এনিমিয়া- কাৰন, লক্ষণ আৰু সাৱধানতা- Anemia Causes, symptoms and prevention in assamese

হিম’গ্লবিনৰ কম হোৱা অৰ্থাৎ ৰক্তহীনতা (anemia) এটি গুৰুতৰ সমস্যা যি নিৰ্দিষ্ট ধৰণৰ ভিটামিন আৰু খনিজৰ অভাৱৰ ফলত ঘটে। সুষম ডায়েট নোখাৱাৰ ফলত পুষ্টিৰ অভাৱ আৰু অপুষ্টিগত সমস্যা দেখা দিব পাৰে। শিশু আৰু গৰ্ভবতী মহিলাসকলৰ মাজত এই অৱস্থা আৰু মাৰাত্মক হৈ উঠে। হিম’গ্লবিনৰ অভাৱৰ কাৰণে(anemia) ৰক্ত ​​প্ৰবাহত অক্সিজেনৰ অভাব হব ধৰে৷ শৰীৰত অক্সিজেনৰ অভাৱ ফলত হোৱা সাধাৰণ লক্ষণসমূহৰ মাজত শক্তি হ্ৰাস হোৱা, অজ্ঞান হোৱা আৰু শ্বাসকষ্টৰ দৰে সমস্যা হব ধৰে। শৰীৰত হিম’গ্লবিনৰ অভাৱ দেখা দিলে আপোনাৰ ত্বক শেঁতা পৰাৰ দৰে দেখা দিব পাৰে ৷ এই সমস্যাৰ পৰীক্ষণ আপোনাৰ লক্ষণসমূহ আৰু ৰক্ত ​​পৰীক্ষাৰ ভিত্তিত কৰা হয়। ৰক্তস্বল্পতাৰ (anemia treatment) চিকিৎসা নিৰ্ভৰ কৰে প্ৰকৃততে যিবিলাক কাৰণত সমস্যাটি আৰম্ভ হৈছে তাৰ উপৰত। বহু লোকৰ বাবে, ইয়াৰ চিকিৎসা কেৱল আয়ৰনৰ টেবলেটৰ সহায়ত কৰা হয়৷ অন্যান্য মানুহৰ বাবে, ভিটামিন গ্ৰহণ জৰিয়তে চিকিৎসা কৰিব পৰা যায়৷ সেইদৰে কিছু অন্য লোকৰ বাবে জটিল চিকিৎসাৰ প্ৰয়োজন হয়৷

Read more