পচতীয়া গছৰ উপকাৰিতা, কিদৰে ব্যৱহাৰ কৰিব আৰু পাৰ্শ্বক্ৰিয়া- Pochotia Benefits, uses and Side effects -Pochotia in Assamese

পচতীয়াৰ বৈজ্ঞানিক নাম- Vitex agnus castus/Vitex Nirgundo.পচতীয়াৰ ইংৰাজী নাম- Chaste tree, Chasteberry, Abraham’s balm, lilac chaste tree, monk’s pepper, five leaves castus .পচতীয়া পেশী শিথিলতা, বিষ উপশম কৰা, উদ্বেগ আৰু হাঁপানি পৰা মুক্তি দিয়াত বহু ভাল আয়ুর্বেদীক ঔষধি। এই গছৰ বিভিন্ন অংশ বিভিন্ন স্বাস্থ্যসম্বন্ধীয় সমস্যাৰ বাবে প্রাকৃতিক প্রতিকাৰ হিচাবে আয়ুর্বেদত ব্যাপকভাবে ব্যৱহৃত হৈ আহিছে৷ সাধাৰণতে পচতীয়া বিষ নিৰাময়ৰ বাবে অন্যতম হিচাবে জনপ্ৰিয়৷ আৰু অসমৰ প্ৰতিখন ঘৰতে দেখিবলৈ পোৱা যায়৷

Read more

ভেকুৰী তিতা: উপকাৰিতা আৰু পাৰ্শ্বক্ৰিয়া-Benefits and Side Effects of Turkey Berry in assamese

ভেকুৰী তিতা(turkey berry) হৈছে ইয়াৰ অনন্য পুষ্টি আৰু ঔষধি গুণাগুণৰ বাবে সমগ্ৰ বিশ্বতে ব্যৱহৃত এক জনপ্ৰিয় উদ্ভিদ। ই আন কিছুমান সাধাৰণ পাচলি যেনে বেঙেনা, বিলাহী আৰু জলকীয়াৰ দৰে উদ্ভিদৰ একে পৰিয়ালৰ অন্তৰ্ভুক্ত। উচ্চ ৰক্তচাপ, আঘাত, ৰক্তহীনতা, আৰু বেক্টেৰিয়া আৰু ভাইৰেল সংক্ৰমণকে ধৰি বিভিন্ন ধৰণৰ ৰোগৰ চিকিৎসাৰ বাবে ভেকুৰী তিতা(turkey berry) ব্যৱহাৰ কৰা হয়। অৱশ্যে, এই উদ্দেশ্যবোৰৰ বাবে ইয়াৰ কাৰ্যকাৰীতা সমৰ্থন কৰা আধুনিক গৱেষণা বেছিভাগ টেস্ট টিউব আৰু পশু অধ্যয়নত সীমাবদ্ধ।

Read more

হাৰ্টৰ সমস্যা,ৰক্তচাপ, মূত্ৰবিকাৰ, হাঁপানী আদি একাধিক ৰোগৰ মহৌষধ অৰ্জুনাৰিষ্ঠ- Arjunarishta: Benefits, Uses, Ingredients, Dosage and Side Effects

অৰ্জুনাৰিষ্ঠ হ’ল এটি ঐতিহ্যবাহী ভেষজ প্ৰতিকাৰ যি স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী৷ এই টনিকে বুকু বিষ, কনজেসটিভ হাৰ্ট ফেইলিওৰ (congestive heart failure), হাৰ্ট ব্লকেজ, এনজাইনা প্যাকটোৰিস(angina pectoris), মায়োকাৰ্ডিয়াল ইনফাৰ্কশন (myocardial infection), ইস্কেমিক কাৰ্ডিয়াক মায়োপ্যাথি (ischemic cardiac myopathy)ইত্যাদিৰ দৰে কাৰ্ডিয়াক সমস্যাসমূহৰ চিকিৎসা কৰাৰ ক্ষেত্ৰত উচ্চ তাৎপৰ্য ধাৰণ কৰে ৷শ্বাস প্ৰশ্বাসেৰ সমস্যা(Respiratory)ৰ বাবেও এই টনিক অতি কাৰ্যকৰ৷ যদি সঠিক মাত্ৰাত গ্ৰহণ কৰা হয় তেন্তে ইয়াৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াসমূহ নাথাকে আৰু ইয়াৰ একাধিক স্বাস্থ্য সুবিধা লাভ কৰিব পৰা যায়৷

Read more

পলাশ গছৰ ঔষধীয় গুন তথা ব্যৱহাৰ -Palash Benefits and Uses In Assamese

পলাশ মূলত এটি ভাৰতীয় গছ আৰু গোটেই দেশতে পোৱা যায়। পলাশ ফুলসমূহ ৰঙা ৰঙৰ আৰু পলাশৰ ফুল ফুলাৰ সময়ত গোটেই গছজোপা ৰঙা দেখা যায় যাৰ কাৰণে ই ‘বন জুই” (fire of forest) নামেৰেও পৰিচিত। পলাশ ঔষধীয় বৈশিষ্ট্যযুক্ত এটি গছ আৰু ইয়াৰ সমস্ত অংশ বিভিন্ন ধৰণৰ ৰোগ আৰু ব্যাধি চিকিৎসাৰ বাবে ব্যৱহৃত হয়। পলাশ আয়ুৰ্বেদত টনিক আৰু এন্থেলিমিন্টিক (Anthelmintic- পেটৰ পেলু নিধনৰ ঔষধ) হিচাবেও ব্যৱহৃত হয়।

Read more

বেলৰ উপকাৰিতা আৰু ব্যৱহাৰ- Benefits and Uses Of Bael Fruit In Assamese

বেলত ট্যানিন, কেলচিয়াম, ফচফৰাচ, ফাইবাৰ, প্ৰ’টিন, আয়ৰন জাতীয় দৰকাৰী খনিজ থাকে৷ ইয়াৰ উপৰি ইয়াত প্ৰচুৰ পৰিমাণ ভিটামিন বি আৰু ভিটামিন সি পোৱা যায়। বাস্তৱতে বেল এক ঔষধীয় গছ হয় যি আমাৰ স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী৷ ইয়াৰ প্ৰতিটো অংশই মানুহৰ দেহৰ বাবে উপকাৰী, ইয়াৰ ফল বা পাত, কাণ্ড, শাখা বা শিপা।

Read more

ভুঁই আমলখিৰ উপকাৰিতা আৰু ব্যৱহাৰ- bhumi amla plant benefits and uses in Assamese

ভুঁই আমলখি সৰু গছ (bhumi amla plant) বৰ্ষাঋতুত উৎপাদিত হয়।  এই গছ শৰতকালত ফুলে আৰু গ্ৰীষ্ম ঋতুত শুকাই যায়। ইয়াৰ ফল গোলাকাৰ আৰু আকাৰত সৰু হয় আৰু ফলসমূহ পাতৰ তলফালে লাগি থাকে৷

পৃথিৱীত ভুঁই আমলখি তিনিটা প্ৰজাতি আছে-

Phyllanthus urinariaLinn.Phyllanthus niruri L. আৰুPhyllanthus maderaspatensis L. পোৱা যায়

চিকিৎসাৰ দৃষ্টিকোণৰ পৰা, মূলত Phyllanthus urinariaLinn  ব্যৱহাৰ কৰা হয়।

Read more

কিডনী পাথৰৰ নিৰাময় লগতে অন্য বহু ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰক “দুপৰটেঙা” – Benefits of Duportenga

দুপৰটেঙাৰ বৈজ্ঞানিক নাম- ব্রায়োফিলিয়াম পিন্যাটাম (Bryophyllum pinnatum)৷দুপৰটেঙাক সাধাৰণতে অন্যান্য নামেৰেও জনা যায়- যেনে মিৰাকেল লিফ(Miracle leaf), এয়াৰ প্লান্ট( air plant),  ক্যাথেড্রাল বেলচ( cathedral bells), লীফ অফ লাইভ(leaf of life) ইত্যাদি ৷ হিন্দীত এই পাত পাথৰছট্টা(Patharchatta)  হিচাবে পৰিচিত। দুপৰটেঙা পাথৰৰ চিকিৎসাৰ লগতে দেহৰপৰা বিষাক্ত পদাৰ্থসমূহ দূৰ কৰাত সহায়তা কৰে। ইয়াত ৰেচক গুন বৈশিষ্ট্য আছে যাৰফলত পাইলসৰ সমস্যা নিৰাময় হয়।  ইয়াৰউপৰি, দেহৰ ত্ৰিদোষ (বাত, পিত আৰু কফ) দমন কৰে।  দুপৰটেঙা পেট ফোলা, আলসাৰ, ঘা আৰু ৰক্ত ​​শুদ্ধ কৰাতো সহায়তা কৰে।  কিডনীত পাথৰ আৰু  অন্যান্য অনুৰৃপ সমস্যা নিৰাময়ত দুপৰটেঙা খুব উপকাৰী৷

Read more