Enter your email address:

Delivered by FeedBurner

অমৃততুল্য ত্ৰিফলা প্ৰস্তুত কৰা পদ্ধতি- ঋতু অনুযায়ী ত্ৰিফলা কেনেদৰে খোৱা উচিত- Triphala churna benefits in Assamese

পৰিচয়- What is Triphala in assamese

ত্ৰিফলা (triphala) মানে তিনিবিধ ফলৰ মিশ্ৰন৷

শিলিখা, ভোমোৰা তথা আমলখী ফলত সমপৰিমাণৰ মিশ্ৰনক ত্ৰিফলা (triphala) বুলি কোৱা হয়, ত্ৰিফলা (triphala)ক আয়ুৰ্বেদত ৰসায়ন বুলি মানি লোৱা হয়৷

ইয়াৰ বিধিপূৰ্বক সেৱনে ৰোগৰ নাশ কৰাৰ লগতে শৰীৰত বলৰ বৃদ্ধি কৰে৷ শিলিখা, ভোমোৰা আৰু আমলখী এই তিনিটা ফল, যি আমাৰ দেহৰ বাত,কফ আৰু পিত্তৰ ভাৰসাম্য বৰ্তাই ৰখাত সঠিকভাব ব্যৱহাৰ কৰিব পাৰি।  

ত্ৰিফলা (triphala)ৰ প্ৰস্তুতিৰ পদ্ধতি:How to make Triphala Churna at home in assamese

ত্ৰিফলা (triphala powder) বনাবলৈ আপোনাৰ প্ৰয়োজন হব শুকান ডাঙৰ শিলিখা, ভোমোৰা আৰু আমলখী৷ তিনিবিধ ফলেই পৰিষ্কাৰ আৰু কোনো পোক নলগা হলে ভাল।  তিনিবিধ ফলৰ গুটিবোৰ উলিয়াই ফলৰ বাকী অংশ বেলেগ বেলেগকৈ মিহিকৈ গুড়ি কৰি লওক৷ তিনিবিধ সূক্ষ্ম ফিল্টাৰযুক্ত পাউডাৰ 1: 2: 4 এৰ অনুপাতকৈ মিশ্ৰিত কৰক।  উদাহৰণস্বৰূপ, যদি আপুনি 10 গ্ৰাম শিলিখা গুড়ি লৈ তাত 20 গ্ৰাম ভোমোৰা গুঁড়ি আৰু 40 গ্ৰাম আমলখী গুঁড়ি যুক্ত কৰক।

উত্তম ফলাফল পাবলৈ এই অনুপাতৰ বিষয়টো মন কৰিব। এবাৰত সিমানেই চূৰ্ণ তৈয়াৰ কৰক যিমান 4 মাহলৈ ব্যৱহাৰ কৰিব পাৰে৷ কাৰন 4 মাহতকৈ অধিক পুৰনা চূৰ্ণ শক্তি বা প্ৰভাৱ ক্ষীণ হব ধৰে৷ বজাৰত পোৱা ৰেডিমেড চূৰ্ণৰ ক্ষেত্ৰত উচিত অনুপাতৰ বিশ্বাস কৰিব পৰা নাযায় তদুপৰি  ইয়াৰ কিছু উপাদান চাৰি মাহৰো বেছি পুৰনা হব পাৰে৷ গতিকে, ত্ৰিফলা (triphala) গুঁড়ি ঘৰতে তৈয়াৰ কৰা ভাল। অৱশ্যে উন্নত মানদণ্ডৰ ত্ৰিফলা একেষাৰে পোৱা নাযায় বুলিও কব পৰা নাযায়৷

 



ত্ৰিফলা (triphala) খোৱাৰ বিধি- Triphala dosage in assamese

ত্ৰিফলা (triphala) যি কোনো বয়সৰ যি কোনো ব্যক্তিয়ে গ্ৰহণ কৰিব পাৰে।  তথাপি এটা বিষয়ত মন দিয়া ভাল যে ৰাতিপুৱা বিছনা এৰাৰ পিছত চাহ খোৱাৰ অভ্যাস পৰিত্যাগ কৰা উচিত৷ আচলতে সম্পূৰ্ণ উপকাৰৰ বাবে ৰাতিপুৱা উঠাৰ পিছতেই সতেজ পানীৰ লগত ত্ৰিফলা (triphala) সেৱন কৰক৷ আৰু তাৰপিছতেই কমপক্ষেও এক ঘন্টা একো নাখাব। কেৱল সতেজ পানী খাব পাৰে।  বয়স অনুযায়ী ত্ৰিফলা (triphala) পৰিমাণ বা মাত্ৰা নিৰ্ধাৰণ কৰা হয়৷

 1 ৰটি = 0.12 গ্ৰাম।  উদাহৰণস্বৰূপে, বয়স 50 বছৰ হয়, 50 * 0.12 = 6.0 গ্ৰাম ত্ৰিফলা (triphala) খোৱা উচিত।  ত্ৰিফলা (triphala)ৰ সম্পূৰ্ণ চক্ৰটি 12 বছৰ হয় গতিকে 12 বছৰলৈ অবিচ্ছিন্নভাব গ্ৰহন কৰিব পাৰে।

ঋতু অনুসৰি ত্ৰিফলা (triphala) খোৱাৰ নিয়ম:How to take Triphala churna in assamese

আমাৰ দেশত দুই দুই মাহৰ ছয় ঋতু আছে।  প্ৰতিটো ঋতুতে ত্ৰিফলা (triphala)ৰ সৰ্বাধিক সুবিধা সঞ্চয় কৰাৰ বাবে, শৰীৰে ঋতু অনুকুল ৰৃপত ঢাল খালে ভাল হয়। গতিকে, ঋতু অনুসাৰে, ত্ৰিফলা (triphala)ৰ অতিৰিক্ত সুফল পাবলৈ অন্যান্য উপাদান যুক্ত কৰাৰ বিধান আছে।

⦿ চত, বহাগ – বসন্ত ঋতু – মধু বা মৌ লগত চেলেকি খোৱা ভাল।

⦿ জেঠ, আহাৰ – গ্ৰীষ্ম ঋতু– ত্ৰিফলা (triphala)ৰ ১/৪ অংশ গুড়ৰ লগত মিহলাই খাব লাগিব।

⦿ শাওন, ভাদ – বৰ্ষা ঋতু- ত্ৰিফলা (triphala) 1/8 অংশ সৈন্ধৱ লৱণৰ লগত যুক্ত কৰি গ্ৰহন কৰক।

⦿ আহিন, কাতি – শৰত ঋতু – ত্ৰিফলা (triphala)ৰ 1/6 অংশ ব্ৰাউন চুগাৰ লগত খোৱা উচিত।

⦿ আঘোন, পুহ – হেমন্ত ঋতু – ত্ৰিফলা (triphala) গুঁড়িৰ 1/6 অংশ শুকান আদাৰ লগত মিহলাই খাব৷

⦿ মাঘ, ফাগুন – শীত ঋতু – ত্ৰিফলা (triphala)ৰ 1/8 অংশ লগত সামান্য পিপলৰ গুঁড়ি  মিহলাই খাব লাগে।

ত্ৰিফলা (triphala)ৰ উপকাৰিতা: Triphala benefits in assamese

ত্ৰিফলাৰ উপকাৰিতা (triphala benefits) সম্পৰ্কে আয়ুৰ্বেদত এইদৰে লিখা আছে-

प्रथम वर्ष तन सुस्ती जाय। द्वितीय रोग सर्व मिट जाय।।

तृतीय नैन बहु ज्योति समावे। चतुर्थे सुन्दरताई आवे।।

पंचम वर्ष बुद्धि अधिकाई। षष्ठम महाबली हो जाई।।

श्वेत केश श्याम होय सप्तम। वृद्ध तन तरुण होई पुनि अष्टम।।

दिन में तारे देखें सही।नवम वर्ष फल अस्तुत कही।।

दशम शारदा कंठ विराजे। अन्धकार हिरदै का भाजे।।

जो एकादश द्वादश खाये। ताको वचन सिद्ध हो जाये।।”

অসমীয়া অৰ্থ

 ‣ এক বছৰৰ ভিতৰত দেহৰ আলস্য দূৰ হৈ যাব।

 ‣ দুবছৰ সেৱন কৰিলে সমস্ত ৰোগ ধ্বংস হৈ যায়।

‣ তৃতীয় বছৰৰ সেৱনে চকুৰ জ্যোতিৰ বৃদ্ধি কৰিব।

 ‣ চাৰি বছৰত মুখৰ সৌন্দর্য উন্নত কৰে।

‣ পাঁচ বছৰলৈ সেৱন কৰিলে বুদ্ধিমত্তাৰ অভূতপূর্ব বিকাশ হয়।

 ‣ ছয় বছৰ গ্রহণে বল বৃদ্ধি হয়।

 ‣ সপ্তম বছৰলৈ সেৱনে বগাোচুলি কলা কৰা আৰম্ভ কৰে।

‣ আঠ বছৰলৈ সেৱন কৰা ফলত দেহত তাৰুণ্যেৰ শক্তিত পূর্ণ অনুভব কৰে।

ব্যক্তিগত পৰামৰ্শ

শৰীৰত থকা বিষাক্ত পদাৰ্থ(Toxin) বাহিৰলৈ উলাই যোৱা স্বাস্থ্য অৰ্জনৰ প্ৰথম সূত্ৰ। গতিকে ত্ৰিফলা (triphala) খোৱা আৰম্ভ কৰাৰ কিছু দিনলৈ দিনত এবাৰ বা দুবাৰ পাতল ডায়ৰিয়া হোৱা স্বাভাবিক। গতিকে, ইয়াৰ বাবেও প্ৰস্তুত থাকক।  শৰীৰৰ ব্যাধিসমূহ দূৰ হোৱাৰ লগতে ডায়ৰিয়াও বন্ধ হব৷ কেতিয়াবা কেতিয়াবা ব্যস্ততাৰ বাবে বহু লোক ইয়াৰ বাবে প্ৰস্তুত নাথাকে।  অন্যহাতেদি ত্ৰিফলা (triphala)ত বেছি পৰিমাণে আমলখীৰ পৰিমাণ অধিক থাকে বাবে ইয়াৰ প্ৰভাব শীতল। এনে পৰিস্থিতিত বহু লোকে অস্বস্তিও অনুভৱ কৰিব পাৰে। গতিকে আপোনাৰ বয়স অনুযায়ী যিমান পৰিমাণ গ্ৰহণ কৰা উচিত, নতুবা তাৰ আধা পৰিমাণেৰে আৰম্ভ কৰা উচিত। লাহে লাহে ইয়াৰ পৰিমাণ বৃদ্ধি কৰি এক মাহৰ ভিতৰত ইয়াৰ সম্পূৰ্ণ ডোজ গ্ৰহন কৰিবলৈ যত্নপৰ হব লাগে। তদুপৰি ৰাতিপুৱা খালি পেটত ত্ৰিফলা (triphala) গ্ৰহণৰ নিয়মটিৰে কঠোৰভাব মানি চলা উচিত আৰু একৰপৰা দুই ঘন্টাৰ বাবে সতেজ পানীৰ বাদে অতিৰিক্ত কোনো আহাৰ গ্ৰহণৰপৰা বিৰত থকা উচিত।

আশাঁ কৰো উপৰোক্ত “ত্ৰিফলা-triphala” সম্পৰ্কীয় লিখনীৰ পৰা আপোনালোক উপকৃত হল৷ যদিহে পঢ়ি ভাল পালে উপৰোক্ত লিখনিটো Share, like নতুবা comment কৰি আগন্তুক দিনত ন ন লিখনি আপোনালোকলৈ লৈ আহিবলৈ উৎসাহিত কৰে যেন৷

ধন্যবাদ  

*( উপৰোক্ত লিখনি কপি কৰিলে www.fitassam.xyz নাম উল্লেখ কৰে যেন)

Follow “fitassam”- 

Instagram-https://www.instagram.com/fitassam/?r=nametag

Facebook-https://m.facebook.com/fitassam/?ref=bookmarks

email- [email protected]

Leave a Comment

Your email address will not be published. Required fields are marked *

Enter your email address:

Delivered by FeedBurner