এটি গুৰুতৰ ৰোগ Gastric Gastroperasis: কাৰন, লক্ষণ আৰু চিকিৎসা

Spread the love

Gastroparesis কি? what is Gastroparesis? In assamese

Gastroparesis হৈছে এক বিকাৰ যি পাকস্থলীত খাদ্য স্বাভাৱিকতকৈ বেছি সময় থাকিলে হয়৷ অৰ্থাৎ এই ৰোগ হৈছে এনে এক স্থিতি যি আপোনাৰ পেটৰ পেশীৰ স্বাভাৱিক স্বতঃস্ফূৰ্ত চলাচল (motility) প্ৰভাৱিত কৰে। সাধাৰণতে, শক্তিশালী পেশীৰ সংকোচনৰ ফলত আপোনাৰ পাচন নলীৰ মাজেৰে খাদ্য প্ৰেৰিত হয়। কিন্তু যদি আপোনাৰ gastroparesis হয়, তেতিয়া আপোনাৰ পেটৰ গতিশীলতা লেহেম হয় বা একেবাৰে কাম নকৰে, যাৰ ফলত আপোনাৰ পেট সঠিকভাৱে খালী হোৱাত বাধা দিয়ে।

Gastroparesis বহুতো কাৰণৰ ফলত হ’ব পাৰে। ইয়াৰ কোনো চিকিৎসা নাই, কিন্তু এই ৰোগৰ লক্ষণবোৰ নিয়ন্ত্ৰণ কৰিব পৰা যায়।

এই বিকাৰৰ ফলত বিভিন্ন ধৰণৰ লক্ষণ দেখা দিব পাৰে, যাৰ ভিতৰত আছে ওকালি অহা, বমি হোৱা, সম্পূৰ্ণ অনুভৱ কৰা আৰু হজম লেহেম হোৱা। । এই অৱস্থাটোক gastric gastroperasis বুলি কোৱা হয়।

এই ৰোগক Delayed Gastric Emptying বুলিও কোৱা হয়৷

Gastroparesis লক্ষণবোৰ কি? Signs and symptoms of gastroparesis in assamese

গেষ্ট্ৰোপেৰাচিছৰ লক্ষণবোৰৰ ভিতৰত আছে: 

‣ বমি হোৱা

‣ উকালি অহা

‣ পেটৰ বিষ

‣ অলপ খোৱাৰ পিছতে পেট ভৰ্তি যেন অনুভৱ কৰা

‣ কেইঘণ্টামান আগতে খোৱা খাদ্য বমি হিচাপে ওলাই অহা 

‣ ৰক্ত শৰ্কৰাৰ স্তৰৰ পৰিৱৰ্তন

‣ বুকু জ্বলা

‣ ভোক হ্ৰাস 

‣ ওজন হ্ৰাস আৰু পুষ্টিহীনতা।

Gastroparesis ভুগি থকা বহুলোকৰ ক্ষেত্ৰত এই সংকেত আৰু লক্ষণসমূহ সহজে দেখা নাযায়।

Gastroparesis হোৱাৰ কাৰণ কি?Gastroparesis causes in assamese

Gastroparesis কাৰণ ইমান স্পষ্ট নহয়, কিন্তু কিছুমান ক্ষেত্ৰত পেটৰ পেশী নিয়ন্ত্ৰণ কৰা স্নায়ু ক্ষতিগ্ৰস্ত হ’লে এনে হয়।  

Gastroparesis হোৱাৰ অন্যতম কাৰন হল ভেগাছ স্নায়ু (vagus nerve) ক্ষতিগ্ৰস্ত হোৱা৷ ভেগাছ স্নায়ুয়ে(vagus nerve) আমাৰ পাচন নলীৰ জটিল প্ৰক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে, যাৰ ভিতৰত আছে পাকস্থলীৰ পেশীবোৰ সংকুচিত হোৱাৰ সংকেত দিয়া আৰু খাদ্য ক্ষুদ্ৰ অন্ত্ৰলৈ (small intestine) ঠেলি দিয়া। vagus nerve ক্ষতিগ্ৰস্ত হলে পেটৰ পেশীসমূহলৈ সংকেত প্ৰেৰণ কৰিব নোৱাৰে। ইয়াৰ ফলত ক্ষুদ্ৰ অন্ত্ৰলৈ(small intestine) যোৱাৰ সলনি পাকস্থলীত খাদ্য দীঘলীয়া সময় উমা হয় থাকে।

তদুপৰি vagus nerve আৰু ইয়াৰ শাখাবোৰ ডায়েবেটিচৰ দৰে ৰোগৰ দ্বাৰা, বা পাকস্থলী বা ক্ষুদ্ৰ অন্ত্ৰৰ অস্ত্ৰোপচাৰৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ’ব পাৰে।

Gastroparesis অধিক জটিল হোৱাৰ সম্ভাৱনা থাকে যদিহে তলৰ ৰোগসমূহ থাকে-

‣ থাইৰইড হৰমনৰ অভাৱ (Hypothyroidism)

‣ ঔষধ যেনে narcotics আৰু কিছুমান antidepressant (অৱসাদৰোধী) বাবে

‣ Parkinson’s Disease 

‣ Multiple Sclerosis 

‣ Amylodosis ( টিচ্যু আৰু অঙ্গসমূহত প্ৰটিন আঁহ জমা হোৱা)

‣ Scleroderma ( সংযোজক টিচ্যু বিকাৰ যাৰ ফলত ছাল, ৰক্ত নলীকা, skeletal পেশীসমূহ আৰু আভ্যন্তৰীণ অঙ্গবোৰ প্ৰভাৱিত কৰে) দৰে বিৰল পৰিস্থিতি…

জটিলতা-Complications

Gastroparesis ফলত বহু জটিল পৰিস্থিতিৰ সৃষ্টি হব পাৰে, যেনে:

গুৰুতৰভাৱে দেহত পানীৰ অভাৱ-Severe dehydration: বমি হৈ থকাৰ ফলত dehydration হ’ব পাৰে।

পুষ্টিহীনতা-Malnutrition.  ভোক কমকৈ অনুভৱ হোৱা বাবে পৰ্যাপ্ত কেলৰি গ্ৰহণ নকৰে, বা বমিৰ হোৱাৰ বাবে পৰ্যাপ্ত পুষ্টি শোষণ কৰিবলৈ অক্ষম হ’ব পাৰে।

জীৱনৰ বাবে বিপদজনক: হজম নোহোৱা খাদ্য যি পেটত কঠিন হৈ থাকে। এই পেটত হজম নোহোৱা খাদ্য এক গোটা ভৰলৈ কঠিন হয় যাক bezoar বুলি কোৱা হয়৷

bezoar ৰৰ ফলত ওকালি অহা আৰু বমি হ’ব পাৰে আৰু যদি আপোনাৰ ক্ষুদ্ৰ অন্ত্ৰলৈ খাদ্য যোৱা প্ৰতিহত কৰে তেনেহ’লে জীৱনৰ বাবে বিপদজনক হ’ব পাৰে।

ডায়েবেটিচ ৰোগীৰ অৱস্থা অধিক বেয়া হব পাৰে: অপ্ৰত্যাশিতভাৱে ৰক্ত শৰ্কৰা সলনি হয়। যদিও Gastroparesis ফলত ডায়েবেটিচ নহয়, তথাপি small intestine যোৱা খাদ্যৰ হাৰ আৰু পৰিমাণৰ সঘনাই পৰিৱৰ্তনৰ ফলত ৰক্ত শৰ্কৰাৰ স্তৰ অনিয়মীয়া পৰিৱৰ্তন হ’ব পাৰে৷ ৰক্ত শৰ্কৰাৰ এই তাৰতম্যবোৰে ডায়েবেটিচক বেয়া কৰি তোলে। ইয়াৰ ফলত, ৰক্ত শৰ্কৰাৰ স্তৰৰ দুৰ্বল নিয়ন্ত্ৰণে Gastroparesis ক অধিক বেয়া কৰি তোলে।

চিকিৎসা-Diagnosis

এই ৰোগবিধ নিৰ্ণয় কৰিবলৈ, চিকিৎসকে প্ৰথমে ইয়াৰ লক্ষণবোৰৰ বিষয়ে জানি লয় । একে সময়তে, আপোনাক শাৰীৰিকভাৱে পৰীক্ষা কৰিবলৈ দিয়া হয়৷ Gastroparesis ত ৰক্ত শৰ্কৰাৰ স্তৰৰ পৰীক্ষাও প্ৰয়োজনীয়। লগতে আপোনাক আন কিছুমান পৰীক্ষা কৰিবলৈও পৰামৰ্শ দিয়া হ’ব পাৰে যেনে:

Barium X-ray

Barium Beefsteak Meal

Radioisotope Gastric-Emptying Scan

Electrogastrography

Wireless Motility Capsule

Gastric Manometry

Ultrasound

Stomach or Small Intestine Biopsy ইত্যাদি৷

Gastroparesis ৰোগবিধ সম্পূৰ্ণভাৱে নিৰাময় কৰিব নোৱাৰি৷ কিন্ত্ত ইয়াৰ লক্ষণসমূহ চিকিৎসকৰ সহায়ত নিয়ন্ত্ৰণ কৰিব পৰা যায়৷

আমি আশা কৰোঁ যে এই প্ৰবন্ধটো  আপোনাৰ বাবে উপকাৰী হব  আৰু এই প্ৰবন্ধত দিয়া তথ্যৰ ওপৰত আধাৰিত কৰি আপুনি নিজকে আৰু আপোনাৰ প্ৰিয়জনক সুৰক্ষা দিবলৈ সক্ষম হ’ব।

যদি আপুনি বা আপোনাৰ পৰিচিত কোনোবাই স্বাস্থ্য ৰোগ আৰু চিকিৎসাৰ সম্ভাৱ্য পদ্ধতিৰ বিষয়ে অধিক জানিব বিচাৰে, তেন্তে তেওঁ +91 99543 34934 ত ৱাটচআপ্ নতুবা ফনৰ দ্বাৰা বিনামূলীয়া পৰামৰ্শ বিচাৰিব পাৰে।

ধন্যবাদ৷


Spread the love

Mitali Saikia

Mrs. Mitali Saikia is the founder, Author of Fitassam. Around 85% of the content lives on this website is written and created by Mitali Saikia. Mitali Saikia has been working as a freelance writer on health, parenting, self-improvement, etc. In Dec 2019, She has founded the Fitassam website to help other practitioners of alternative medicine, authors, and people by sharing his knowledge, expertise, and clinical experience.

Leave a Reply

Your email address will not be published. Required fields are marked *