অনিয়মিত মাহেকীয়া কাৰন আৰু লক্ষণ : Irregular Periods Causes And Symptoms in assamese

প্ৰজনন আয়ুৰ মহিলাৰ ক্ষেত্ৰত, মহিলা হৰমনবোৰে প্ৰতি মাহে ডিম্ব এটা মুকলি কৰিবলৈ ডিম্বাশয় উদ্দীপিত কৰে আৰু গৰ্ভধাৰণত সহায় কৰিবলৈ জৰায়ুৰ স্তৰ ডাঠ কৰে।  যদি গৰ্ভধাৰণ নহয়, জৰায়ুই গ্ৰীৱাৰ মাজেৰে আৰু যোনিৰ মাজেৰে এই আৱৰণটো বাহিৰলৈ উলিয়াই দিয়ে।  ইয়াকে মাহেকীয়া বা ঋতুস্ৰাৱ বুলি কোৱা হয়৷

Read more

সঘনাই হোৱা কাঁহ-কফ COPD ৰ লক্ষণ নহয়টো? জানো আঁহক Chronic obstructive pulmonary disease (COPD) ৰোগ বিষয়ে…

Chronic obstructive pulmonary disease : COPD ৰোগে উশাহ লোৱা কঠিন কৰি তোলে। কিন্তু এই সমস্যাটো বছৰ বছৰ ধৰি ক্ৰমান্বয়ে বিকশিত হয় আৰু আপুনি কিমান দিন ধৰি এই ৰোগত ভুগি আছে বুজি নাপায়। COPD-ত ভুগি থকা বেছিভাগ লোকে 40 ৰ পৰা 50 বছৰ বয়স লৈকে এই সমস্যাটোৰ সচৰাচৰ লক্ষণবোৰ নাজানে।

Read more

মুৰবিষৰ এক প্ৰকাৰ “ক্লাষ্টাৰ মুৰৰ বিষ”…আপুনিও এনে মুৰবিষত ভুগি আছেনি?cluster headaches causes, symptoms and prevention

ক্লাষ্টাৰ মুৰৰ বিষ বিভিন্ন ধৰণে হ’ব পাৰে। এই বিষ পুনৰাবৃত্তি হ’ব পাৰে অৰ্থাৎ দিনত কেইবাবাৰো বা আনকি দিনটোৰ এটা নিৰ্দিষ্ট সময়তো মুৰৰ বিষ হ’ব পাৰে৷ এই মুৰবিষত অত্যাধিক বিষ আৰু অস্বস্তি হয়। এনে মুৰৰ বিষৰ ফলত মুৰৰ এটা অংশত বা চকুৰ ওচৰত ইমান তীব্ৰ, তীক্ষ্ণ বিষ হয় যে ৰোগী সাৰ পায় যায় আৰু কেইবা সপ্তাহ আৰু মাহধৰি আপোনাৰ মূৰত থুপখাই থাকে বা খং হিচাপে বিষ অব্যাহত থাকে। সেইকাৰণে ইয়াক এই নাম ক্লাষ্টাৰ মুৰৰ বিষ দিয়া হৈছে। 

Read more

ভৰিৰ মাংসপেশীত হোৱা অস্হিৰতা বা কামুৰি থকা দৰে অনুভৱ-Restless leg syndrome-RLS

ভৰিৰ মাংসপেশীৰ অস্হিৰতা বা কামুৰি থকাৰ দৰে অনুভৱ হোৱাক (Restless leg syndrome-RLS)ৰেষ্টলেছ লেগছ চিণ্ড্ৰোম বুলি কোৱা হয়৷ এই সমস্যাটো সাধাৰণতে সন্ধিয়া বা নিশা অধিক প্ৰভাৱিত কৰে যেতিয়া আপুনি বহি থাকে বা শুই থাকে। এই পৰিস্থিতিত খোজ কঢ়াটোও কঠিন। এই অস্থিৰ ভৰিৰ লক্ষণক syndrome বুলিও কোৱা হয়। ই যিকোনো বয়সতে আৰম্ভ হ’ব পাৰে আৰু সাধাৰণতে বয়সৰ লগে লগে ইয়াৰ লক্ষণবোৰ বেয়া হব ধৰে৷ এই ৰোগে টোপনিত হস্তক্ষেপ কৰিব পাৰে, যাৰ ফলত দৈনন্দিন কাৰ্যকলাপত অসুবিধা হ’ব পাৰে। আত্ম-যত্ন আৰু জীৱনশৈলীৰ পৰিৱৰ্তনে ৰোগৰ লক্ষণবোৰ উপশম কৰিব পাৰে। ইয়াৰ উপৰিও, ঔষধে বহুক্ষেত্ৰত সহায় কৰিব পাৰে। 

Read more

হাৰ্নিয়া কি? ইয়াৰ লক্ষণ, কাৰণ আৰু জটিলতা-Hernia causes, symptoms and prevention in assamese

যেতিয়া পেশী বা কোষকলাৰ ভিতৰৰ অংশৰ ছিদ্ৰৰ পৰা ওলাই আহিবলৈ আৰম্ভ কৰে, ইয়াক হাৰ্নিয়া বুলি কোৱা হয়, যেনে অন্ত্ৰ, পাকস্থলীৰ ভিতৰৰ আৱৰণত দুৰ্বল স্থান এটা ভেদি বাহিৰলৈ ওলাই আহিবলৈ আৰম্ভ কৰে। আপোনাৰ হাৰ্নিয়াৰ কোনো লক্ষণ নাথাকিব পাৰে, কিন্তু ইয়াৰ ফলত আপোনাৰ কম বেছি পৰিমাণে বিষ হ’ব পাৰে। আপুনি আৰাম কৰিলে বা কিছুমান কাৰ্যকলাপৰ সময়ত হাৰ্নিয়াৰ বিষ হ’ব পাৰে, যেনে খোজ কঢ়া বা দৌৰা। হাৰ্নিয়া সাধাৰণতে পেটত হয় কিন্তু ই উৰুৰ ওপৰৰ অংশ, নাভি আৰু কঁকালৰ চাৰিওফালে হব পাৰে।  বেছিভাগ হাৰ্নিয়া মাৰাত্মক নহয়, কিন্তু ই নিজে আৰোগ্য নহয়। কিছুমান পৰিস্থিতিত হাৰ্নিয়াৰ ক্ষতি পৰিহাৰ কৰিবলৈ অস্ত্ৰোপচাৰ কৰিব লগীয়া হয়। হাৰ্নিয়াৰ উদ্ভৱ হোৱাৰ ফলত ইয়াত থকা ৰক্তনলীবোৰৰ ওপৰত চাপ পৰিব পাৰে, যি হাৰ্নিয়ালৈ তেজৰ যোগান প্ৰতিহত কৰিব পাৰে। যদি হাৰ্নিয়াৰ পৰা তেজৰ যোগান পাকস্থলীৰ ভিতৰৰ আৱৰণত বন্ধ হয়, ই এক জৰুৰীকালীন অৱস্থা হৈ পৰে কাৰণ কোষকলাক তেজৰ জৰিয়তে অক্সিজেনৰ প্ৰয়োজন হয়। 

Read more

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Leucoderma or Vitiligo causes ,symptoms and prevention in assamese

বগা দাগ লিউকোডাৰ্মা বা ভিটিলিগো (Leucoderma or Vitiligo) নামেৰেও পৰিচিত।  ভিটিলিগো এনে এটি বিকাৰ যাৰ ফলত শৰীৰৰ বিভিন্ন অংশৰ ত্বকত বগা দাগ পৰিব ধৰে৷ ই এক অট’ইমিউন ডিজিজ হয়(Autoimmune disease), যাৰ ফলত ব্যক্তিৰ ৰোগ প্ৰতিৰোধক ক্ষমতায়ে তেওঁৰ ত্বকক ক্ষতি কৰিব ধৰে৷ ই শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰনালী (immune system) ত হোৱা অসন্তোলনৰ কাৰনে হয়৷ এনে হোৱাৰ কাৰনে  ত্বকৰ বৰ্ণ গঠনৰ কোষসমূহ শেষ হব ধৰে, এই কোষসমূহক মেলানোচাইটচ (Melanocytes) কোৱা হয়৷ 

Read more

বুকু জ্বলাপোৰা কিয় হয়? ইয়াৰ কাৰন আৰু প্ৰতিকাৰ-Heartburn causes, symptoms and prevention in assamese

বুকু জ্বলাপোৰা হোৱাক সাধাৰণতে heartburn (হাৰ্টবাৰ্ন) বুলিও কোৱা হয়, যদিও সমস্যাটোৰ হৃদযন্ত্ৰৰ সৈতে কোনো সম্পৰ্ক নাই। অৱশ্যে, ইয়াৰ কিছুমান লক্ষণ হৃদযন্ত্ৰৰ এটেক্ আৰু অন্যান্য হৃদৰোগৰ দৰে একে। বুকু জ্বলাপোৰা  হৈছে এচিড ৰিফ্লাক্সৰ(acid reflux) এক সাধাৰণ লক্ষণ। ই হৈছে এক স্থিতি য’ত পেটৰ সামগ্ৰী (খাদ্য) চাপৰ ফলত ডিঙিলৈ ঘূৰি আহিবলৈ চেষ্টা কৰে, যাৰ ফলত বুকুৰ তলৰ অংশত জ্বলা-পোৰা হয়। খাদ্যনলী হৈছে এক প্ৰকাৰৰ নলী যি মুখৰ পৰা পাকস্থলীলৈ খাদ্য কঢ়িয়াই আনে। বুকুজ্বলা পোৰাৰ ফলত প্ৰায়ে ডিঙি বা মুখত তিতা সোৱাদ হয়। অত্যাধিক খোৱা বা শুই থকাৰ ফলত ইয়াৰ লক্ষণবোৰ আৰু বৃদ্ধি হ’ব পাৰে।

Read more

আয়ুৰ্বেদিক ঔষধৰ দ্বাৰা শিশুৰ স্বাস্থ্য মজবুত কৰি তুলক: 𝘼𝙥𝙩𝙞𝙫𝙖𝙩𝙚 𝙨𝙮𝙧𝙪𝙥 𝙪𝙨𝙚𝙨 𝙛𝙤𝙧 𝙘𝙝𝙞𝙡𝙙

বৰ্তমান সময়ত #আয়ুসমন্ত্ৰালয়ে শিশুৰ ৰোগ প্ৰতিৰোগ ক্ষমতা বৃদ্ধি কৰি তুলিবৰ বাবে #Aptivate_syrup ব্যৱহাৰ কৰাৰ পৰামৰ্শ দিছে৷ ক’ভিড -১৯ ৰ দ্বিতীয়

Read more

খাদ্যনলীৰ আলচাৰ লক্ষণসমূহ কি? ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ…Esophageal ulcer symptoms, causes in assamese

খাদ্যনলীৰ আলচাৰ লক্ষণসমূহ কি? ইয়াৰ কাৰণ আৰু প্ৰতিকাৰ…Esophageal ulcer symptoms, causes in assamese খাদ্যনলীৰ আলচাৰৰ- esophageal লক্ষণবোৰ মুখ্যতঃ বুকুৰ বিষ আৰু জ্বলা-পোৰা হয়৷ এই সমস্যাটো মানুহৰ মজলীয়াৰ পৰা গুৰুতৰ স্তৰৰ ভিতৰত হ’ব পাৰে। ইয়াৰ উপৰিও, কিছুমান লোকে এচোফাগাল আলচাৰৰ ফলত sternum (উৰুদণ্ড)ৰ পিছফালে বা তলৰ অংশত জ্বলা-পোৰা অনুভৱ কৰিব পাৰে।

Read more

ভৰিৰ তলুৱা জ্বলা-পোৰা, ভৰিৰ জিনজিননি, জঠৰতা অনুভৱ কৰে নেকি? ইয়াৰ কাৰণ আৰু চিকিৎসা- Burning sensation in feet causes and treatment

বেছিভাগ লোকৰ ক্ষেত্ৰত, স্নায়ুতন্ত্ৰৰ অভাৱৰ বাবে প্ৰথমে ভৰিৰ শিৰাবোৰ ক্ষতিগ্ৰস্ত হয়। ফলস্বৰূপে, ভৰিৰ জিনজিননি, জ্বলাপোৰা আৰু জঠৰতা অনুভৱ হয়। চেনী আৰু সুৰাৰ অত্যাধিক সেৱন স্নায়ুৰোগৰ (neuropathy) আটাইতকৈ সচৰাচৰ কাৰণ। 

Read more