Pulse Oximeter প্ৰয়োজনীয়তা- How to use pulse oximeter? in assamese

Spread the love

Dr. Firoz U. Ahmed, Medical officer

Covid care centre, Guwahati

মই বৰ্তমান Royal Global University Covid Care centre, Guwahati ত এজন চিকিৎসক হিচাপে কৰ্মৰত৷ প্ৰকৃততে মোৰ দৰে বহুজন চিকিৎসকেই বিভিন্ন স্হানৰ পৰা আহি ইয়াত চিকিৎসা সেৱা আগবঢ়াই আছে৷ কভিড আক্ৰান্ত ৰোগীসকলৰ ভিতৰত সামান্যৰ পৰা মধ্যমীয়া লক্ষণ থকা ৰোগীসকলক এই চেন্টাৰত ৰখা হয়৷ আমি তেওঁলোকৰ লক্ষণসমূহ পৰ্যবেক্ষণ কৰি থাকো আৰু তেওঁলোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (immunity) বৃদ্ধি কৰি তুলিবৰ বাবে প্ৰয়োজনীয় মেডিচিন যেনে Vitamin C, D, B Complex, Zinc ইত্যাদি দিয়া হয়৷ সেইদৰে কোনো ৰোগীৰ অক্সিজেন লোৱাৰ অসুবিধা হলে অক্সিজেন যোগান দিয়া হয়৷ 

এই কভিড আক্ৰান্ত ৰোগীসকলৰ লগত দিনে ৰাতিয়ে শুশ্ৰূষা আগবঢ়াই যাওঁতে  আৰু কভিড আক্ৰান্ত ৰোগীসকলক নিচেই ওচৰৰপৰা পৰ্যবেক্ষণ কৰিয়ে আজি  আপোনালোকৰ আগত “PULSE OXIMETER” প্ৰয়োজনীয়তা সম্পৰ্কে কিছু কথা কব বিচাৰিছো৷ 

আপুনালোকে হয়তু বহুতেই Pulse Oximeter নাম ইতিমধ্যে শুনিব পাইছেই৷ কিন্ত্ত… আমি কিমানজনে pulse oximeter ক গুৰুত্বসহকাৰে লৈছো? বহুতেই আকৌ pulse oximeter কেৱল কভিড ৰোগী সকলৰ বাবেহে প্ৰয়োজন বুলিহে ভাবে৷ প্ৰকৃততে pulse oximeter ৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ ব্যৱহাৰ সম্পৰ্কে জানিব চেষ্টা কৰো আঁহক… 

পাল্স অক্সিমিটাৰৰ প্ৰয়োজনীয়তা

পাল্স অক্সিমিটাৰ-Pulse oximeter ৰ উদ্দেশ্য হ’ল যে আপোনাৰ হাৰ্টে আপোনাৰ শৰীৰৰ মাধ্যমেৰে কিদৰে অক্সিজেন  পাম্প কৰিছে তাক পৰীক্ষা কৰা। পাল্স অক্সিমিটাৰ- Pulse oximeter এটি সাধাৰণ ডিভাইচ যি আপোনাৰ ৰক্তত অক্সিজেনৰ পৰিমাণ পৰিমাপ কৰাত ইনফ্ৰাৰড লাইট (infrared light) ব্যৱহাৰ কৰে আৰু মাত্ৰ কিছু চেকেন্ডৰ ভিতৰতে সঠিক ফলাফল দিয়ে।  প্ৰথমতে, এয়া জনা প্ৰয়োজন যে ৰক্তত অক্সিজেনৰ পৰিপূৰ্ণতা পৰিমাপ কৰাৰ প্ৰয়োজন কিয়? লোহিত ৰক্ত ​​কোষত উপস্থিত হিমোগ্লোবিনে নিজক অক্সিজেনৰ লগত সংযুক্ত কৰে আৰু শৰীৰৰ বিভিন্ন অংশলৈ ৰক্ত ​​বহন কৰে। ওৱৰ্ল্ড হেলথ অৰ্গানাইজেচন (WHO) Pulse Oximetry Training Manual 2011 অনুসৰি, হিমগ্লোবিনৰ প্ৰতিটো কণায়ে অক্সিজেনৰ 4 কণিকা পৰ্যন্ত বহন কৰিব পাৰে। যি ব্যক্তিৰ শৰীৰত হিমোগ্লবিনে ৰক্তত উপস্থিত অক্সিজেনৰ 4 টি কণাক আবদ্ধ কৰিব পাৰে তেওঁলোকৰ দেহত অক্সিজনৰ পৰিপূৰ্ণতা 100 শতাংশ হয়৷  সাধাৰণভাবে, হিমগ্লবিন অক্সিজেনৰ চেচুৰেছন (saturation) 95 শতাংশ বা তাৰ বেছি হোৱা উচিত।

তথাপি শ্বাসকষ্ট, বুকৰ বিষ বা হাঁপানি, চিওপিডি(COPD)  বা কোভিড -১৯ (Covid-19) ৰ দৰে শ্বাসকষ্টজনিত অসুস্থতায়ে ৰক্তত  94 শতাংশৰো কম সংখ্যক অক্সিজেনৰ চেচুৰেশন স্তৰ হ্ৰাস কৰিব পাৰে আৰু  এই অৱস্থাক হাইপোক্সিমিয়া(hypoxemia) বোলা হয়।  হাইপোক্সিমিয়া ৰোগীৰ ক্ষেত্ৰত কোনো পলম নকৰি তাৎক্ষণিক অক্সিজেন থেৰাপিৰ প্ৰয়োজন হয় যি খুব সহজ আৰু কাৰ্যকৰ ডিভাইচ অক্সিজেন চিলিন্ডাৰ আৰু মাস্কৰ মাধ্যমেৰে দিব পৰা যায়৷

অক্সিজেনৰ এই অভাৱত যদি সময় মতে চিকিৎসা কৰা নহয় তেন্তে হাইপোক্সমিয়া advanced stage পাব পাৰে যেতিয়া শৰীৰৰ বিভিন্ন অংশ কাম কৰাৰ বাবে প্ৰয়োজনীয় অক্সিজন নাপায় আৰু এই অৱস্থাক হাইপোক্সিয়া (hypoxia) বোলা হয়৷ ই এটি মাৰাত্মক অৱস্থা হৈ পৰে আৰু তেতিয়া ৰোগীৰ সাধাৰণ অক্সিজেন থেৰাপিৰ লগতে ভেন্টিলেটৰ বা ECMO মেছিনৰ প্ৰয়োজন হব পাৰে।

যদিও এই ডিভাইচবিধ হস্পিতেলসমূহত প্ৰচুৰ ব্যৱহৃত হয় তথাপি পাল্স অক্সিমিটাৰ- Pulse oximeter এটি খুব সহজ ডিভাইচ আৰু ইয়াক ঘৰতো ব্যৱহাৰ কৰিব পৰা যায়। এই মেছিনটো দেখাত স্ট্যাপলাৰৰ দৰে, আপুনি মাত্ৰ ইয়াক আপোনাৰ তৰ্জনী আঙুলি, ভৰিৰ আঙুলি বা কানৰ লতি লগাব পাৰে যত আপোনাৰ বাবে সুবিজনক হয়।  মেছিনটো Sp02  ৰিডিং দেখায় যি ৰক্ত অক্সিজেনৰ সম্পৃক্ততাৰ শতাংশ (percentage of oxygen saturation) হয়৷  

যদি পৰিমাপ 95 শতাংশৰও কম হয় তেন্তে ইয়াৰ অৰ্থ আপুনি অবিলম্বে ডাক্তৰৰ লগত যোগাযোগ কৰা উচিত।

বৰ্তমান, পাল্স অক্সিমিটাৰ- Pulse oximeter-প্ৰয়োজন কিয়, ইয়াৰ কাৰন হৈছে কোভিড -১৯ (Covid-19) মহামাৰী।  আচলতে, কোভিড -19 (Covid-19) ৰোগ হিপি হাইপোক্সিয়া বা নীৰব হাইপোক্সিয়াৰ (happy hypoxia or silent hypoxia) লগত সম্পৰ্কিত।  সহজ কথাত হিপি হাইপোক্সিয়া এনে এটি স্হিতি যেতিয়া ৰোগীক বাহ্যিকভাবে শৰীৰত খুব কম স্তৰৰ অক্সিজেনৰ লক্ষণ দেখা নাযায়, কিন্ত্ত দেহৰ অভ্যন্তৰত তাৰ ৰক্ত অক্সিজেনৰ চেচুৰেশনৰ স্তৰ হ্ৰাস পায়। এই সময়ত ৰোগীৰ জৰুৰী যত্ন প্ৰয়োজন। এনে পৰিস্থিতিত যদি ঘৰতেই পাল্স অক্সিমিটাৰ- Pulse oximeter- Pulse oximeter থাকে তেন্তে সময়ে সময়ে অক্সিজেনৰ স্তৰটি পৰীক্ষা কৰি সাৱধান হব পৰা যায়৷

পাল্স অক্সিমিটাৰৰ – PULSE OXIMETER অন্যান্য প্ৰয়োগ

পাল্স অক্সিমিটাৰ-Pulse oximeter কেৱল Covid-19 ৰোগীৰ বাবেই নহয় অন্য কিছুমান স্বাস্থ্য ক্ষেত্ৰতো প্ৰয়োজনীয়৷  এই স্বাস্থ্য স্হিতিসমূহৰ ভিতৰত আছে:

‣ Chronic obstructive pulmonary disease (COPD) 

‣ হাঁপানি- Ashthma 

‣ নিউমোনিয়া

‣ হাওঁফাওঁৰ ক্যান্সাৰ

‣ ৰক্তাল্পতা বা এনিমিয়া

‣ হাৰ্ট এটেক্ বা হৃদৰোগ

‣ জন্মগত হাৰ্টৰ ত্ৰুটি

পাল্স অক্সিমিটাৰ – PULSE OXIMETER কিদৰে কাম কৰে?HOW DOES PULSE OXIMETER WORK? IN ASSAMESE

পাল্স অক্সিমিটাৰ- Pulse oximeter ডিভাইচবিধ আঙুলি, ভৰিৰ আঙুলি বা কানত বা শৰীৰৰ যি অংশত প্ৰয়োগ কৰা হয়, সেই অংশত সকলোতকৈ সৰু ৰক্ত ​​ধমনী যাক capillary  বা capillaries বোলা হয়, তাত ইনফ্ৰাৰড ৰশ্মি প্ৰেৰণ কৰে আৰু অক্সিজেনৰ দ্বাৰা প্ৰতিহত হৈ উভতি অহা ৰশ্মিক মাপ কৰি, কিছু মাত্ৰ চেকেন্ডৰ ভিতৰত অক্সিজেনৰ চেচুৰেশন সম্পৰ্কে ধাৰণা পাব পৰা যায়। ইয়াৰ লগতে মেছিনটোৱে নাড়িৰ হাৰ(pulse rate) পৰ্যবেক্ষণ কৰিব পাৰে৷  

গৱেষণা পৰা জনা গৈছে যে, শৰীৰ খুব কম অক্সিজেনৰ চেচুৰেশন ৮০ শতাংশৰো কম হলে নাক আৰু কানৰ অংশসমূহ আঙুলি বা ভৰিৰ আঙুলিৰ তুলনাত দ্ৰুতভাৱে ধৰিব পাৰে৷ অৱশ্যে আঙুলি বা ভৰিৰ আঙুলিৰ পৰা লোৱা ৰিডিং সঠিক হিচাবে বিবেচনা কৰা হয়৷

৯৫ পৰা ১০০ শতাংশৰ মাজৰ ৰিডিং স্বাভাৱিক বুলি বিবেচিত হয়।  যদি কোনো ব্যক্তিৰ দীৰ্ঘ সময়ধৰি শ্বাস প্ৰশ্বাসৰ ৰোগ হয় তেন্তে সেই ব্যক্তিৰ বাবে স্বাভাৱিক অক্সিজেনৰ স্তৰ কিছু পৰিমাণে কম হব পাৰে, বিশেষকৈ এনে জটিল পৰিস্থিতিত ইয়াৰ প্ৰয়োজনীয়তা আছে। এনেধৰণৰ পৰিস্থিতিত তেওঁলোকে অক্সিজেন চেচুৰশন স্তৰ সম্পৰ্কে ডাক্তৰৰ লগত পৰামৰ্শ কৰি পাল্স অক্সিমিটাৰ- Pulse oximeter মেছিনবিধ নিজৰ লগত ৰখা উচিত।  

তথাপি, পাল্স অক্সিমিটাৰ- Pulse oximeter- সৰঞ্জামবিধৰ কিছু সীমাবদ্ধতা আছে।  

প্ৰথমতে–  মাত্ৰ 2 শতাংশহেে ইয়াৰ ভুল হোৱাৰ সম্ভাৱনা (margin of error) আৰু 

দ্বিতীয়তে – এই উপকৰণে কাম নকৰিব যদিহে হাতৰ আঙুলিত নেইল পেইন্ট থাকে বা আপনাৰ হাত আৰু ভৰি খুব শীতল হয়।  

অন্যান্য ক্ষেত্ৰত, পাল্স অক্সিমিটাৰ- Pulse oximeter- Pulse oximeter ব্যৱহাৰ কৰা খুব সহজ আৰু নিৰ্ভৰযোগ্য মেছিন যাৰ মাধ্যমেৰে ৰক্তৰ অক্সিজেনৰ চেচুৰেশন পৰীক্ষা কৰা যায়।

পাল্স অক্সিমিটাৰ- Pulse oximeter- Pulse oximeter উপকৰনবিধৰ  দাম 500 টকাৰপৰা 5000 পৰ্যন্ত হব পাৰে।  কিছুমান অক্সিমিটাৰ ব্লুটুথৰ (bluetooth)ৰ দৰে বৈশিষ্ট্যও আছে যি আপোনাৰ ফোনৰ লগত সংযুক্ত থাকে আৰু স্বয়ংক্ৰিয়ভাৱে কাম কৰে। 

BUY “PULSE OXIMETER” ONLINE-

https://anymeds.in/product/detail/pulse-oximeter-finger-tip/7616

আমি আশা কৰোঁ যে এই প্ৰবন্ধটো  আপোনাৰ বাবে উপকাৰী হব  আৰু এই প্ৰবন্ধত দিয়া তথ্যৰ ওপৰত আধাৰিত কৰি আপুনি নিজকে আৰু আপোনাৰ প্ৰিয়জনক সুৰক্ষা দিবলৈ সক্ষম হ’ব।

যদি আপুনি বা আপোনাৰ পৰিচিত কোনোবাই স্বাস্থ্য ৰোগ আৰু চিকিৎসাৰ সম্ভাৱ্য পদ্ধতিৰ বিষয়ে অধিক জানিব বিচাৰে, তেন্তে তেওঁ +91 99543 34934 ত ৱাটচআপ্ নতুবা ফনৰ দ্বাৰা বিনামূলীয়া পৰামৰ্শ বিচাৰিব পাৰে।

ধন্যবাদ৷ 

সাৱধানে থাকক, সতৰ্ক থাকক৷”


Spread the love

Dr. Firoz U. Ahmed

Dr. Firoz U. Ahmed General Practitioner Medical Officer (Ayu), Agia BPHC, Ex- Clinical Associate, Cardiology, GNRC EX-SRF at RARI for Gastrointestinal Disorder, Specially Trained in Childhood Diseases

Leave a Reply

Your email address will not be published. Required fields are marked *