গলব্লাডাৰ ষ্টনৰ পৰা ৰক্ষা পোৱাৰ কিটিপ- Gallbladder stone treatment in Assamese

Spread the love

লেখকঃ ডা:মনোজ কুমাৰ শইকীয়া (আয়ুৰ্বেদ)

মবাইল- 9435209704

বৰ্তমান সময়ত গলব্লাডাৰ ষ্টন ৰোগৰ ব্যাপকতা অসমত দিনক দিনে বৃদ্ধি পাব ধৰিছে। পুৰুষৰ তুলনাত মহিলা এই ৰোগত অধিক আক্ৰান্ত হয়। সাধাৰণতে বয়সস্থ সকলৰ এই ৰোগ হয় যদিও আজিকালি অসমত যথেষ্ট পৰিমাণে সৰু সৰু ল’ৰা-ছোৱালীৰ গলব্লাডাৰ ষ্টন হোৱা দেখা যায়। ইয়াৰ মূলকাৰণ খাদ্যাভ্যাসৰ পৰিৱৰ্তন আৰু পৰিশ্ৰম বিহীন জীৱন নিৰ্বাহ। আজি এই সম্পৰ্কে কিছু অৱগত কৰিব বিছাৰিছো।

গলব্লাডাৰ কি? What is Gall Bladder?

মানুহৰ ওপৰৰ পেটত সোঁফালে যকৃতৰ তলত পিত্তাশয় বা গলব্লাডাৰ অৱস্থিত। ই দেখাত সাইলাখ জাতিলাওটোৰ দৰে। তিনি তৰপীয়া পাতল মাংসপেশী আৰু শ্লেষ্মিক কলাৰে পিত্তাশয় গঠিত । ই দীঘলে প্ৰায় ৩-৪ ইঞ্চি,ইয়াৰ এমূৰৰ পৰা চিষ্টিক ডাক্ট (Cystic duct) নামৰ এডাল ডেৰ ইঞ্চি দীঘল সৰু নলী ওলাই যকৃত নলীত (Hepatic duct) সংযোগ হৈছে। পিছত দুয়োডাল নলী এক হৈ পিত্তনলী (common Bile duct) নামেৰ বৃহৎ অন্ত্ৰৰ  ডিওডেনামত মুকলি হৈছে।

পিত্তাশয়ত পিত্তৰস সঞ্চিত হৈ থাকে। পিত্তৰস ক্ষাৰকীয় আৰু ইয়াত ৮৬% পানী বাকী ১৪% কলেষ্টৰল, পিত্ত লৱন (bile salt) পিত্ত ৰঞ্জক (bile pigments) , মিউচিন ইত্যাদি পদাৰ্থ থাকে। আহাৰ খোৱাৰ আধাঘন্টাৰ ভিতৰত জুলীয়া খাদ্য বৃহৎ অন্ত্ৰৰ ডিওডেনামত প্ৰৱেশ কৰাৰ লগে লগেই পিত্তাশয় স্বয়ংক্ৰিয় ভাৱে সঙ্কুচিত হ’বলৈ ধৰে। এই সঙ্কোচনৰ বাবেই পিত্তাশয়ৰ পৰা পিত্তৰস চিষ্টিক নলী আৰু পিত্তনলীৰে গতি কৰি বৈ আহি ডিওডেনামত থকা খাদ্যৰ লগত মিহলি হয়। পিত্তৰসৰ মুখ্য কাম হৈছে খোৱা খাদ্যত থকা চৰ্বী হজম কৰা। 

গলব্লাডাৰ ষ্টন কি? What is Gall Bladder Stone

চমুকৈ কবলৈ গলে, পিত্তনলীত সঞ্চিত হৈ থকা পিত্তৰসত কলেষ্টেৰল থাকে। নানা কাৰণত এই কলেষ্টেৰল পিত্তাশয় বেৰত গেদ পৰি তৰপে তৰপে জমা হয় আৰু  কালক্ৰমত কঠিন হৈ পিত্তপাথৰ বা গলব্লাডাৰ ষ্টন হয়। 

অৰ্থাৎ  যেতিয়া পিত্তথলীত তৰলৰ পৰিমাণ শুকাবলৈ আৰম্ভ কৰে, ইয়াত থকা চেনী-নিমখ আৰু অন্যান্য মাইক্ৰনিউট্ৰিয়েণ্ট(micronutrients)

উপাদানবোৰ একেলগে জমা হৈ পিত্তত পাথৰৰ দৰে সৰু শিলৰ টুকুৰা গঠন কৰে।

কেতিয়াবা পিত্তথলীত কলেষ্টেৰল, বিলিৰুবিন আৰু পিত্ত লৱণ জমা হয়। ৮০ শতাংশ পাথৰ কলেষ্টেৰলৰ দ্বাৰা গঠিত। লাহে লাহে এইবোৰ কঠিন হৈ পৰে আৰু পিত্তথলীৰ ভিতৰত শিল হৈ পৰে। কলেষ্টেৰলৰ পাথৰ হালধীয়া-সেউজীয়া ৰঙৰ হয়

যেতিয়া মূত্ৰাশয়ত ক’লা বা মুগা ৰঙৰ পাথৰ দেখা যায়, সেইবোৰক pigment stone বুলি কোৱা হয়। কেতিয়াবা যেতিয়া পিত্তথলীত (unconjugated bilirubin) বিলিৰুবিন নামৰ উপাদান সংগ্ৰহ হব ধৰে, ই pigment stone সমস্যা সৃষ্টি কৰে। পিত্তথলীৰ বিভ্ৰান্তিৰ ফলত কেতিয়াবা পিত্ত নলীত পিত্ত জমা হয়, যাৰ ফলত জণ্ডিচও(jaundice) হব পাৰে। 

যদি পিত্ত অন্ত্ৰলৈ যোৱাৰ পৰিৱৰ্তে অগ্ন্যাশয়লৈ যায়, ই ক্ৰনিক পেনক্ৰিয়াটাইটিছ নামৰ এক গুৰুতৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। যদি সঠিক সময়ত চিকিৎসা কৰা নহয়, ইয়াৰ ফলত পিত্তথলীত কৰ্কট ৰোগ (cancer) হ’ব পাৰে।

পিত্তথলীত পাথৰ গঠন এক ভয়ানক বেদনাদায়ক ৰোগ। কলেষ্টেৰল আৰু পিগমেন্ট (pigment) নামৰ দুই প্ৰকাৰৰ পিত্ত আছে। কিন্তু প্ৰায় ৮০ শতাংশ পাথৰ কলেষ্টেৰলৰ দ্বাৰা গঠিত। পিত্ত যকৃতত সৃষ্টি হয় আৰু গলব্লাডাৰত সংৰক্ষণ কৰা হয়। এই পিত্তয়ে চৰ্বি থকা খাদ্য হজম কৰাত সহায় কৰে। কিন্তু যেতিয়া পিত্তত কলেষ্টেৰল আৰু বিলৰুবিনৰ পৰিমাণ অধিক হয়, পাথৰ সৃষ্টি হয়।

গলব্লাডাৰ ষ্টনৰ লক্ষণসমূহ- Symptoms of Gall Bladder Stone in assamese

সোঁফালৰ ওপৰ পেটত তীব্ৰ ধৰণৰ বিষ হয়। ক্ৰমে এই বিষ পিঠি আৰু কান্ধলৈকে বিস্তাৰিত হয়। 

একেটা সময়তে বমি, বুকু জ্বলা-পোৰা, 

গেছৰ কাৰণে পেট ফুলা, বদহজম, টেঙা উগাৰ,

অজীৰ্ণতা,

নাড়ীগতি দূৰ্বল, 

শীতল ঘাম নিৰ্গত হোৱা, 

ঠাণ্ডা অনুভৱ, 

শ্বাস-প্ৰশ্বাস কষ্ট আদি লক্ষণ দেখা যায়।

ৰোগৰ উপসৰ্গ

এই ৰোগ পুৰণি হ’লে অৱৰোধ কামলা বা জণ্ডিচ (obstructive jaundice) হোৱাৰ উপৰিও কেঞ্চাৰ হোৱাৰ অধিক সম্ভাৱনা থাকে। 

সাধাৰণতে মানুহৰ ধাৰণা যে এবাৰ গলব্লাডাৰ ষ্টন অষ্ট্ৰোপচাৰ কৰাৰ পিছত এই ৰোগ পুনৰ হোৱাৰ সম্ভাৱনা নাথাকে। অষ্ট্ৰোপচাৰ কৰাৰ পিছত খোৱা-বোৱাত সাৱধানতা অৱলম্বন নকৰিলে পুনৰ পাথৰ হয়। পিছৰ পৰ্যায়ত এই পাথৰ পিত্তনলী, যকৃতনলী আৰু যকৃতৰ ভিতৰত পুনৰ হোৱাৰ অধিক সম্ভাৱনা থাকে।যকৃতৰ ভিতৰত পাথৰ হ’লে গুৰুতৰ ভাৱে আক্ৰান্ত হৈ মৃত্যু হোৱাৰ সম্ভাৱনা থাকে।

গলব্লাডাৰ ষ্টন হোৱাৰ কাৰন -Causes of Gall Bladder Stone in assamese

কিছুমান কাৰক আছে যি পিত্তৰ পাথৰৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে যেনে-

– ডায়েবেটিচ বা ডায়েবেটিচ (Diabetes)

-মেদবহুলতা (Obesity)

-গৰ্ভধাৰণ (Pregnancy)

-মেদবহুলতাৰ অস্ত্ৰোপচাৰৰ পিছত (Post bariatric surgery)

-কিছুমান ঔষধৰ ব্যৱহাৰ

– দীৰ্ঘম্যাদী ৰোগৰ কাৰণ

আন কিছুমান কাৰণ আছে:

(১) বিয়াৰ পিছত মহিলা সকলে গৰ্ভনিৰোধক বড়ী  ব্যৱহাৰ কৰে। এই গৰ্ভনিৰোধক বড়ী খোৱাৰ ফলত গলব্লাডাৰ সঙ্কোচন কমকৈ হোৱা বাবে সম্পূৰ্ণকৈ পিত্তৰস ওলাই আহিব নোৱাৰে। এই দৰে সঞ্চিত পিত্তৰসৰ গেদ জমা হৈ অতি সহজে পিত্তপাথৰ বা গলব্লাডাৰ ষ্টন হয়। সেয়েহে ৪০-৪৫ বছৰীয়া মহিলা সৰ্বাধিক আক্ৰান্ত হয়। মহিলা সকলে গৰ্ভনিৰোধক বড়ী একেৰাহে তিনিমাহৰ অধিক কাল নাখাব। পৰাপক্ষত সুৰক্ষিত সময়ত সহবাস কৰিব আৰু অসুৰক্ষিত সময়ত সহবাসৰ পৰা বিৰত থাকিলে গলব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা কমে।

(২) উপচিতি আৰু অপচিতিৰ ওপৰতো এই ৰোগ হোৱাটো নিৰ্ভৰ কৰে। শাৰীৰিক পৰিশ্ৰম কমকৈ কৰা মধ্যবিত্ত আৰু ধনী ব্যক্তিৰ শৰীৰত কলেষ্টৰল বৃদ্ধি স্বাভাৱিকতে বাঢ়ে। শৰীৰত বৰ্ধিত কলেষ্টৰল ক্ৰমে গলব্লাডাৰত সঞ্চিত হৈ ষ্টন গঠন হয়। সেয়েহে শাৰীৰিক পৰিশ্ৰম, সাঁতোৰা ,  প্ৰতিদিনে অন্তত ১০ কিলোমিটাৰ চাইকেল চলালে এই ৰোগ হোৱাৰ সম্ভাৱনা কমে।

(৩) আজিকালি অসমত বিক্ৰী হোৱা খোৱাতেল প্ৰায় সকলোখিনি ভেজাল। এই ভেজাল খোৱাতেলৰ কাৰণে অসমত গলব্লাডাৰ ষ্টন বৃদ্ধি পাইছে। সেয়েহে এই ভেজাল তেলৰ ব্যৱহাৰ কমকৈ কৰিল গলব্লাডাৰ ষ্টন হোৱাৰ পৰা ৰক্ষা পাব ।

(৪) ফাষ্ট ফুড, কণী, ব্ৰইলাৰ মাংস, ঘৰচীয়া জন্তুৰ মাংস, ঘিউ, মাখন, পনীৰ ইত্যাদি বিভিন্ন প্ৰকাৰ চৰ্বীজাতীয় খাদ্য বেছিকৈ খোৱাৰ ফলত শৰীৰ লোদোৰ-পোদোৰ হোৱাৰ উপৰিও কলেষ্টেৰল বৃদ্ধি হয়। এই বৰ্ধিত কলেষ্টেৰলৰ কাৰণে গলব্লাডাৰ ষ্টনত আক্ৰান্ত হোৱাৰ উপৰিও উচ্চ ৰক্তচাপ আৰু হৃদৰোগ হোৱাৰ অধিক সম্ভাৱনা। সেয়েহে এই ধৰণৰ খাদ্য কমকৈ খালে এই ৰোগৰ পৰা হাত সাৰিব পাৰিব।

 (৫) ৰাতিপুৱা খালী পেটেৰে থাকি দূপৰীয়া উদৰপুৰাই খোৱা স্বভাৱৰ কাৰণেও শৰীৰত কলেষ্টেৰল বৃদ্ধি হৈ এই ৰোগ হয়। সেয়েহে ৰাতিপুৱা সদায় সামান্য গধুৰ আহাৰ খালে কলেষ্টেৰল নাবাঢ়ে। সদায় আহাৰ কমকৈ দিনটোৰ ভিতৰত ছবাৰ খালে কলেষ্টেৰল বৃদ্ধি নহয়। এইদৰে আহাৰ খালে গলব্লাডাৰ ষ্টনৰ উপৰিও গেষ্ট্ৰিকৰ ৰোগ, বদহজম ইত্যাদি অন্যান্য বহুতো ৰোগৰ পৰা ৰক্ষা পাব।

(৬) অত্যাধিক প্ৰানীজ প্ৰটিন খোৱাৰ বাবেও গলব্লাডাৰ ষ্টন হয়৷  দৰাচলতে, জীৱ-জন্তুৰ পৰা পোৱা প্ৰ’টিনে কেলচিয়াম পাথৰ আৰু ইউৰিক এচিড পাথৰৰ আশংকা বৃদ্ধি কৰে। মাছ, মাংসত প্ৰটিনৰ সৈতে কেলচিয়াম অধিক থাকে, সেয়েহে সেইবোৰ অত্যাধিক গ্ৰহণ নকৰিব। যদি আপোনাৰ পিত্তথলী বা বৃক্কৰ পাথৰ আছে, আপুনি সেইবোৰ একেবাৰে গ্ৰহণ কৰা উচিত নহয়।

গলব্লাডাৰ ষ্টনৰ বাবে প্ৰতিকাৰ- Prevention of Gall Bladder Stone in assamese

(১) ৰাতিপুৱা খালী পেটত ৪-৫ ফুট নহৰু বাকলি সহ গিলি খালে শৰীৰৰ অতিৰিক্ত কলেষ্টেৰল কমি এই ৰোগৰ পৰা সুৰক্ষিত হ’ব পাৰিব। নহৰুৰ বাকলি আৰু সাৰভাগৰ মাজত থকা ভলেতাইল অইল নামৰ এবিধ তেলে শৰীৰৰ অতিৰিক্ত কলেষ্টেৰল কমায়‌।

(২) সদায় কল খোৱাৰ অভ্যাস কৰিব। কলত থকা মেগনেছিয়ামে শৰীৰৰ কলেষ্টৰল নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে। সেয়েহে সহজে কলখোৱা ব্যক্তিৰ গলব্লাডাৰ ষ্টন নহয়।

(৩) খাৰখোৱা অসমীয়াই আজিকালি কলাখাৰ চিনি নোপোৱা হ’ল। কলাখাৰ খালে হজম আৰু বিপাক সুচাৰুভাৱে হয় বাবে শৰীৰত কলেষ্টেৰল বৃদ্ধি হোৱাটো নিয়ন্ত্ৰণ কৰে। তাৰোপৰি সদায় যথেষ্ট পৰিমাণে আহজাতীয় খাদ্য খাব লাগে। আহজাতীয় খাদ্যৰ কাৰণে খাদ্যত থকা চৰ্বী কমকৈ শোষিত হয় বাবে শৰীৰত কলেষ্টেৰল নিয়ন্ত্ৰণ হয় আৰু গলব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা কমি যায়। 

(৪) তেতেলিত টাৰটাৰিক এচিড থাকে। তেতেলি খালে যকৃত বা লিভাৰৰ কাৰ্যক্ষমতা আৰু গলব্লাডাৰৰ সঙ্কোচন কাৰ্য্য ২০-২৫% বৃদ্ধি হয়। অতিৰিক্ত ভাৱে গলব্লাডাৰ সঙ্কুচিত হোৱাৰ পৰিপ্ৰেক্ষিতত  গলব্লাডাৰৰ ভিতৰত থকা পিত্তৰস সম্পূৰ্ণৰূপে বাহিৰহৈ পিত্তাশয় বা গলব্লাডাৰ পৰিস্কাৰ কৰি ৰাখিব পাৰে। সেয়েহে তেতেলি নিয়মীয়াকৈ খালে গলব্লাডাৰ ষ্টন হোৱাৰ সম্ভাৱনা নাথাকে।

(৫) ভূজঙ্গাসন বা সৰ্পাসন, অৰ্ধচক্ৰাসন, চক্ৰাসন আৰু ময়ুৰাসন আদি যোগাসন কৰিলে পেটত অতিৰিক্ত চৰ্বী জমা হ’ব নোৱাৰে। তাৰোপৰি গলব্লাডাৰ অধিক সক্ৰিয় হোৱাৰ বাবে সহজে গলব্লাডাৰ ষ্টন নহয়।

(৬) কেতিয়াবা ঘূৰণীয়া পেলুৰ সৰু সৰু পলুবোৰ গলব্লাডাৰলৈ প্ৰৱেশ কৰি থিতাপি লয়। এই ঘূৰণীয়া পেলুৰ কাৰণেও গলব্লাডাৰ উখহি বিষাবলৈ (cholecystitis) ধৰে। এই লক্ষণ সমূহ গলব্লাডাৰ ষ্টনৰ লক্ষণৰ সৈতে একেই। সেয়েহে বহুতো সময়ত ভুল চিকিৎসা হোৱাৰ সম্ভাৱনা থাকে। ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে ছমাহৰ অন্তৰত সকলোৱে পেলুৰ ঔষধ খাব লাগে।

আশাঁ কৰো উপৰোক্ত লিখনিৰদ্বাৰা আপোনালোক উপকৃত হল৷🙏

অধিক জানিবলৈ আৰু আয়ুৰ্বেদিক/এলোপেথিক/হমিঅপেথী চিকিৎসকৰ সৈতে কথা পাতিবলৈ তলৰ 𝐁𝐎𝐎𝐊 𝐀𝐍 𝐀𝐏𝐏𝐎𝐈𝐍𝐓𝐌EN𝐓 𝐅𝐎𝐑𝐌 খন 𝐅𝐈𝐋𝐋𝐔𝐏 কৰি পৰামৰ্শ লওঁক৷ 

𝐄𝐦𝐚𝐢𝐥 𝐮𝐬: 𝐟𝐢𝐭𝐚𝐬𝐬𝐚𝐦@𝐠𝐦𝐚𝐢𝐥.𝐜𝐨𝐦


Spread the love

Dr. Manoj Kumar Saikia

Senior Medical officer at BORKOLA MPHC

Leave a Reply

Your email address will not be published. Required fields are marked *