টিউব ব্লক সাধাৰণ ৰােগ, সহজেই হয় গৰ্ভৱতী- Fallopian tube block in assamese

Spread the love

 ডা : মনােজ কুমাৰ শইকীয়া,

যোগাযোগ -9435209704

ফেলপিয়ান টিউব ব্লক হলে বহুতাে মহিলাই ভয় খাই আৰু মাতৃত্বৰ আশা এৰি দিয়ে৷ কিন্তু এই ৰােগবিধ সাধাৰণ ৰােগহে। বিগত বৰ্ষত কেবাগৰাকী ফেলপিয়ান টিউব ব্লক বা স্রোত অৱৰােধ হােৱা মহিলা গৰ্ভৱতী আৰু মাতৃ হােৱাটোৱেই প্রমাণিত হৈছে যে ডিম্ববাহী নলীত হােৱা অৱৰােধ বা স্রোত অৱৰােধ ( Fallopian tube block ) এবিধ সাধাৰণ ৰােগ। আয়ুর্বেদিক চিকিৎসা শাস্ত্ৰত বহু প্রকাৰৰ স্রোত অৱৰােধৰ বৰ্ণনা আছে। চৰক, সূত, বাগভট্ট ইত্যাদি সংহিতাত নানা প্রকাৰ স্রোত অৱৰােধৰ চিকিৎসা উল্লেখ কৰিছে । 

কি কাৰণে হয় এই ৰােগ

 বহুতাে কাৰণত এই ৰােগ হয় যদিও সাধাৰণতে প্রধানকৈ জৰায়ু বা শ্রোণী গহ্বৰত বীজাণুৰ সংক্ৰমণৰ কাৰণে এই ৰােগ হয় । তাৰােপৰি সন্তান প্রসৱৰ পাছত এণ্ডোমেট্রিয়ামত শােথ উৎপন্ন হােৱাৰ ফলতাে ডিম্ববাহী নলীত অৱৰােধ হয় । যি কি নহওক এই ৰােগবিধ আয়ুর্বেদিক চিকিৎসা শাস্ত্ৰৰ স্রোত অৱৰােধ ৰােগৰ অন্তর্ভুক্ত এবিধ সাধাৰণ ৰােগহে । সেয়েহে স্রোত মুক্তি আৰু শােথহৰ ঔষধ প্রয়ােগ কৰিলেই অতি সহজে ডিম্ববাহী নলীৰ অৱৰােধ ভাল হয় ।

গৰ্ভধাৰনত বাধা

ডিম্ববাহী নলীত অৱৰােধ হ’লে ডিম্ব উর্বৰীকৰণৰ সময়ত ডিম্ব আৰু শুক্রৰ মিলণ হ’ব নােৱাৰে বাবে নিষেচন নহয়৷ এনেক্ষেত্ৰত শক্তিশালী আৰু পুৰঠ ডিম্ব বা শুক্ৰ থকা সত্তেও মহিলা গৰাকী গৰ্ভৱতী হ’ব নােৱাৰে । কেতিয়াবা ডিম্ববাহী নলীত শুক্ৰ আৰু ডিম্ব নিষেচন হৈ ভ্রুণটোৱে থিতাপি ল’লে ( Ectopic pregnancy ) হ’লে জটিলতা আহি পৰে। জটিলতাৰ কাৰণে অস্ত্রোপচাৰ কৰি ফেলপিয়ান টিউব উঠাই দিব লগীয়া হয় ।

চিকিৎসা 

(১) ফেলপিয়ান টিউব ব্লক বা ডিম্ববাহী নলীৰ অৱৰােধ আতৰাব পাৰিলেহে এগৰাকী মহিলাই সহজেই গর্ভধাৰণ কৰিবলৈ সক্ষম হব। এই ক্ষেত্ৰত আয়ুর্বেদিক চিকিৎসা অধিক ফলপ্রসূ। মাত্র ” স্রোতমুক্তি ” আৰু ” শােথহৰ ” ঔষধ খালেই ডিম্ববাহী নলীৰ অৱৰােধ আতৰ হয় আৰু সহজেই হ’ব পাৰে গৰ্ভৱতী । গুগুল যােগ , শােথকালানল ৰস , শােথাৰি ৰস , বৃদ্ধিবাধিকা ৰস , নিত্যানন্দ ৰস , ৰৌদ্র ৰস ইত্যাদি বহুতাে ঔষধ এই ক্ষেত্ৰত ব্যৱহাৰ কৰা হয় ।

 (২) ৰােগাক্রান্ত মহিলা গৰাকীৰ দূর্বল জৰায়ুটো সুস্থ সবল কৰিব লাগিব । ইয়াৰ কাৰণে সাধাৰণতে অশােকাৰিষ্ট , লােথ্রাসৱ , পত্রাঙ্গসৱ , কুমাৰ্যাসৱ , ফলকল্যাণ ঘৃত আদি শাস্ত্রীয় ঔষধ ব্যৱহাৰ কৰিব পাৰি । পেটেন্ট আয়ুর্বেদিক ঔষধ Gynocure , M2Tone , Evecare , Amycordial , Ashok Cordial wifi প্রয়ােগ কৰিলেও সুফল পােৱা যায় ।

(৩) ইয়াৰােপৰি জৰায়ুৰ ভিতৰত থকা বীজাণু ধ্বংস কৰি জৰায়ু ৰোগমুক্ত কৰাৰ বাবে প্রতাপ লঙ্কেশ্বৰ , বঙ্গেশ্বৰ ৰস , গর্ভপাল ৰস , গর্ভ চিন্তামণি , চন্দ্রপ্রভা বটী , চন্দনাসৱ ইত্যাদি প্রয়ােগ কৰা হয় । এই ঔষধ প্রয়ােগ কৰিলে সুফল পােৱা যায়। এই ধৰণৰ আয়ুর্বেদিক ঔষধ প্রয়ােগ কৰিলে এগৰাকী ফেলপিয়ান টিউব ব্লক মহিলাই ডেৰ দুমাহত সহজেই গর্ভধাৰণ কৰিব পাৰে । যিহেতু এই ৰােগবিধ এবিধ সাধাৰণ ৰােগহে । 

আহাৰ – বিহাৰ

আয়ুর্বেদিক চিকিৎসাত ৰােগীৰ খাদ্য , যােগাভ্যাস আৰু শাৰীৰিক শ্ৰমৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হয় । জীৱনীয় গণ, বৃংহনীয় গণত উল্লেখ কৰা আহাৰ মহিলা গৰাকীক খাবলৈ কোৱাহয়। ফলস্বৰূপে সামান্য টকাৰ ঔষধ খালেই হ’ব পাৰিব মাতৃ।

(চিকিৎসকৰ পৰামৰ্শানুযায়ী ঔষধ ব্যৱহাৰ কৰিব)

যোগাযোগ কৰকঃ 9435209704


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *