পিঠিৰ বিষৰ লগতে মুৰঘূৰনি, মুৰবিষ আদি অন্যান্য সমস্যাত ভুগি আছেনি? 𝖴𝗉𝗉𝖾𝗋 𝖻𝖺𝖼𝗄 𝗉𝖺𝗂𝗇 𝖺𝗇𝖽 𝖽𝗂𝗓𝗓𝗂𝗇𝖾𝗌𝗌, 𝗁𝖾𝖺𝖽𝖺𝖼𝗁𝖾 𝗂𝗇 𝖺𝗌𝗌𝖺𝗆𝖾𝗌𝖾

Spread the love

যদি আপোনাৰ পিঠিৰ ওপৰভাগত বিষ (upper back pain) হৈ আছে, আপুনি ইয়াক আপোনাৰ ডিঙিৰ তলৰ অংশৰ পৰা তললৈ (bottom of ribcage) যিকোনো স্থানত অনুভৱ কৰিব পাৰে। এইটো বহুতো কাৰণৰ হ’ব পাৰে, সেইবোৰৰ ভিতৰতকিছুমান মৃদু কাৰণ হ’ব পাৰে যেনে পেশীৰ চাপ (muscle strain)।

কিন্তু পিঠিৰ ওপৰৰ অংশত বিষ এটা অতি গুৰুতৰ অৱস্থাৰ লক্ষণ হ’ব পাৰে। ইয়াৰ ফলত কেতিয়াবা উশাহ লোৱাত অসুবিধা, মুৰবিষ, মুৰঘূৰনি আদি হব পাৰে৷  গতিকে যদি আপুনি এনেধৰনৰ লক্ষণ অনুভৱ কৰিলে, চিকিৎসকৰ ওচৰলৈ যাওঁক বা যিমান সম্ভৱ সোনকালে চিকিৎসা গ্ৰহন কৰক।

যদিহে আপোনাৰ পিঠিৰ ওপৰভাগত বিষ হোৱাৰ লগতে নিম্নোক্ত লক্ষসমূহ হৈ আছে  তেন্তে আপুনি লগে লগে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত:

➪ যদি বিষটো আপোনাৰ পিঠিৰ ওপৰৰ পৰা কান্ধৰ মাজলৈ আহি আছে৷

➪ আপুনি অলপতে পৰিছে বা পিঠিত আঘাত পাইছে, বা গুৰুতৰ দুৰ্ঘটনাৰ পিছত বিষ আৰম্ভ হৈছে৷

➪ যদি আপুনি গধুৰ বস্তু তুলিছিল আৰু তাৰপিছত বিষ আৰম্ভ হৈছে

➪ আপোনাৰ অষ্টিওপোৰোচিছ (osteoporosis) বা দুৰ্বল ৰোগ প্ৰতিৰোধ প্ৰণালী (weakened immune system) বা কৰ্কট ৰোগ (Cancer) যদি আছে৷

➪ যদি জ্বৰ (fever) হৈ আছে, কোনো কাৰণ অবিহনে যদি ওজন হ্ৰাস হৈছে বা শেহতীয়াকৈ বেক্টেৰিয়াৰ সংক্ৰমণ হৈছে৷

➪ আপোনাৰ বয়স 20 বছৰ বা 50 বছৰৰ কম বয়সৰ৷

➪ আপোনাৰ ভৰি বা যৌনাঙ্গৰ (genitals)

চাৰিওফালে জঠৰতা, দুৰ্বলতা বা কামোৰনি দৰে অনুভৱ কৰিব ৷

➪ মল-মূত্ৰ বা প্ৰস্ৰাৱ হ’লে নিয়ন্ত্ৰণৰ সমস্যা হোৱা৷

➪ বিশ্ৰামৰ পাছতো, বিষ টো আৰোগ্য হোৱা নাই বা ৰাতি বিষ বাঢ়ি অহা৷

➪ আপুনি আপোনাৰ দৈনন্দিন কাম সক্ৰিয়ভাৱে  কৰিব নোৱাৰা৷

➪ আপুনি কাঁহ (cough), হাঁচি (sneeze) বা শৌচ কৰিলে বুকুৰ বিষ হোৱা বা বৰ্ধিত বিষৰ বাবে ভাল অনুভৱ নকৰা৷ 

কোনো নিৰ্দিষ্ট কাৰণ অবিহনে পিঠিৰ বিষ (non-specific back pain)

কোনো নিৰ্দিষ্ট ৰোগৰ ফলত নোহোৱা পিঠিৰ বিষক অ-নিৰ্দিষ্ট পিঠিৰ বিষ (non-specific back pain) বুলি কোৱা হয়। এইটো অতি স্বাভাৱিক। অৱশ্যে এইটো প্ৰায়ে আপোনাৰ তলপিঠিত অনুভৱ কৰা হয়। যদি আপুনি আপোনাৰ পিঠিৰ বিষৰ কাৰণ জানিবলৈ চেষ্টা কৰে, আপোনাৰ জীৱনশৈলীৰ কাৰকবোৰৰ প্ৰতি মনোযোগ দিয়াটো লাভজনক, যেনে আপোনাৰ বহাৰ পদ্ধতি বা আপোনাৰ কামত গধুৰ ওজন উঠোৱা অন্তৰ্ভুক্ত থাকে নেকি মন কৰিব৷

শৰীৰৰ বেয়া ভঙ্গীৰ ফলত পিঠিৰ কোমল কোষকলা (soft tissue) আৰু পেশীবোৰ প্ৰসাৰিত হৈ বিষ হ’ব পাৰে। পেশীবোৰত প্ৰসাৰিত আৰু মোচোকা খোৱা (muscle strain or sprain) অনিৰ্দিষ্ট পিঠিৰ বিষৰ ফলত হয়। অৱশ্যে যদি বিষটো আপোনাৰ পিঠিৰ তলফালৰ সলনি আপোনাৰ কান্ধৰ মাজত হয় তেন্তে আপুনি চিকিৎসকৰ ওচৰলৈ যোৱা উচিত।

মেদবহুলতা (obesity)

ওজন বেছি হোৱাৰ ফলত পিঠিৰ বিষ (back pain) আৰু উশাহ-নিশাহৰ সমস্যা হ’ব পাৰে। কিয়নো অত্যাধিক ওজন বহন কৰিলে আপোনাৰ শৰীৰৰ ওপৰত অতিৰিক্ত চাপ পৰে। যদি আপুনি ওজন হ্ৰাস কৰাৰ কথা ভাবি আছে তেন্তে স্বাস্থ্যকৰ আহাৰ আৰু নিয়মীয়া ব্যায়াম অব্যাহত ৰাখিবলৈ চেষ্টা কৰক। সক্ৰিয় থাকিলে আপোনাৰ পিঠি শক্তিশালী হ’ব পাৰে।

বুকুৰ_সংক্ৰমণ (chest infection)

যদি আপোনাৰ জ্বৰ, কাঁহ (cough) বা উচ্চ তাপমাত্ৰা (high temperature) আছে, ই বুকুৰ সংক্ৰমণৰ (chest infection) লক্ষণ হ’ব পাৰে। যেনে নিউমোনিয়া (pneumonia) বা ব্ৰংকাইটিছ (bronchitis)। নিউমোনিয়াৰ (pneumonia) সচৰাচৰ লক্ষণবোৰৰ ভিতৰত আছে বুকুৰ বিষ যি উশাহ লোৱাৰ সময়ত অৱনতি হ’ব পাৰে। আৰু পেশীৰ গাঁঠিত বিষ হ’ব পাৰে।

প্লুৰিচি (pleurisy)

প্লুৰিচি (pleurisy) হৈছে এক পাতল কোষকলাৰ প্ৰদাহ যি আপোনাৰ হাঁওফাঁওৰ শিৰাত থাকে (lungs) আৰু বুকুৰ গহ্বৰ (chest cavity) যাক প্লেওৰা (pleura) বুলিও কোৱা হয়। আপুনি উশাহ লওঁতে বা কাঁহ বুকুৰ তীক্ষ্ণ বিষ হয়৷ এই বিষ ইয়াৰ এটা মুখ্য লক্ষণ আৰু আপুনি আপোনাৰ পিঠি আৰু কান্ধৰ ওপৰভাগত বিষ অনুভৱ কৰিব পাৰে। ভাইৰেল সংক্ৰমণ হৈছে আটাইতকৈ সচৰাচৰ কাৰণ য’ত আন কাৰণবোৰ হৈছে বুকুৰ আঘাত (chest injury), বেক্টেৰিয়া বা ভেঁকুৰৰ সংক্ৰমণ (bacterial or fungal infections) 

বা হাঁওফাঁওৰ কৰ্কট ৰোগ (lung cancer) অন্তৰ্ভুক্ত৷

পালমোনাৰী এম্বোলিজম (pulmonary embolism)

যদি উশাহ লোৱাৰ সময়ত আপোনাৰ পিঠিৰ বিষ হয়, আপুনি শ্বাসকষ্ট অনুভৱ কৰে (উশাহ চুটি হোৱা), কাঁহ ম, মূৰ ঘূৰোৱা আৰু মূৰ্চ্ছা যোৱা। গতিকে ই পালমোনাৰী এম্বোলিজম (pulmonary embolism)ৰ লক্ষণ হ’ব পাৰে। যেতিয়া আপোনাৰ হৃদযন্ত্ৰৰ পৰা হাঁওফাঁও ৰক্তক্ষৰণ কৰা ধমনীবোৰ বাধাপ্ৰাপ্ত হয় তেতিয়া ই এক জীৱনৰ বাবে বিপদজনক স্থিতি। যদি আপোনাৰ এই লক্ষণবোৰ আছে, লগে লগে আপোনাৰ চিকিৎসকৰ ওচৰলৈ যাওঁক।

হৃদযন্ত্ৰৰ_সমস্যা (heart problem)

হৃদযন্ত্ৰৰ সমস্যাৰ ফলত আপোনাৰ বুকুত বিষ (chest pain) হ’ব পাৰে যি আপুনি উশাহ লওঁতে পিঠি, ডিঙি আৰু কান্ধলৈ প্ৰসাৰিত হ’ব পাৰে।

যদি উশাহ লোৱাৰ সময়ত পিঠিৰ বিষ (back pain) থকা এই লক্ষণবোৰৰ যিকোনো এটা থাকে, ই হাৰ্টএটেক হোৱাৰ লক্ষণ হ’ব পাৰে আৰু আপুনি লগে লগে চিকিৎসা সহায় লোৱা উচিত:

➪বুকু, হাত বা কান্ধৰ বিষ (chest, arm or shoulder pain)

➪পিঠি, ডিঙি বা কঁকালৰ বিষ (pain in the back, neck or jaw)

➪ওকালি অহা বা মূৰ ঘূৰোৱা (sickness or dizziness)

➪অত্যাধিক উদ্বেগ (very strong feeling of anxiety)

➪উশাহ চুটি হোৱা (shortness of breath)

𝗖𝗼𝗻𝘁𝗮𝗰𝘁:  8011330306 (𝗐𝗁𝖺𝗍𝖼𝗁𝖺𝗉𝗉 𝖺𝗏𝗅)


Spread the love

Bimal Borah

Bimal Borah- Specialized in Healthcare counselling and Patient Handholding. Trusted by Reputed Brands. Contact-9954334934.

Leave a Reply

Your email address will not be published. Required fields are marked *