চুলি সৰা,ওজন বৃদ্ধি, হঠাতে মুৰবিষ ইত্যাদি সমস্যাত আপুনিও ভুগি আছেনি? এষ্ট্ৰজেন হৰমনৰ বিসংগতিৰ ফলত এনে হৈছেনি! Estrogen hormone in assamese?

এষ্ট্ৰোজেন হৈছে পুৰুষ আৰু মহিলা দুয়োৰে ক্ষেত্ৰত পোৱা এক হৰমন। শৰীৰত সঠিক পৰিমাণৰ এষ্ট্ৰোজেন বজাই ৰখাটো অতি গুৰুত্বপূৰ্ণ। কিন্তু মহিলাসকলক পুৰুষতকৈ এষ্ট্ৰোজেনৰ অধিক প্ৰয়োজন। তেওঁলোকক তেওঁলোকৰ শৰীৰৰ কিছুমান আভ্যন্তৰীণ কাৰ্যৰ বাবে ইয়াৰ প্ৰয়োজন।

Read more

মহিলা আৰু পুৰুষ উভয়ৰে বাবে গুৰুত্বপূৰ্ণ বনৌষধি শতমূল বা শতাৱৰী-Shatavari Health Benefits in assamese

পুৰুষৰ যৌন ক্ষমতা বৃদ্ধি কৰিবলৈ বহু শতাব্দী ধৰি শতমূল বা শতাৱৰী ব্যৱহাৰ হৈ আহিছে। যেতিয়া শতাৱৰী নিয়মীয়াকৈ গ্ৰহণ কৰা হয়, এই ভেষজটোৱে যৌন উদ্দীপনা আৰু উত্থান বৃদ্ধি কৰে। বিভিন্ন ধৰণৰ যৌন সংক্ৰমিত ৰোগত আক্ৰান্ত বুলি দাবী কৰা বহুতো পুৰুষে দৈনিক ভিত্তিত শতাৱৰী গ্ৰহণ কৰোঁতে নিৰন্তৰ ইতিবাচক প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। শতাৱৰী সেৱনে মহিলাৰ মানসিক মাহেকীয়া সমস্যা, যেনে ৰক্তক্ষৰণ, সঘনাই ৰক্তক্ষৰণ, তীব্ৰ বিষ, পিচিঅ’ডি(Pcod) আৰু পিচিঅ’এছ(Pcos) আদি আঁতৰ কৰে। ইয়াক নিয়মীয়াকৈ সেৱন কৰিলে আপুনি ঋতুস্ৰাৱৰ সময়ত সমস্যাৰ সন্মুখীন নহ’ব।

Read more

লিউকোৰিয়া/ বগাস্ৰাৱ / শ্বেতপ্ৰদৰ ৰোগ কিয় হয়- কিছু ঘৰুৱা প্ৰতিকাৰ আৰু সাৱধানতা-Leucorrhea/ white descharge in assamese

মহিলাসকলে প্ৰজনন অঙ্গৰ লগত জড়িত বিভিন্ন ধৰণৰ স্বাস্থ্য সমস্যাৰ সম্মুখীন হয়। যেতিয়া লিউকোৰিয়া (leucorrhoea) ৰোগ দেখা দিয়ে তেতিয়া মহিলাৰ যোনীমাৰ্গেৰে বগাস্ৰাৱ (white descharge) বাহিৰ হোৱা আৰম্ভ হয়। যোনিৰ এটি স্ব-পৰিষ্কাৰকৰণ প্ৰক্ৰিয়া (self-cleansing mechanism) আছে যি পাতল স্ৰাৱৰ মাধ্যমেৰে যি কোনো বাহ্যিক কণা দূৰ কৰে। এয়া সম্পূৰ্ণভাৱে স্বাভাবিক আৰু উদ্বেগৰ কোনো কাৰন নাই৷ কিন্ত্ত যদি আপুনাৰ যোনিৰপৰা কোনোধৰনৰ আঁঠাজাতীয়, বগা, হালধীয়া, সেউজীয়া বা বাদামী ৰঙৰ পানী বাহিৰ হয় আৰু লগতে জ্বলন, গোন্ধযুক্ত আৰু খজুৱতি আৰম্ভ কৰে তেন্তে সম্ভৱত ই এটি উদ্বেগ বা চিন্তাৰ বিষয় হয়।

Read more

প্ৰাকৃতিকভাৱে ইউৰিক এচিড নিৰাময় কৰক-Natural Ways to Reduce Uric Acid in the Body in Assamese

ইউৰিক এচিড (Uric Acid)ৰ মাত্ৰা বৃদ্ধি(High uric acid) বিষয়ে জনা আগে জানক ইউৰিক এচিড মানে কি?(What is Uric acid?) ৷ ইউৰিক এচিড (Uric Acid) হল পিউৰিন বোলা পদাৰ্থৰ বিপাকৰ পৰা সৃষ্টি হোৱা এবিধ এচিড ৷ যদিওবা সৰহসংখ্যক ইউৰিক এচিড (Uric Acid) আমাৰ দেহৰ অভ্যন্তৰত থকা পিউৰিনৰ পৰা উৎপন্ন হয় , তথাপি উচ্চ পৰিমাণৰ পিউৰিন থকা খাদ্য খােৱাৰ ফলত শেষত গৈ শৰীৰত জমা হােৱা মুঠ ইউৰিক এচিড (Uric Acid)ৰ পৰিমাণ যথেষ্ট পৰিমাণে বৃদ্ধি পায়গৈ৷

Read more

Pulse Oximeter প্ৰয়োজনীয়তা- How to use pulse oximeter? in assamese

যদিও এই ডিভাইচবিধ হস্পিতেলসমূহত প্ৰচুৰ ব্যৱহৃত হয় তথাপি পাল্স অক্সিমিটাৰ- Pulse oximeter এটি খুব সহজ ডিভাইচ আৰু ইয়াক ঘৰতো ব্যৱহাৰ কৰিব পৰা যায়। এই মেছিনটো দেখাত স্ট্যাপলাৰৰ দৰে, আপুনি মাত্ৰ ইয়াক আপোনাৰ তৰ্জনী আঙুলি, ভৰিৰ আঙুলি বা কানৰ লতি লগাব পাৰে যত আপোনাৰ বাবে সুবিজনক হয়। মেছিনটো Sp02 ৰিডিং দেখায় যি ৰক্ত অক্সিজেনৰ সম্পৃক্ততাৰ শতাংশ (percentage of oxygen saturation) হয়৷

Read more

কলেষ্টৰেল হলে কি কৰিব? ইয়াৰ কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Cholesterol causes, symptoms and prevention in assamese

উচ্চ মাত্ৰাত চৰ্বিযুক্ত খাদ্যৰ গ্ৰহণে আপোনাৰ ৰক্তত LDL কলেষ্টৰেল মাত্ৰা বঢ়ায়(cholesterol level high) তোলে। ইয়াক উচ্চ কলেষ্টৰেল, হাইপাৰকলেস্টেৰোলিয়া (hypercholesterolemia) বা হাইপাৰলিপিডেমিয়া (hyperlipidemia) বোলা হয়। যেতিয়া এলডিএল কলেষ্টৰেল মাত্ৰা খুব বেছি হয় বা এইচডিএল কলেষ্টৰেল মাত্ৰা খুব কম হয়, তেতিয়া ৰক্তনলীত ফেট জমা হবলৈ আৰম্ভ কৰে। এনেদৰে জমাহোৱা ফেট আপোনাৰ ধমনীত পৰ্যাপ্ত পৰিমানে ৰক্তৰ প্ৰবাহত জটিলতা সৃষ্টি কৰি তোলে। ই আপোনাৰ দেহত বিশেষকৈ আপোনাৰ হৃদয় আৰু মস্তিষ্কত সমস্যা সৃষ্টি কৰিব পাৰে আৰু ই মাৰাত্মকো হব পাৰে। সকলো বয়সৰ লোকৰে উচ্চ কলেষ্টৰেল( cholesterol high) থাকিব পাৰে। হাৰ্ট এটেক, স্ট্ৰোক, এথেৰোস্ক্লেৰোচিচ আৰু পেৰিফেৰাল আৰ্টাৰি ডিজিজ (atherosclerosis, peripheral artery disease) তৈয়াৰি কৰিব পাৰে ৷

Read more

এটি গুৰুতৰ ৰোগ Gastric Gastroperasis: কাৰন, লক্ষণ আৰু চিকিৎসা

Gastroparesis হৈছে এক বিকাৰ যি পাকস্থলীত খাদ্য স্বাভাৱিকতকৈ বেছি সময় থাকিলে হয়৷ অৰ্থাৎ gastroparesis হৈছে এনে এক স্থিতি যি আপোনাৰ পেটৰ পেশীৰ স্বাভাৱিক স্বতঃস্ফূৰ্ত চলাচল (motility) প্ৰভাৱিত কৰে। সাধাৰণতে, শক্তিশালী পেশীৰ সংকোচনৰ ফলত আপোনাৰ পাচন নলীৰ মাজেৰে খাদ্য প্ৰেৰিত হয়। কিন্তু যদি আপোনাৰ gastroparesis হয়, তেতিয়া আপোনাৰ পেটৰ গতিশীলতা লেহেম হয় বা একেবাৰে কাম নকৰে, যাৰ ফলত আপোনাৰ পেট সঠিকভাৱে খালী হোৱাত বাধা দিয়ে।

Read more

আপুনি জানেনে হাৰ্ট এটেক (heart attack) হোৱাৰ আগতীয়া আগজাননীসমূহ কি? – Heart attack in Assamese

আন যিকোনো ৰোগৰ দৰে, হাৰ্ট এটেক (heart attack) বা হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱাৰ কিছুমান লক্ষণ থাকে, যিবোৰ হাৰ্ট এটেক (heart attack) হোৱাৰ আগতীয়া আগজাননীও দিয়ে৷

যদি এজন ব্যক্তিয়ে এই 6 টা সংকেত বা লক্ষণ দেখে, তেওঁ লগে লগে সাৱধান হ’ব লাগে আৰু প্ৰয়োজনীয় পদক্ষেপ ল’ব লাগে…

Read more

চৰিয়াচিচৰ কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Psoriasis causes, symptoms and prevention in assamese

চৰিয়াচিছক auto Immune বেমাৰৰ তালিকাত অন্তৰ্ভূক্ত কৰিছে। Auto Immune বুজিবলৈ আমি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীৰ (Immune System) বিষয়ে জানিব লাগিব । আমাৰ শৰীৰত বেক্তেৰিয়া, ভাইৰাছ বা অন্য কোনো ৰোগৰ বীজাণু প্ৰবেশ কৰিলে আমি অসুস্থ হৈ পৰো। আমাৰ শৰীৰৰ ৰক্তকণিকা বিলাকে সেই বেমাৰৰ বীজাণুবিলাকক চিনাক্ত কৰি সেইবিলাকক মাৰিবলৈ চেষ্ঠা কৰে। চ’ৰিয়াচিছ বেমাৰত এই ৰক্তকণিকা বিলাকে নিজৰ শৰীৰৰ ছালৰ কোষবিলাকক ভূলকৈ বাহিৰা বেমাৰৰ বীজাণুৰ নিচিনা আক্ৰমণ কৰে যাৰ ফলত এই জটিল Auto Immune বেমাৰবিধৰ সৃষ্টি হয়।

Read more

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা, Nutrition For Kids in Assamese

শিশুৰ বিকাশত পুষ্টিৰ প্ৰয়োজনীয়তা আছে৷ লগতে বাঢ়ি অহা শিশুৰ ভিটামিন আৰু মিনাৰেলৰ আৱশ্যকতা অতি জৰুৰী ৷ ইয়াৰ অভাৱত শিশুৰ মানসিক আৰু শাৰীৰিক বিকাশত ব্যাঘাত হয় ৷ যদি আপোনাৰ শিশুৰ খাদ্যপ্ৰনালীত কিছু আহাৰ দিবলৈ যত্ন কৰে তেন্তে আপোনাৰ শিশুৰ ভিটামিন আৰু মিনাৰেলৰ অভাৱ হোৱাৰ পৰা ৰক্ষা কৰিব পৰা যায় ৷

Read more