মাহেকীয়াৰ সময়ত হােৱা অসহ্য পেটৰ বিষ- Menstrual cramp in assamese

Spread the love

Dr. Manoj Kumar Saikia, Sr. Medical Officer at Borkoka MPHC

মাহেকীয়া হােৱাৰ সময়ত বহুতাে যুৱতী আৰু মহিলাৰ পেটৰ বিষ হােৱাটোক আয়ুর্বেদিকত কষ্ট আর্তৱ বােলা হয়। এই সময়ত জৰায়ু, কঁকাল আৰু তলপেটত অসহ্য বিষ হয় কাৰণে যাতনা ভূগিব লগীয়া (Dysmenorrhoea) হয়।

কষ্ট আর্তব দুই প্রকাৰৰ। 

কিছুমান যুৱতী আৰু কম বয়সীয়া তিৰােতাৰ জৰায়ু গ্রীবা ঠেক হােৱা কাৰণে ঋতুস্ৰাৱৰ সময়ত বাহিৰ হ’ব ধৰা ৰক্ত বাহিৰ ওলােৱাত বাধা প্রাপ্ত হয় বাবে জৰায়ুত ৰক্ত সঞ্চিত হয়। অন্যহাতে জৰায়ুৰ সঙ্কোচন ক্রিয়া চলি থকা বাবে ৰক্তাধিক্য কাৰণত তলপেট বিষাবলৈ ধৰে। 

ঋতুস্ৰাৱৰ সময়ত ক্ষৰিত হােৱা তেজত প্ৰষ্টাগ্লেনডিন (Prostaglandins) নামৰ এবিধ ৰাসায়নিক পদার্থ উৎপন্ন হােৱা বাবে জৰায়ুৰ মাংসপেশীৰ শ্লেষ্মিক কলা আৰু সিৰা – উপসিৰা সঙ্কোচন হয়। সেয়েহে ঋতুস্ৰাৱৰ দুদিনমান আগৰ পৰা কঁকাল আৰু তলপেট বিষয়। এই বিষ ঋতুস্ৰাৱৰ দুই – তিনি দিনলৈকে থাকে। আসােৱাহপূর্ণ জৰায়ু গঠনৰ কাৰণেও ঋতুস্ৰাৱৰ সময়ত বিষ অনুভৱ হয়। জৰায়ুৰ মাংসপেশীত ৰক্তসঞ্চালন কমকৈ হলেও অক্সিজেনৰ অভাৱৰ হেতু ঋতুস্ৰাৱৰ জৰায়ু তলপেট আৰু কঁকালৰ বিষ হবলৈ ধৰে। মানসিক চিন্তা, উত্তেজনা, সামাজিক কাৰণ, স্নায়বিক কাৰণ, স্বাস্থ্যৰ অৱনতি, অন্তস্রাৱী গ্রন্থিৰ অস্বাভাৱিক ক্রিয়াৰ কাৰণে প্রাথমিক কষ্ট আৰ্তব হয়৷

জৰায়ু টিউমাৰ, ডিম্বাশয়ৰ চিষ্ট, গর্ভাশয় শােথ, ডিম্বাশয় শােথ আৰু শ্রোণী গহ্বৰত হােৱা নানান প্ৰকাৰ ৰােগৰ কাৰণে বয়সীয়াল মহিলাৰ গৌণিক কষ্ট আর্তব হয়। 

কষ্ট আর্তৱ হলে ঋতুস্ৰাৱ কমকৈ হয়; জৰায়ু, তলপেট, উৰু আৰু কঁকাল বিষায়। সাধাৰণতে যুৱতী সকলৰ জৰায়ু পেশী সঙ্কোচনৰ বাবে ঋতুস্ৰাৱৰ প্রায় ১২ ঘন্টা আগৰ পৰাই তলপেটত খামুচিয়া বিষ ( প্রাথমিক কষ্ট আর্তৱ ) হৈ ক্রমে উৰু আৰু কঁকাল পর্যন্ত বিষয়। বয়সীয়াল মহিলাৰ শ্ৰোণী আৰু জননেন্দ্রিয় ৰােগৰ কাৰণে ঋতুস্ৰাৱৰ প্রায় ২-৩ দিন আগৰ পৰা কঁকাল আৰু তলপেট (গৌণিক কষ্ট আর্তৱ) বিষায়। ঋতুস্ৰাৱ হােৱাৰ পিছত লাহে লাহে বিষ কমিবলৈ ধৰে। কিছুমান ৰােগীৰ দুবাৰমান স্বাভাৱিক ধৰণৰ ঋতুস্ৰাৱ হৈ পুণৰ কষ্ট আর্তৱ হয়। কিছুমান ৰােগীৰ বছৰৰ পিছত বছৰ ধৰি কষ্ট আর্তব হৈ থাকে। কষ্ট আর্তৱৰ কাৰণে মূৰ ঘূৰাই, বমি ভাৱ আহে, শৰীৰ অৱশ হয়, এলাহ ভাৱ আহে খাবলৈ মন নাযায়, বগা স্ৰাৱ ওলাই, পাতল শৌচ হয় আৰু ঋতুস্ৰাৱ হওঁতে বিষায়। 

জৰায়ু সঙ্কোচনৰ বাবে হােৱা কষ্ট আর্তৱ বিয়াৰ পিছত নিয়মীয়া যৌন সঙ্গম আৰু গৰ্ভধাৰণৰ দ্বাৰা আৰােগ্য হয়। সচৰাচৰ ৩০ বছৰ বয়সৰ পিছত প্রাথমিক কষ্ট আর্তব নহয়। গৌণিক কষ্ট আর্তৱ ৩০ বছৰ বয়সৰ পিছত বয়সীয়াল মহিলাৰ হয় । 

প্রাতভ্রমন এই ৰােগৰ কাৰণে অতি উপকাৰী।কষ্ট আর্তৱৰ সময়ত কঁকাল আৰু তলপেটত গৰম সেক দিলে বিষ উপশম হয়। গৰম পানীৰে গা ধুব, শৰীৰত ঠাণ্ডা নলগাব। পুষ্টিকৰ আৰু সহজে হজম কৰিব পৰা আহাৰ খাব চিকিৎসা – চিকিৎসকৰ সৈতে পৰামৰ্শ কৰি আয়ুর্বেদিক ঔষধ খালে এই ৰােগ ভাল হয়। 

Ashokarista , Ashok cordial , Patrangasava , Amycordial , Gynocure , M2Tone , Evecare , Lodhrasava , Chandra prabha vati , gugulu , chandransu ras ইত্যাদি বহুত ফলপ্রসূ আয়ুর্বেদিক ঔষধ এই ৰােগ উপসমৰ কাৰণে আছে। চিকিৎসকৰ পৰামর্শ মতেহে ঔষধ ব্যৱহাৰ কৰিব। 

ডা : মনােজ কুমাৰ শইকীয়া 

হােৱাটচএপ -9435209704 

Source: https://www.facebook.com/groups/454314858256232/permalink/1026435197710859/?app=fbl (SWASHTYA…THE HEALTH SOLUTIONS)


Spread the love

Leave a Reply

Your email address will not be published. Required fields are marked *