মুৰটো গধুৰ লাগি থকা যেন অনুভৱ কৰে নেকি? কিয় হয় মুৰ গধুৰ? Heaviness in head in assamese

Spread the love

সাধাৰণতে এজন প্ৰাপ্তবয়স্ক পুৰুষৰ মগজুৰ গড় ওজন 1336 গ্ৰাম আৰু প্ৰাপ্তবয়স্ক মহিলাৰ মগজুৰ গড় ওজন 1198 গ্ৰাম হয়৷ এই মগজু খোলা, মগজুৰ কলা আৰু অন্যান্য পদাৰ্থৰে গঠিত। কিন্তু কেতিয়াবা ই স্বাভাৱিকতকৈ গধুৰ অনুভৱ কৰিবলৈ আৰম্ভ কৰে, যাক মুৰ গধুৰ (heaviness of the head) হোৱা বুলিও কোৱা হয়। এইটো কেৱল এটা অনুভৱ য’ত অস্থিৰতাৰ বাবে সময় অতিবাহিত কৰা কঠিন হয় পৰে। 

মুৰ গধুৰ লগাত এনে অনুভৱ হ’ব পাৰে যেন আপুনি আপোনাৰ মূৰৰ ওজন কঢ়িয়াব নোৱাৰে বা যেন আপোনাৰ মূৰত এটা টান কিবা এটা বান্ধি থোৱা আছে। মুৰ গধুৰ (heaviness of the head) লগাটো নিম্নলিখিত স্থিতিবোৰৰ সৈতে সম্পৰ্কিত হ’ব পাৰে: 

🔺 ভাগৰ 

🔺মুৰৰ বিষ 

🔺ডিঙিৰ বিষ 

🔺মূৰ ঘূৰোৱা

🔺চিন্তা বা উদ্বেগ অধিক হোৱা যাৰ ফলত যিকোনো কথা স্পষ্টকৈ চিন্তা কৰা বা মনোযোগ দিব নোৱাৰে৷ (Brain fog) 

(পুষ্টিৰ অভাৱ, নিদ্ৰাহীনতা, ডায়েবিটিচ, উচ্চ চেনী গ্ৰহণৰ ফলত বেক্টেৰিয়াৰ সংখ্যা বৃদ্ধি, হতাশা বা আনকি থাইৰয়ডৰ দৰে বিভিন্ন স্থিতিৰ বাবে মুৰ গধুৰ (heaviness of the head) হ’ব পাৰে, সেয়েহে মুৰ গধুৰ অনুভৱৰ সঠিক কাৰণ বিচাৰি উলিওৱা প্ৰায়ে কঠিন হ’ব পাৰে।) 

মুৰটো কিয় গধুৰ তাৰ কাৰণ জানিবলৈ আপুনি অন্যান্য লক্ষণ আৰু শেহতীয়া ঘটনাবোৰ মূল্যায়ন কৰিব লাগিব।

👉 মুৰ গধুৰ হোৱাৰ লক্ষণ – Heaviness in head symptoms in assamese

মুৰ গধুৰ হোৱাৰ লক্ষণবোৰত নিম্নলিখিতবোৰ অন্তৰ্ভুক্ত থাকিব পাৰে – 

যেতিয়া মুৰটো গধুৰ অনুভৱ হয় ই কিছুমান অন্তৰ্নিহিত কাৰণৰ ওপৰত নিৰ্ভৰ কৰিব পাৰে। 

বেছিভাগ লোকে পেশী প্ৰসাৰিত কৰাৰ দৰে লক্ষণ অনুভৱ কৰে, বিশেষকৈ ডিঙি আৰু কান্ধৰ পেশীত। এই চাপৰ ফলত ডিঙিত জঠৰতা হ’ব পাৰে, যাৰ ফলত মুৰটো সোঁ আৰু বাওঁফালে লৰচৰ কৰা কঠিন হ’ব পাৰে। মুৰ গধুৰ হোৱাৰ অন্যান্য লক্ষণবোৰৰ ভিতৰত আছে মুৰৰ বিষ, বিশেষকৈ মুৰৰ দুয়োফালে। 

👉 মুৰ গধুৰ হোৱাৰ কাৰণসমূহ – Heaviness in head causes in assamese 

গধুৰ মুৰৰ কাৰণবোৰ নিম্নলিখিতবোৰ:

💠 ভাৰসাম্য নোহোৱা হোৱা (Balance disorder): মূৰ ঘূৰোৱাৰ ফলত প্ৰায়ে শৰীৰৰ ভাৰসাম্য নোহোৱা হ’ব পাৰে, যাৰ ফলত মুৰটো গধুৰ অনুভৱ হ’ব পাৰে। অৱশ্যে, এই লক্ষণবোৰ Balance disorder হ’ব পাৰে, যাৰ ভিতৰত আছে বিভিন্ন ধৰণৰ Balance disorder: 

1. Meniere’s disease 

2. Positional vertigo 

3. Vestibular neuronitis 

এই প্ৰতিটো বিকাৰত, এজন ব্যক্তিয়ে এনে অনুভৱ কৰিব পাৰে যেন তেওঁৰ মুৰটো স্বাভাৱিকতকৈ গধুৰ। 

💠 মাইস্থেনিয়া গ্ৰেভিছ (Myasthenia Gravis): 

Myasthenia Gravis (MG) হৈছে এক স্থিতি যি পেশীবোৰ স্বাভাৱিকতকৈ দুৰ্বল কৰি তুলে। এই লক্ষণবোৰৰ ফলত প্ৰথমতে ডিঙিৰ পেশীত দুৰ্বলতা আৰু সহজে ভাগৰ লাগিব পাৰে। কিছুমান সৰল কাম কৰাটো কঠিন হ’ব পাৰে যেনে চোবাওৱা, কথা কোৱা বা মুৰটো এটা স্থিতিত ৰখা। 

💠 ভঙ্গী বেয়া হোৱা (Posture loss)

 : Surgical Technology International মতে, যদি ডিঙি আৰু মুৰ প্ৰায় 15 ডিগ্ৰী আগলৈ বেঁকা হয়, এনে অনুভৱ হ’ব পাৰে যেন মুৰৰ ওজন প্ৰায় 27 পাউণ্ড (প্ৰায় 12 কিগ্ৰা)। একেদৰে, দীঘলীয়া সময়ৰ বাবে ভঙ্গীত থাকিলে মুৰটো গধুৰ অনুভৱ কৰিব পাৰে। 

💠 চাইনাছ মুৰবিষ (Sinus headache):

চাইনাছ হেডেকে বিষ আৰু চাপ বৃদ্ধি কৰিব পাৰে আৰু এই পৰিস্থিতিত মুৰটো গধুৰ অনুভৱ কৰাব পাৰে। চাইনাছ ফুলিলে মানুহে মুৰ গধুৰ অনুভৱ কৰাতো প্ৰায়ে দেখা যায়।

💠 টেনচন মুৰবিষ (Tension headache) : 

টেনচন হেডেক হৈছে এক প্ৰকাৰৰ মুৰৰ বিষ। ইয়াত এক ‘dull pen’ থাকে, যেনে মুৰটো টানকৈ হেঁচি দিয়া বা চেপি ধৰা। ‘dull pen’ মানে হৈছে এনে বিষ যি সাধাৰণতে দীঘলীয়া বা নিৰন্তৰ ভাৱে প্ৰভাৱিত কৰে। 

👉 মুৰ গধুৰ হলে চিকিৎসা ব্যৱস্থা – Heaviness in head treatment in assamese

গধুৰ মুৰৰ চিকিৎসা অন্তৰ্নিহিত কাৰণবোৰৰ ওপৰত নিৰ্ভৰ কৰে। যদি আপুনি গধুৰ মুৰৰ অনুভৱৰ সৈতে আন লক্ষণ অনুভৱ কৰি আছে, আপুনি এই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। তেওঁলোকে চিকিৎসা ইতিহাস পৰীক্ষা কৰাৰ লগতে শাৰীৰিক পৰীক্ষা কৰিব পাৰে। তেওঁলোকে আন স্থিতি পৰীক্ষা কৰিবলৈ কিছুমান তেজ পৰীক্ষা যেনে ৰক্তহীনতা বা থাইৰইড পৰীক্ষাও কৰিব পাৰে। 

লক্ষণবোৰৰ ওপৰত নিৰ্ভৰ কৰি, তেওঁলোকে আপোনাক পৰীক্ষাৰ বাবে আন এজন চিকিৎসকৰ (প্ৰভাৱিত অঙ্গৰ বিশেষজ্ঞ -specialist dealing with the affected organ) ওচৰলৈ যাবলৈ পৰামৰ্শ দিব পাৰে। যেনে মস্তিষ্কৰ অস্বাভাৱিকতাৰ বাবে স্নায়ুবিশেষজ্ঞ বা কাণৰ সমস্যাৰ বাবে ইএনটি (ENT)। 

যদি মুৰৰ গধুৰতা ভাগৰ, পুষ্টিহীনতা বা ডিহাইড্ৰেচনৰ ফলত হয়, নিশ্চিত কৰিব যে আপুনি: 

1. পৰ্যাপ্ত টোপনি যোৱা 

2. সন্তুলিত আহাৰ গ্ৰহণ কৰা 

3. পৰ্যাপ্ত পানী গ্ৰহন কৰিব৷

বৰফ লগোৱা (Ice compresses), ষ্ট্ৰেচিং, মালিচ আৰু over-the-counter (OTC) পেইনকিলাৰে ডিঙিৰ চাপৰ চিকিৎসা কৰাত সহায় কৰিব পাৰে। 

চিকিৎসকসকলে আন কিছুমান স্থিতিৰ চিকিৎসাৰ বাবে ঔষধ দিব পাৰে। 

উদাহৰণস্বৰূপে: 

1. মাইগ্ৰেইনৰ বাবে পেইনকিলাৰ 

2. লোৰ অভাৱ এনিমিয়া বা অন্যান্য ভিটামিনৰ অভাৱৰ চিকিৎসাৰ বাবে পৰিপূৰক 

3. থাইৰয়দৰ ঔষধ দিয়া

4. Anti-anxiety  ঔষধ 

5. মূৰ ঘূৰনিৰ চিকিৎসাৰ বাবে ঔষধ ইত্যাদি…

✍️আমি আশা কৰোঁ যে এই প্ৰবন্ধটো  আপোনাৰ বাবে উপকাৰী হব  আৰু এই প্ৰবন্ধত দিয়া তথ্যৰ ওপৰত আধাৰিত কৰি আপুনি নিজকে আৰু আপোনাৰ প্ৰিয়জনক সুৰক্ষা দিবলৈ সক্ষম হ’ব।

যদি আপুনি বা আপোনাৰ পৰিচিত কোনোবাই স্বাস্থ্য ৰোগ আৰু চিকিৎসাৰ সম্ভাৱ্য পদ্ধতিৰ বিষয়ে অধিক জানিব বিচাৰে, তেন্তে আমাৰ Health consultant +91 9954334934 (Bimal Borah) নম্বৰত ৱাটচআপৰ দ্বাৰা পৰামৰ্শ বিচাৰিব পাৰে।

আমাক মেইল কৰিব পাৰে: [email protected]

আমাৰ অন্যান্য 𝙎𝙤𝙘𝙞𝙖𝙡 𝙢𝙚𝙙𝙞𝙖 মাধ্যমৰ লগত জড়িত হওঁক-

𝗜𝗻𝘀𝘁𝗮𝗴𝗿𝗮𝗺: 

https://www.instagram.com/fitassam.xyz/

𝗣𝗶𝗻𝘁𝗲𝗿𝗲𝘀𝘁:

https://in.pinterest.com/fitassam/

ধন্যবাদ৷


Spread the love

Mitali Saikia

Mrs. Mitali Saikia is the founder, Author of Fitassam. Around 85% of the content lives on this website is written and created by Mitali Saikia. Mitali Saikia has been working as a freelance writer on health, parenting, self-improvement, etc. In Dec 2019, She has founded the Fitassam website to help other practitioners of alternative medicine, authors, and people by sharing his knowledge, expertise, and clinical experience.

Leave a Reply

Your email address will not be published. Required fields are marked *