কিদৰে খাব নহৰু আৰু মৌ মিশ্ৰন? ইয়াৰ অভূতপূৰ্ব উপকাৰিতা বিষয়ে জানো আঁহক- How to eat Honey and Garlic in Assamese

Spread the love

আপুনি প্ৰায়ে অসুস্থ হৈ থাকেনি?  যদি হয় তেন্তে  সম্ভৱত এই লক্ষণে বুজাই যে আপুনাৰ ইমিউনিটি সিস্টেম বা প্ৰতিৰক্ষা প্ৰণালী আগৰ দৰে শক্তিশালী হৈ থকা নাই।  এজন ব্যক্তিৰ সুস্থ হোৱাৰ বাবে, তেওঁৰ প্ৰতিৰোধ ব্যৱস্থা শক্তিশালী ৰখা প্ৰয়োজন যাতে তেওঁ বিভিন্ন ৰোগৰ লগত যুঁজ কৰিব পাৰে বা প্ৰতিৰোধ কৰিব পাৰে৷ যি ব্যক্তিৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, তেওঁৰ একাধিক ৰোগ হোৱাৰ সম্ভাৱনা থাকে। গতিকে সুস্বাস্থ্যৰ বাবে স্বাস্থ্যকৰ ডায়েট খোৱা দৰকাৰ।  এইক্ষেত্ৰত নহৰু লগত মৌ খোৱাতো খুবেই উপকাৰী৷  এই দুটি উপাদানেৰ সংমিশ্ৰণ আপুনাৰ প্ৰতিৰোধ ক্ষমতা অনেকভাৱে শক্তিশালী কৰে আৰু ৰোগৰ বিৰুদ্ধে যুঁজ কৰাৰ বাবে আপুনাৰ দেহৰ ক্ষমতাক উন্নত কৰি তুলে।

নহৰু আৰু মৌ বহু শতাব্দী ধৰি ব্যৱহৃত হৈ আহিছে। ইয়াৰ সেৱনে  অনেক ধৰণৰ ৰোগ নিৰাময় কৰাত সহায়তা কৰে।  নহৰুৰ লগত মৌ খালে ইয়াৰ বৈশিষ্ট্য বহুগুণ বৃদ্ধি পায়। ইয়াৰ ব্যৱহাৰ কৰি, আপুনি আপুনাৰ প্ৰতিৰোধ ক্ষমতাও শক্তিশালী কৰিব পাৰে।  এই মিশ্ৰণটি এন্টিবায়োটিক হিচাবে ব্যৱহাৰ কৰিব পাৰে।

আঁহক জানো এই মিশ্ৰনৰ উপকাৰিতা বিষয়ে…

নহৰু আৰু মৌ ৰ উপকাৰিতা-Garlic and Honey Benefits-Naharu aru Mou ar Upakarita

  • মৌ আৰু নহৰুৰ উপকাৰিতা কলেষ্টৰেলৰ বাবে- Garlic and Honey benefits for Cholesterol in Assamese

 যেতিয়া আপুনি কলেস্টেৰলৰ বাবে নহৰু গ্ৰহণ কৰে তেতিয়া নহৰুয়ে পেটত প্ৰাকৃতিক ৰস বা তৰলৰ উৎপাদন বৃদ্ধি কৰি তোলে।  আয়ৰনৰ শোষণৰ বাবে নহৰু সেৱন কৰাতো প্ৰয়োজনীয়।  নহৰু লগত মৌ সেৱন কৰি  আপুনি আপুনাৰ ৰক্ত ​​প্ৰবাহ বঢ়ায় তুলিব পাৰে কাৰণ মৌ আৰু নহৰু ভিটামিন আৰু খনিজ সমৃদ্ধ। ইয়াৰ উপৰি, এই মিশ্ৰনে কলেস্টেৰল আৰু ট্ৰাইগ্লিসাৰাইডেৰ মাত্ৰা হ্ৰাস কৰে।  আৰু লগতে আপুনাৰ ৰক্তক গাঢ় হোৱাত বাধা দিয় যি ৰক্তক স্বাভাৱিকভাবে প্ৰবাহিত কৰে।  এই মিশ্ৰনি হাৰ্টৰ সমস্যাসমূহ  ৰোধ কৰাত সহায়তা কৰিব পাৰে।

  • শক্তিৰ বাবে নহৰু আৰু মৌ- Garlic and Honey benefits for Energy 

গোটেই দিন কাম কৰাৰ অন্তত ক্লান্তি অনুভৱ কৰা স্বাভাবিক৷ এনেক্ষেত্ৰত, আমাৰ অনেকে শক্তি বজায় ৰখাৰ ক্ষেত্ৰত বিভিন্ন ধৰণৰ এনাৰ্জি ড্ৰিংক গ্ৰহণ কৰে।  তেন্তে কিছু সময়েৰ পিছত এই পানীয়সমূহে ক্ষতি কৰা আৰম্ভ কৰে কাৰণ এই পানীয়সমূহ চেনি আৰু কেফেইন সমৃদ্ধ হয়৷ কিন্ত্ত মৌ শক্তি পূৰ্ণ আৰু কোনো ক্ষতি নকৰাকৈ উপকাৰ দিয়ে। গতিকে আপুনাৰ দিনটো নহৰু আৰু মৌ দ্বাৰা আৰম্ভ কৰা খুব ভাল উপায়।

  • ওজন কমোৱাত নহৰু আৰু মৌৰ উপকাৰিতা- Garlic and Honey for Weight loss

ওজন হ্ৰাস কৰাত নহৰু আৰু মৌ ব্যৱহাৰ কৰা এনে এটি পদ্ধতি যি গোটেই বিশ্বত জনপ্ৰিয়তা লাভ কৰিছে।  আপুনি যেতিয়া প্ৰতিদিনে ৰাতিপুৱা  কেঁচা নহৰু আৰু মৌ খাব লব, আপুনাৰ শৰীৰৰ ফ্যাট লক্ষ্যনীয়ভাবে হ্ৰাস পায়।

  • নহৰু আৰু মৌৰ উপকাৰিতা ত্বকৰ বাবে- Garlic and Honey for skin

আপুনি যেতিয়া প্ৰতিদিনৰ আৰম্ভণি মৌ আৰু নহৰু সেৱনৰদ্বাৰা কৰিব, আপুনি শুষ্ক ত্বক বিদায় জনাব পাৰে।  প্ৰতিদিন এই মিশ্ৰণটি খালে আপুনাৰ ত্বক খুব উজ্জ্বল হৈ উঠিব আৰু ত্বকৰ লগত সম্পৰ্কিত বিভিন্ন ধৰণৰ সমস্যা দূৰ হয়।

  • চৰ্দি জ্বৰ প্ৰতিৰোধ কৰে মৌ আৰু নহৰুৰ ব্যৱহাৰে – Garlic and Honey for Cold

 মৌ আৰু নহৰুত উপস্থিত থকা এন্টি-ব্যাকটেৰিয়াল গুণসমূহে ঠাণ্ডা আৰু এলাৰ্জিৰ চিকিৎসাত সহায়তা কৰে। সেইবাবে আপুনি যদি ঠাণ্ডা, চৰ্দি, জ্বৰ আদি সমস্যাৰপৰা অশান্তিত  আছে তেন্তে আপুনি এই মিশ্ৰণটি গ্ৰহণ আৰম্ভ কৰিব পাৰে৷

  • মৌ নহৰুৰ বৈশিষ্ট্যসমূহে শক্তিশালী প্ৰতিৰোধ ক্ষমতা তৈয়াৰ কৰে-Garlic and Honey for Strong Immunity

নহৰু আৰু মৌৰ মিশ্ৰণে প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায়তা কৰে।  ক্যান্সাৰৰ দৰে ৰোগৰপৰা বাচিবৰ বাবে আপুনাৰ প্ৰতিৰোধ ব্যৱস্থা সুস্থ ৰখা জৰুৰী।  এই কাৰণেই নিজকে ৰক্ষাৰ বাবে যি কৰা সম্ভৱ সেয়া গুৰুত্বপূৰ্ণ। সেইবাবে, আপুনাৰ প্ৰতিৰোধ ক্ষমতা শক্তিশালী ৰখাত নহৰু আৰু মৌ খোৱা অত্যন্ত গুৰুত্বপূৰ্ণ।

কিদৰে খাব নহৰু আৰু মৌ  মিশ্ৰন?

উপকৰণ:

  • নহৰুৰ ১৫ টি কলি
  • ১ কাপ মৌ (৩৩৫ গ্ৰাম)
  • কাঁচৰ পাত্ৰ

প্ৰস্তুত কৰাৰ পদ্ধতি: 

  • নহৰু ভাল দৰে পিচি লব নতুবা ইচ্ছা কৰিলে নহৰু ফুটা হিচাবে গোটাকেও ৰাখিব পাৰে৷
  • চিচাৰ পাত্ৰত মৌ দিয়ক।
  • তাতে নহৰুখিনি দিয়ক ৷
  • পাত্ৰটো বন্ধ কৰক আৰু এটি  অন্ধকাৰ স্হানত এক সপ্তাহৰ বাবে ৰাখি থওক।

এক সপ্তাহ পিছত, আপুনি এক চামুচ নহৰু(পিচা) এক ফুটা নহৰু (গোটাকে) আৰু মৌ লগত ৰাতিপুৱা খালী পেটত সেৱন কৰক৷

সতৰ্কতাঃ যদি কোনো ব্যক্তিৰ নিম্নৰক্তচাপ আছে এই মিশ্ৰন ক্ষতিকৰ হব পাৰে৷ পেটৰ গুৰুতৰ সমস্যা থাকিলে নাখাব ৷ লিভাৰৰ সমস্যা থাকিলে নাখাব ৷ কোনো ব্যক্তিয়ে যদি বিশেষ বেমাৰৰ বাবে ঔষধ গ্ৰহন কৰি  আছে তেন্তে এবাৰ আপোনাৰ ডাক্তৰৰ পৰামৰ্শ লব৷

আমি আশা কৰোঁ যে এই প্ৰবন্ধটো  আপোনাৰ বাবে উপকাৰী হব  আৰু এই প্ৰবন্ধত দিয়া তথ্যৰ ওপৰত আধাৰিত কৰি আপুনি নিজকে আৰু আপোনাৰ প্ৰিয়জনক সুৰক্ষা দিবলৈ সক্ষম হ’ব।

যদি আপুনি বা আপোনাৰ পৰিচিত কোনোবাই স্বাস্থ্য ৰোগ আৰু চিকিৎসাৰ সম্ভাৱ্য পদ্ধতিৰ বিষয়ে অধিক জানিব বিচাৰে, তেন্তে তেওঁ +91 99543 34934 ত whatchapp নতুবা ফনৰ দ্বাৰা বিনামূলীয়া পৰামৰ্শ বিচাৰিব পাৰে।

ধন্যবাদ৷


Spread the love

Mitali Saikia

Mrs. Mitali Saikia is the founder, Author of Fitassam. Around 85% of the content lives on this website is written and created by Mitali Saikia. Mitali Saikia has been working as a freelance writer on health, parenting, self-improvement, etc. In Dec 2019, She has founded the Fitassam website to help other practitioners of alternative medicine, authors, and people by sharing his knowledge, expertise, and clinical experience.

3 thoughts on “কিদৰে খাব নহৰু আৰু মৌ মিশ্ৰন? ইয়াৰ অভূতপূৰ্ব উপকাৰিতা বিষয়ে জানো আঁহক- How to eat Honey and Garlic in Assamese

Leave a Reply

Your email address will not be published. Required fields are marked *