আয়ুর্বেদিক চিকিৎসাৰে মদ্যপান এৰােৱা উপায়-ALCOHOL DEADDICTION AYURVEDIC TREATMENT

Spread the love

Dr Brinchi Boruah, MD ( Ayurveda ) 

নিয়ন্ত্রিত মদ্যপান ক ৰােগ হিচাপে পৰিগণিত কৰা নহয় যদিও অনিয়ন্ত্রিত মদ্যপান ক Alcohol Related Disorder হিচাপে পৰিগণিত কৰা হয়৷ যি জটিল ৰােগৰ সৃষ্টি কৰিব পাৰে৷ এই Alcohol Related Disorder নাইবা Alcohol Used Disorder Do Alcohol Dependence, alcohol withdrawal syndrome , Alcohol induced sexual dysfunction, Alcohol Induced sleep disorder আৰু অন্যান্য শাৰীৰিক আৰু মানসিক ৰােগ উৎপন্ন কৰিব পাৰে। তেনে অৱস্থাত ৰােগীৰ জীৱন, সংসাৰ , আৰু সমাজৰ কুপ্রভাৱৰ পৰা ৰক্ষা কৰাৰ বাবে Alcohol De addiction চিকিৎসা ৰ লগতে অন্য দেখা দিয়া শাৰীৰিক আৰু মানসিক ৰােগৰ চিকিৎসা ৰ প্ৰয়ােজনীয়তা আহি পৰে।

মদ্যপান বহুতে কৰে কিন্তু সেই সকলােকে “এলকহল নিৰ্ভৰশীলতা” বুলি কোৱা নহয়। কোনাে এজন মদ্যপান কৰা ব্যক্তিৰ তলত উল্লেখ কৰা লক্ষণ ৰ অতি কমেও তিনিটা এবছৰ ৰ ভিতৰত দেখা দিলে ব্যক্তি জনক Alcohol Dependence বুলি গণ্য কৰা হয়৷  

1) Tolerance ( সহনশীলতা ) : –  কম পৰিমাণৰ মদ্যপান ত নিচা নধৰে আৰু মদ্যপান ৰ পৰিমাণ ক্রমান্বয়ে বৃদ্ধি কৰি যায়৷ 

2) Withdrawal syndrome : – মদ্যপান এৰি দিয়া ৰ পিছত তেজত এলকহলৰ পৰিমাণ কমি নাইকিয়া হলে শৰীৰত বিভিন্ন লক্ষণ দেখা দিব পাৰে । বহুতে এই withdrawal syndrome ৰ পৰা পৰিত্ৰাণ পাবলৈ পুনৰ মদ্যপান কৰে । 

3) পৰিকল্পনা কৰাতকৈ বেছি পৰিমাণে অথবা অধিক সময় মদ্যপান কৰে । 

4) মদ্যপানৰ অপৰিবৰ্তিত কামনা কৰা৷ মদ্যপান ত্যাগ কৰাৰ নতুবা নিয়ন্ত্রিত কৰাৰ অসফল প্রয়াস কৰা। 

5) মদ্যপান ৰ কৰিব পাবলৈ যথেষ্ট সময় অতিবাহিত কৰা৷ 

6) মদ্যপান কৰিবৰ কাৰণে অন্য সামাজিক, কর্ম সম্পর্কীয়, অৱসৰ, বিনােদন ত্যাগ কৰা। 

7) মদ্যপান সম্বন্ধীয় ক্ষতিকাৰক প্ৰভাৱৰ বিষয়ে জানিও মদ্যপান কৰা। যেনে গেষ্ট্রিক আলচাৰত মদ্যপানে অধিক ক্ষতি কৰিব বুলি জানিও মদ্যপান কৰা।

 

এলকহল নিৰ্ভৰশীল ব্যক্তি এজনে এলকহল খাবলৈ এৰি দিয়াৰ পিছত তলত দিয়া লক্ষণ / অসুবিধা সমূহ দেখা দিব পাৰে। বহু সময়ত বহুতাে ৰােগীয়ে নিজে মদ্যপান এৰিব খােজে যদিও এই Alcohol withdrawal syndrome ৰ পৰা পৰিত্ৰাণ পাবলৈ পুনৰ মদ্যপান কৰিব ধৰে। উল্লেখযােগ্য যে এই Alcohol withdrawal syndrome ঔষধৰ দ্বাৰা সহজেই পৰিত্ৰাণ পাব পাৰি। তেনে ৰােগীয়ে সময়মতে চিকিৎসকৰ পৰামৰ্শ ললে alcohol withdrawal syndrome ৰ পৰা পৰিত্ৰাণ পােৱাৰ লগতে সহজেই মদ্যপান এৰিব পৰে৷ 

Alcohol Withdrawal Syndrome : –  

⦿ হার্ট ৰেট প্রতি মিনিটত 100 ত কৈ বেছি হব পাৰে তদুপৰি বুকু ধপধপনি অনুভৱ কৰিব পাৰে। 

⦿ অতিকৈ ঘামিব পাৰে, হাত কপিব পাৰে ।

⦿ বমি ভাৱ নতুবা বমি হব পাৰে৷

⦿ Psychomotor agitation, ভ্রম ( transient visual , tactile , auditory hallucination or illusion ) হব পাৰে। 

⦿ Seizure আৰু anxiety ত ভূগিব পাৰে ৷

 

‣ এলকহল দিএডিকচনৰ বাবে প্রথম আসক্তি কমােৱাৰ বাবে ঔষধ আৰু মস্তিষ্ক শামক ধৰণৰ ঔষধ দিয়া হয়। 

‣ দীপন পাচন ঔষধ, তক্ৰধাৰা, অভ্যাংগ, আৰু পঞ্চকর্ম চিকিৎসা 

‣ চাইকথেৰাপি – Cognitive Behaviour Therapy 

‣ মদ্যপান এৰিবলৈ উদ্দেশ্য প্রণােদিত পৰামর্শ ( Counseling ) ইত্যাদি কৰা হয়। 

মদ্যপান ত্যাগ কৰিব বিচৰা সকলৰ বাবে আচাৰ্য্য চৰকৰ দ্বাৰা চৰক সংহিতাত বর্ণিত হিতাহিত সেৱন ত্যাগ বিধি : 

মদ্যপান নিৰ্ভৰশীলতা ৰােগীৰ ক্ষেত্ৰত মদ এৰােৱাবৰ বাবে দিয়া চিকিৎসাত Withdrawal syndrome য়ে প্রধান হেঙাৰ ৰূপে দেখা দিয়ে। চৰক সংহিতাত বর্ণিত এই হিতাহিত সেৱন ত্যাগ বিধি মতে 7 দিন নতুবা 15 দিনত ক্ৰমাৎ মদ এৰাৰ ব্যৱস্থাপনা কৰিলে মদ্যপান এৰাৰ লগতে মদ্যপান এৰাৰ ফলত দেখা দিয়া কুপ্রভাৱৰ ( withdrawal syndrome ) পৰাও বহু পৰিমাণে হাত সাৰিব পৰা যায়। 

7 দিনৰ ব্যৱস্থাপনা ত ক্রমে মদ্যৰ পৰিমাণ তলত দিয়া দৰে কমাই অনা হয় –

১ ম দিনা এভাগ পথ্য আৰু তিনিভাগ অপথ্য ( মদ্য), 

২-৩য় দিনত দুভাগ পথ্য আৰু দুভাগ অপথ্য ( মদ্য), 

৪, ৫, ৬ দিনত তিনি ভাগ পথ্য আৰু এভাগ অপথ্য (মদ্য ) আৰু

৭ ম দিনাৰ পৰা মদ্য সম্পূর্ণ ৰূপে ত্যাগ কৰি কেৱল পথ্য আহাৰ গ্ৰহণ কৰিব লাগে। 

মদ্যপান কৰা ৰােগীৰ ক্ষেত্ৰত উপকাৰী কিছুমান ঔষধ – 

ব্রাহ্মী – মেধ্য ৰাসায়নৰ লগতে মদ্যপানৰ আসক্তি কমাই আৰু withdrawal syndrome কম কৰাত সহায়ক হয় 

অশ্বগন্ধা – anxiety আৰু depression কম কৰাৰ লগতে আসক্তি কম কৰে । 

জটামাংসি , শংখপুষ্পী , ভৃংগৰাজ , কোমােৰা , মাণিমুণি , আঙুৰ আৰু খেজুৰ ও এই ক্ষেত্ৰত উপকাৰী হয় ।

উপৰত উল্লেখিত বিধান ও ঔষধৰ ৰ ওপৰিও আৰু বহুতাে ঔষধ alcohol deaddiction ৰ বাবে পােৱা যায় যদিও সেই ঔষধ সমূহ চিকিৎসকৰ পােনপটীয়া তত্বাৱধানত ব্যৱহাৰ কৰিব লাগে৷ 

Alcohol used Disorder এক জটিল ৰােগ সমষ্টি, ঔষধ ব্যৱহাৰৰ দ্বাৰা মদ্যপান ত্যাগ কৰাৰ লগতে withdrawal syndrome, alcohol induced sexual dysfunction, Sleep disorder, Anxiety disorder ইত্যাদিৰ বাবেও সমান্তৰালকৈ চিকিৎসা ৰ প্রয়ােজন, বিশেষকৈ Alcohol induced / withdrawal delerium তাৎক্ষণিক ভাৱে চিকিৎসা পৰামর্শ নললে ৰােগীৰ শৰীৰত আঘাত পােৱাৰ লগতে ওচৰত থকাজনৰাে বিপদ হব পাৰে৷ Alcohol related Disorder অথবা Alcohol used Disorder এক প্রকাৰৰ ৰােগ যত ৰােগীক অন্য ৰােগত তত্ত্বাৱধান লােৱাৰ দৰেই ৰােগীৰ পৰিয়ালে তত্ত্বাৱধান লােৱাৰ প্রয়ােজন হয় আৰু সময়মতে চিকিৎসকৰ পৰামর্শ মতে চিকিৎসা কৰালে মদ্যপান আসক্ত ব্যক্তিৰ জীৱন আৰু সংসাৰ ৰক্ষা কৰিব পৰা যায়। 

সবিশেষ জানিবলৈ যােগাযােগ : 

Dr Brinchi Boruah, MD ( Ayurveda ) 

Cont no 8011676392 

Drug House, Near Thana Tiniali , Dhemaji 

Maharshi Ayurvedic , NT Road , Lakhimpur

Sourcehttps://m.facebook.com/story.php?story_fbid=2368553053248940&id=1799337080170543 (আয়ুৰ্বেদিক আৰু স্বাস্থ্য)


Spread the love

Dr. Brinchi Baruah

ডাঃ ব্ৰিঞ্চি বৰুৱা, MD Ayurveda WhatsApp- 9864550440 FB-https://www.facebook.com/brinchi.boruah.3 Email- [email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *