

কোষবোৰ যদি ধ্বংসপ্ৰাপ্ত হ’বলৈ ধৰে, তেন্তে মগজুত নতুনকৈ সেই কোষৰ সৃষ্টি নহয়। সেইবাবেই আলঝেইমাৰ ৰোগত আক্ৰান্ত ৰোগীৰ কোষবোৰ লাহে লাহে ভাগি গৈ থকাৰ ফলত ৰোগীত অৱস্থা ক্ৰমাৎ বেয়াৰ দিশলৈ ঢাল খায়। এইক্ষেত্ৰত অন্তিম অৱস্থাত সেয়ে কোনোধৰণৰ চিকিৎসাই কাম নিদিয়া হৈ পৰে।

কিন্তু প্ৰাৰম্ভিক অৱস্থাৰপৰাই এই ৰোগ নহবৰ বাবে যত্নপৰ হলে কোষসমুহ সক্ৰিয় হৈ থকাতো সম্ভৱ আৰু বৃদ্ধবয়সত কোনোধৰণৰ জটিলতাই লগ নিদিয়ে ৷

কি কৰিব /কি নকৰিব

• অতিকৈ জৰুৰী বিষয়তো হৈছে দৈনিক আধা ঘন্টা বিজ্ঞানসন্মত ব্যায়াম বা যোগ অনুশীলন কৰা ৷ ফলত ৰক্ত সঞ্চালন বৃদ্ধি হৈ কোষসমূহ সক্ৰিয় হোৱাত সহায় কৰিব বা কোষ ধ্বংসৰ হাৰ কমিব ৷

• ভক্তি যোগ মাৰ্গেৰে আধ্যাত্মিক সাধনা কৰিলে মনলৈ প্ৰশান্তি আহে , যি মগজুৰ কোষবিলাকক জিৰনি দিয়ে ৷ 

• অধ্যয়ন তথা সামাজিক কামত ব্যস্ত থকাৰ চেষ্টা কৰক ৷

• সৰু সৰু খেল দবা ,কেৰম আদি খেলক 

• সৰু -সুৰা ঘৰুৱা কাম কৰক,সুষম আহাৰ খাওক,ভ্ৰমণ বিলাসিতা কৰক, খং ,ৰাগ ,দুশ্চিন্তা, হতাশা অধিক আবেগিকতা পৰা মুক্ত হব যত্ন কৰক৷

• টোপনি আৰু জিৰণি ঠিকে ৰাখক ৷

• যুৱ অৱস্থাৰপৰাই অশ্বগন্ধা, ব্ৰাক্ষ্মী আদি ভেষজৰ লগত জড়িত হওক ৷ ৰাসায়নিক ঔষধৰ পৰিবৰ্তে আয়ুৰ্বেদ গ্ৰহন কৰক ৷ এন্টিঅক্সিডেন্টযুক্ত খাদ্য গ্ৰহন কৰক ৷ উচ্চ ৰক্তচাপ ,ডায়েবটিচ আদি ৰোগ নহবৰ বাবে যত্নপৰ হওক ৷ 

ধন্যবাদ৷


Spread the love

Mitali Saikia

Mrs. Mitali Saikia is the founder, Author of Fitassam. Around 85% of the content lives on this website is written and created by Mitali Saikia. Mitali Saikia has been working as a freelance writer on health, parenting, self-improvement, etc. In Dec 2019, She has founded the Fitassam website to help other practitioners of alternative medicine, authors, and people by sharing his knowledge, expertise, and clinical experience.

Leave a Reply

Your email address will not be published. Required fields are marked *