Ayush kwath গ্ৰহন কৰক আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তোলক…Ayush kwath in assamese

Spread the love

লিখনি আগবঢ়াইছে

ডা : মনােজ কুমাৰ শইকীয়া আৰু মিতালী শইকীয়াৰ সহযোগত…

কৰোনা ভাইৰাছৰ পৰা বাচি থাকিবলৈ  নিৰন্তৰ সাৱধান হবলৈ পৰামৰ্শ দিয়া হৈছে। এই ভাইৰাছৰ বিৰুদ্ধে যুঁজিবলৈ ঔষধ বা ভেকছিন প্ৰদান কৰাটো আজি সমগ্ৰ বিশ্বৰ সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান। বিশেষজ্ঞসকলৰ মতে, দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা (weak immunity system) থকা লোকসকলৰ ভাইৰাছৰ পৰা সংক্ৰমণ হোৱাৰ আশংকা অধিক। এই ক্ষেত্ৰত, ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ বাবে ঘৰুৱা প্ৰতিকাৰৰ সৈতে আয়ুৰ্বেদিক কাঢ়া খাবলৈ পৰামৰ্শ দিয়া হৈছে। আনহাতে Ayush kwath ৰোগ প্ৰতিৰোধ ক্ষমতা বৰ্ধক হিচাপে পেকেজড প্ৰডাক্ট হিচাপে উপলব্ধ। পাউদাৰ হিচাপে উপলব্ধ Ayush kwath মানুহে সহজে ব্যৱহাৰ কৰিব পাৰে। 

Ayush kwath কি? What is ayush kwath?

Ayush kwath কেইবাবিধো বনৌষধি মিহলি কৰি প্ৰস্তুত কৰা হয়, ইয়াত যোগ দিয়া উপাদানবোৰ সাধাৰণতে আমি ঘৰতে ব্যৱহাৰ কৰো। কৰোনা ভাইৰাচৰ পৰা বাচি থাকিবলৈ স্বাস্থ্য বিভাগৰ লগতে আয়ুষ মন্ত্ৰালয়ৰ দ্বাৰা(ministry of ayush) এটা advisory জাৰী কৰা হৈছিল। ইয়াৰ অনুসৰি, সকলোৱে স্বাস্থ্যকৰ আহাৰৰ সৈতে কিছুমান বস্তু অন্তৰ্ভুক্ত কৰিবলৈ পৰামৰ্শ দিয়া হৈছিল যি ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব। আয়ুষ মন্ত্ৰালয়ে(Ministry of AYUSH) দাবী কৰিছে যে, Ayush kwath ৰ ব্যৱহাৰে মানুহক ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰিব। Ayush kwath চাৰিবিধ বনৌষধি- তুলসী, ডালচেনি, জালুক আৰু আদা আছে। আয়ুষ মন্ত্ৰালয়ৰ (Ministry of AYUSH) পৰা নিৰ্দেশনা পোৱাৰ পিছতে, aimil, baidyanath আদি ফাৰ্মাচিউটিকেলৰ দ্বাৰা ইয়াক প্ৰস্তুত কৰা হৈছে। তাৎপৰ্যপূৰ্ণভাৱে, ইয়াক এতিয়া নিৰ্ধাৰিত পৰিমাণত প্ৰডাক্ট হিচাপে ৰূপান্তৰ কৰা হৈছে যাতে সাধাৰণ ৰাইজে ইয়াক সহজে ব্যৱহাৰ কৰিব পাৰে। 

তদুপৰি, প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ অনুষ্ঠান ‘মন কি বাত’ত দেশবাসীক সম্বোধন কৰি যিমান পাৰে সিমান আয়ুৰ্বেদিক কাঢ়া পান কৰিবলৈ পৰামৰ্শ দিছিল। পৰৱৰ্তী সময়ত, এপ্ৰিলৰ শেষ সপ্তাহত, আয়ুষ মন্ত্ৰালয়ে ৰাজ্যসমূহক Ayush kwath ব্যৱহাৰ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছিল। এতিয়া মানুহৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি Ayush kwath online টো উপলব্ধ।(https://www.anymeds.in/product/detail/ayush-kwathaimil-90gm/951)

Ayush kwath ত কি কি উপাদান আছে? এইসমূহৰ উপকাৰিতা কি?

Ayush kwath ত থকা ঔষধী গুনসম্পন্ন সামগ্ৰীসমূহ হলঃ

শুকান আদা, তুলসী, দালচেনি আৰু কৃষ্ণ মৰিচ(জালুক)

আদাৰ উপকাৰিতা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবে

– হাজাৰ হাজাৰ বছৰ ধৰি, আদা পৰম্পৰাগত ঔষধত ব্যৱহাৰ হৈ আহিছে, কিয়নো ই Antioxidant আৰু anti-inflammatory যৌগ যেনে beta-carotene, capsaicin আৰু curcumin সমৃদ্ধ৷ Curcumin আৰু capsaicin দৰে এণ্টিঅক্সিডেণ্টবোৰক মুক্ত ৰেডিকেলৰ(free radicals) প্ৰভাৱ হ্ৰাস কৰিব পাৰে বুলি জনা যায়৷ এনেদৰে ই ৰোগ প্ৰতিৰোধ প্ৰণালীৰ ওপৰত চাপ হ্ৰাস কৰাত সহায় কৰে। গতিকে যদি আপুনি ৰোগ প্ৰতিৰোধ প্ৰণালী শক্তিশালী কৰিব বিচাৰে, আজিৰ পৰাই Ayush kwath সেৱন কৰা আৰম্ভ কৰক।

তুলসীৰ উপকাৰিতা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবে

– তুলসী হৈছে এক ঔষধি উদ্ভিদ যি ভিটামিন আৰু খনিজ পদাৰ্থ সমৃদ্ধ। সকলো ৰোগ আৰু শাৰীৰিক শক্তিৰে সমৃদ্ধ, এই ঔষধি উদ্ভিদক “দেৱী” বুলি কোৱা হয় কিয়নো মানৱ জাতিৰ বাবে ইয়াতকৈ আৰু কোনো উপযোগী ঔষধী নাই৷ তুলসী (Tulsi plant) নিয়মীয়াকৈ খোৱাৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি হয় যাৰ ফলত চৰ্দি আৰু অন্যান্য সংক্ৰামক ৰোগ প্ৰতিৰোধ হয়। তুলসী গছৰ পাতৰ কফ বাতৰ ত্ৰুটি হ্ৰাস কৰা, পাচন শক্তি আৰু ভোক বৃদ্ধি কৰা আৰু তেজ বিশুদ্ধ কৰা আদি গুন পোৱা যায়। ইয়াৰ উপৰিও, জ্বৰ, হৃদৰোগ, পেটৰ বিষ, মেলেৰিয়া আৰু বেক্টেৰিয়াৰ সংক্ৰমণ আদিত তুলসী পাতৰ ব্যৱহাৰ অতি উপকাৰী।

দালচেনীৰ উপকাৰিতা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবে

– যিহেতু দালচেনীৰ প্ৰকৃতি গৰম, ইয়াক চৰ্দিৰ লগতে পাকস্থলীৰ চৰ্বি, ওজন হ্ৰাস আৰু ডায়েবেটিচৰ দৰে গুৰুতৰ ৰোগত সেৱন কৰাটো অত্যন্ত উপকাৰী। চৰ্দি, কাহ বা ডিঙিৰ সমস্যাত দালচেনীয়ে এক অত্যাধিক প্ৰভাৱশালী ঔষধ হিচাপে কাম কৰে। ইয়াক পিহি লৈ আৰু এক চামুচ মৌৰ সৈতে খালেও চৰ্দিত সহায় কৰে। আপুনি গৰম বা কুহুমীয়া পানীত মৌৰ সৈতে মিহলি কৰা দালচেনী পাউডাৰ খাব পাৰে। গুৰি জালুকৰ সৈতে ডালচেনিৰ গুৰি খোৱাটোৱেও সকাহ দিয়ে। ই পুৰণি কফক সকাহ দিব পাৰে৷

দালচেনি হৈছে এক মহান ঔষধি মছলা যি কেৱল বহুতো ৰোগ হ্ৰাস নকৰে তাৰলগতে মানৱ শৰীৰক বহুতো বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হোৱাৰ পৰা সুৰক্ষিত কৰে। দালচেনীত antibiotic, antiviral, anti-microbial (সুক্ষ্মজীৱৰোধী) উপাদান থাকে। সেয়েহে, এই উপাদানবোৰে শৰীৰত বেক্টেৰিয়াৰ সংক্ৰমণ নাইকিয়া কৰে আৰু আন বেক্টেৰিয়া প্ৰভাৱ প্ৰতিহত কৰে। দালচেনীত anti-fungal (ভেঁকুৰ-প্ৰতিৰোধী) উপাদানো থাকে যি ভেঁকুৰৰ সংক্ৰমণ-fungle infection হ্ৰাস কৰাত সহায় কৰে।

Krishna marish বা জালুকৰ উপকাৰিতা ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবে

– জালুকৰ বিভিন্ন ঔষধি গুণ আছে, যি বহুতো বহুতো ৰোগৰ চিকিৎসাত সহায় কৰিব পাৰে। ইয়াত মুখ্যতঃ anti-flatulance, diuretic, anti-inflammatory, digestive, memory inhaler আৰু pain reliver গুণাগুণ আছে। এই সকলোবোৰ বিভিন্ন ৰোগৰ সমস্যাৰ চিকিৎসাত সহায় কৰিব পাৰে।

ইয়াত Piperine নামৰ এক যৌগ থাকে যি চৰ্দি আৰু কাঁহৰ সমস্যাৰ পৰা সকাহ দিব পাৰে। ই ডিঙিৰ বিষৰ সমস্যা সমাধান কৰিবলৈও কাম কৰিব পাৰে। সেয়েহে, এইটো ক’ব পাৰি যে চৰ্দি আৰু কাঁহৰ পৰা সকাহ পোৱাৰ বাবে জালুক খোৱা উপকাৰী হব পাৰে।

তদুপৰি পাকস্থলীত পাচন ৰস আৰু এনজাইম উদ্দীপিত কৰিবলৈ জালুক প্ৰয়োগ কৰা হৈছে, যি হজম স্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে। জালুকত পোৱা জীৱাণুৰোধী প্ৰকৃতিয়ে (antibacterial nature) চৰ্দি আৰু কাহ উপশম কৰাত সহায় কৰে, বিশেষকৈ যেতিয়া জালুক মৌৰ সৈতে মিহলি কৰা হয়। জালুকে ৰক্ত শৰ্কৰাৰ স্তৰ বৰ্তাই ৰখাত সহায় কৰে কিয়নো ই ইনচুলিন সংবেদনশীলতা (insulin sensitivity) উন্নত কৰে। গতিকে ডায়েবেটিচ আৰু ওজন নিৰীক্ষণকাৰী লোকসকলে জালুকৰ পৰা উপকৃত হ’ব পাৰে। 

ব্যৱহাৰ কৰাৰ নিয়ম : How to use ayush kwath? In assamese

 (১) এজন বয়সীয়াল ব্যক্তিয়ে এচামুচকৈ দিনে দুবাৰ একাপ গৰম পানীৰ লগত মিহলাই খাব পাৰে । 

(২) এচামুচ আয়ুষ ক্বাথ (Ayush kwath) এগিলাচ পানীত ভালদৰে উতলাই চাহ হিচাবে দিনে দুই – তিনিবাৰ খাব পাৰে । 

(৩) এচামুচ আয়ুষ ক্বাথ (Ayush kwath) এচামুচ মৌৰ লগত মিলাই দিনে দুই – তিনিবাৰ খাব পাৰে । ৰােগী , নিৰােগী , গৰ্ভৱতী আৰু ডায়েবেটিচ ৰােগীয়েও নির্ভয় মনেৰে সকলােৱে খাব পাৰে ।

(৪) শিশু সকলক এক তৃতীয়াংশ , বা আধা পৰিমাণে খুৱাব পাৰিব । আয়ুষ ক্বাথ (Ayush kwath) সামান্য জ্বলা হােৱা বাবে শিশু সকলক খুৱাওতে চেনী বা মৌ মিহলাই খুৱাব । 

কেনেদৰে ঘৰতে তৈয়াৰ কৰিব  AYUSH KWATHA?

তলত উল্লেখ কৰা সহজলভ্য ঔষধিৰে আয়ুষ ক্বাথ (Ayush kwath) প্রস্তুত কৰি ল’ব পাৰি। উপাদান সমূহ তলত উল্লেখ কৰা হ’ল। 

(১) শুকান আদা ৫০ গ্রাম 

(২) দালচেনী ৫০ গ্রাম 

(৩) জালুক ২৫ গ্রাম 

(৪) শুকান তুলসীৰ পাত ১০০ গ্রাম । 

উপাদান সমুহ ভালদৰে গুৰি বা চূর্ণ কৰি এটা পৰিস্কাৰ চিচাৰ বটলত ৰাখিব লাগে । এইদৰে ঘৰতেই কম খৰচী AYUSH KWATHA বনাই ব্যৱহাৰ কৰিব পাৰি । 

গতিকে, Ayush kwath ত সংযোগ কৰা এইসমূহ উপাদানে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ লগতে অন্যান্য ৰোগসমূহ নিয়ন্ত্ৰণ তথা প্ৰতিৰোধ কৰাতো সহায় কৰিব পাৰে৷ আঁহক তেনেহলে সকলোৱে Ayush kwath প্ৰতিদিনে সেৱন কৰা আৰম্ভ কৰো আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি তুলো৷ 

Ayush kwath ক’ত পাব?

Ayush kwath কিনিব বিচাৰিলে কোনো বিপনীলৈ নোযোৱাকৈ ঘৰতে অৰ্ডাৰ কৰিব পাৰে৷ তাৰবাবে তলৰ লিংকটো ক্লিক কৰিলেই হল-

https://www.anymeds.in/product/detail/ayush-kwathaimil-90gm/951

আমি আশাঁ কৰো যে এই প্ৰবন্ধটো  আপোনাৰ বাবে উপকাৰী হব  আৰু এই প্ৰবন্ধত দিয়া তথ্যৰ ওপৰত আধাৰিত কৰি আপুনি নিজকে আৰু আপোনাৰ প্ৰিয়জনক সুৰক্ষা দিবলৈ সক্ষম হ’ব।

যদি আপুনি বা আপোনাৰ পৰিচিত কোনোবাই স্বাস্থ্য ৰোগ আৰু চিকিৎসাৰ সম্ভাৱ্য পদ্ধতিৰ বিষয়ে অধিক জানিব বিচাৰে, তেন্তে তেওঁ +91 99543 34934 ত ৱাটচআপ্ নতুবা ফনৰ দ্বাৰা বিনামূলীয়া পৰামৰ্শ বিচাৰিব পাৰে।

ধন্যবাদ৷


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *