এজমা বা হাঁপানীৰ লক্ষণ, কাৰন আৰু প্ৰতিকাৰ- Ashtma symptoms, ashthma prevention, asthma causes

নাকেৰে উশাহ লওতে বায়ু ট্ৰেকিয়া নামৰ এক নলীকাৰ মাজেদি পৰিবাহিত হয়৷ এই ট্ৰেকিয়া নলীডাল দুটা ভাগত বিভক্ত৷ ইয়াক ব্ৰংকাচ বুলি কোৱা হয়৷ ইয়াৰ একেবাৰে সৰু নলীডালক কোৱা হয় ব্ৰংকিউল৷ ইয়াৰ পিছত নলীডাল হাওঁফাওঁত সোমায়৷ গতিকে, আমি উশাহ লওতে বায়ু অসংখ্য ব্ৰংকিউলৰ মাধ্যমেৰে প্ৰবাহিত হয় অৰ্থাৎ শ্বাসপ্ৰশ্বাস পৰিবাহিত হয় এই ব্ৰংকিউলৰ মাজেদি৷ বায়ু চলাচল কৰা এই ব্ৰংকিউলসমূহ সংকুচিত হৈ পৰিলে অথবা ব্ৰংকিউলক মেৰিয়াই থকা মাংসপেশীসমূহ সংকোচন হোৱাৰ ফলত নলীবোৰ কোঁচ খাই সৰু হৈ পৰে৷ দ্বিতীয়তে নলীবোৰৰ ভিতৰঅংশত যদি বীজাণুৱে সংক্ৰমন কৰে তেতিয়া নলীবোৰ ভিতৰভাগ এবিধ তৰল পদাৰ্থৰে পূৰ্ণ হোৱাৰ উপক্ৰম হয়৷ ভিতৰৰ পৰিসৰ সৰু হলে উশাহ নিশাহ লোৱাত কষ্ট হয়৷ বিশেষকৈ কাৰ্বন-ডাই অক্সাইড উলিয়াই দিয়া জটিল হৈ পৰে৷ ফলত ঘেৰঘেৰনি, চিচি আদিৰ সৃষ্টি হয়৷ এনে অৱস্থাকে এজমা বা হাঁপানী বোলা হয়৷

Read more