ইউৰিক এচিড- কাৰন,লক্ষণ আৰু প্ৰতিকাৰ- Uric acid

Spread the love

লিখক- ডাঃ ব্ৰিঞ্চি বৰুৱা, MD Ayurveda WhatsApp- 9864550440

আয়ুৰ্বেদিক চিকিৎসাৰ মূল গ্ৰন্থ চৰক সংহিতা আৰু সুস্থিত সংহিতা ত আজিৰ পৰা কেইবা হাজাৰ বৰ্ষ আগতে এই বাতৰক্ত ( Gout / Gouty Arthritis ) অথবা বাতশোণিত ৰোগৰ বিষয়ে বৰ্ণনা কৰি গৈছে ৷

 আমাৰ তেজত এই ইউৰিক এচিদ খুউব কম পৰিমানে থাকে। যিটো সাধাৰনতে দেহৰ মৃত কোষ আৰু খাদ্যৰ উপাদানত থকা পিউৰিন নামৰ পদাৰ্থৰ পৰা উৎপন্ন হয়। ই আমাৰ দেহৰ এক ধৰনৰ তক্সিক  উপাদান। আমি খোৱাৰ খাদ্য পৰা পৰিপাক ক্ৰিয়াৰ জৰিয়তে আমাৰ দেহে প্ৰয়োজনীয় পোষন গ্ৰহন কৰা অন্তত বাকী থকা আৰ্ৱজনাবোৰ মল, মূত্ৰ, ঘাম, শ্বাস-প্ৰশ্বাসৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ হৈ যায়। ইউৰিক এচিডেও নিৰ্দিষ্ট পৰিমানতকৈ বেছি হলে আমাৰ দেহে তাক অপসাৰন বা বাহিৰ কৰি দেহত ইয়াৰ ভাৰসাম্য ৰক্ষা কৰি থাকে। আমি দৈনন্দিন গ্ৰহন কৰা খাদ্য কিছুমানত পিউৰিন নামৰ পদাৰ্থ বিধ থাকে আৰু এইবোৰ বিপাকৰ অন্তত আমাৰ ৰক্তত মিশ্ৰিত হৈ কিডনিত প্ৰৱেশ কৰে আৰু কিডনিয়ে ইয়াক বাহিৰ কৰে।

ইউৰিক এচিড কি? What is uric acid?

        আমাৰ শৰীৰত থকা ইউৰিক এচিদৰ ৩ ভাগৰ ২ ভাগ আমাৰ লিভাৰতে উৎপন্ন হয়। আৰু বাকী ১ ভাগ খাদ্যৰ পৰা সংগৃহীত হয়। যকৃতত উৎপন্ন হোৱা এই অতিৰিক্ত ইউৰিক এছিড কিডনিয়ে প্ৰসাৱৰ জৰিয়তে শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। যদি আমি অত্যাধিক মাত্ৰাত পিউৰিন যুক্ত খাদ্য খাও তেতিয়া আমাৰ দেহত ৰক্তৰ ঘনত্ব বৃদ্ধি হয় আৰু ইউৰিক এচিডৰ মাত্ৰা বাঢ়ি যায়।

মাত্ৰাধিক ইউৰিক এচিডে আমাৰ দেহত কি কি ক্ষতি কৰে?

মাত্ৰাধিক ইউৰিক এচিডে আমাৰ দেহত আভ্যন্তৰিন বিভিন্ন অংগৰ ক্ষতি কৰিব পাৰে। বিশেষকৈ কিডনিত দীৰ্ঘদিন ধৰি জমা হলে কিডনি পাথৰ হোৱা সম্ভাৱনা বৃদ্ধি হয়। ফলত কিডনিয়ে সঠিক ভাৱে কাম নকৰে আৰু প্ৰসাৱৰ দ্বাৰা ইউৰিক এচিড ও অন্যান্য বহিজাত আৱৰ্জনা শৰীৰৰ পৰা বাহিৰ হব নোৱাৰে। কিডনিৰ কাৰ্য ক্ষমতা নষ্ট হৈ কিডনি বিকলও হব পাৰে। ইয়াৰ ওপৰিও বৰ্দ্ধিত ইউৰিক এচিড শৰীৰৰ বিভিন্ন অস্থি সন্ধী সমূহত জমা হয়। অস্থি সন্ধি সমূহত ক্ৰিষ্টেল গঠন হৈ অস্থিসন্ধি সমূহ ৰঙা পৰি ফুলি যোৱাৰ লগতে অত্যাধিক বিষ হবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত আক্ৰান্ত ৰোগীৰ দৈনন্দিন কাম কাজৰ লগতে চলা ফুৰা কৰাতো অসুবিধাৰ সৃষ্টি হব পাৰে। এই ৰোগক গাউট (Gout)বুলিও কোৱা হয়। হাইপ্ৰেচাৰ বা উচ্চ ৰক্তচাপ হোৱাৰো সম্ভাৱনা বৃদ্ধি হয়। ইয়াৰ উপৰিও হাৰ্টৰ বেমাৰ হোৱাৰো সম্ভাৱনা বৃদ্ধি হয়।

আমাৰ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ কিমান থাকিব লাগে?

আচলতে এজন প্ৰাপ্ত বয়ষ্কৰ লোকৰ তেজত প্ৰতি ডেচিলিটাৰত ৭ মিলি গ্ৰাম আৰু মহিলাৰ ক্ষেত্ৰত ৬ মিলি গ্ৰাম প্ৰতিডেচিলিটাৰত হব লাগে। তেজ পৰীক্ষা দ্বাৰা ইয়াৰ মাত্ৰা নিৰ্ণয় কৰা হয়৷

বৰ্দ্ধিত ইউৰিক এচিড স্বাভাৱিক কৰাৰ কেইটিমান সহজ উপায়:

1) ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিবৰ বাবে সকলোতকৈ উত্তম উপায় হৈছে পানী ৷প্ৰচুৰ পৰিমাণে পানী খাওক ফলত ইউৰিক এচিড পাতল কৰিব আৰু মূত্ৰৰ জৰিয়তে দেহৰ পৰা উলাই যাব সক্ষম হব ৷

2) আপেল চাইদৰ ভিনেগাৰ  ইউৰিক এচিড নিয়ন্ত্ৰণত ৰাখিবৰ বাবে সহায় কৰে ৷ এন্টিঅক্সিডেন্ট আৰু এন্টিইনফ্লেমেটৰি গুনাগুনৰ বাবে শৰীৰত ক্ষাৰৰ মাত্ৰা সন্ত্তোলিত হয় থাকে ৷ এই ভিনেগাৰে ৰক্তৰ পি এইস বেলেন্স ক বঢ়ায় ইউৰিক এচিড কম কৰাত সহায়তা কৰে ৷

3) চেৰীৰ ৰস  ইউৰিক এচিড ত হোৱা কিডনী স্টন ৰ সমস্যাৰ বাবে ভাল ৷ ব্ল্যাক চেৰিয়ে ইউৰিক এচিডৰ সিৰাম স্তৰৰ কম কৰে ফলত জইন্ট বা  কিডনিত থকা ক্রিস্টেল  দূৰ হোৱাত সহায়তা কৰে। চেৰী ত যথেষ্ট পৰিমাণে এন্টিঅক্সিডেন্ট আৰু এন্টিইনফ্লেমেটৰি গুনাগুন আছে যি ইউৰিক এচিডৰ নিয়ন্ত্ৰণৰ বাবে অতি দৰকাৰী ৷

4) জলফাই তেল বা অলিভ অইল দি তৈয়াৰী খাদ্য গ্ৰহন কৰক ৷ এই তেলত ভিটামিন ই পোৱা যায় যি ইউৰিক এচিডৰ নিয়ন্ত্ৰণৰ বাবে সহায়কাৰী ৷

5) বেকিং চ’দা অৰ্থাৎ Bicarbonate of soda ইউৰিক এচিডৰ নিয়ন্ত্ৰণৰ বাবে সহায়কাৰী ৷ বেকিং চ’দাত প্ৰাকৃতিক ক্ষাৰীয়(alkaline) স্তৰ নিয়ন্ত্ৰিত কৰি ৰাখে আৰু ইউৰিক এচিডক আৰু অধিক দ্ৰৱণীয় কৰি তুলে ৷ যাৰ ফলত, ইউৰিক এচিড কিডনীদ্বাৰা সহজতে উলাই যাব সক্ষম হয় ৷ হাইব্লাডপ্ৰেচাৰ ৰোগীয়ে মাত্ৰ বেকিং চদা গ্ৰহন নকৰিব ৷

6) ৰাতিপুৱা খালী পেটত গৰম পানীত নেমু ৰস দি খাব ৷ নেমুত পোৱা চাইট্ৰিক এচিডে ইউৰিক এচিড নিয়ন্ত্ৰণ কৰিব পাৰে ৷ তাৰ লগতে ভিটামিন চি যুক্ত খাদ্য বা ফলমুল গ্ৰহন কৰক ৷ 

7) আজৱাইন বিষ নিৰাময় কৰাৰ বাবে এন্টিঅক্সিডেন্ট পোৱা যায় ৷ আজৱাইনে মূত্ৰ সম্পৰ্কীয় বিকাৰ দুৰ কৰাত সহায় কৰে৷

8) কম ফেটযুক্ত গাখীৰ আৰু ডেয়ৰী প্ৰডাক্টচ ব্যৱহাৰ কৰক ৷

9) ফাইবাৰ যুক্ত খাদ্য খাওক ৷ এন্টিঅক্সিডেন্ট যুক্ত খাদ্য প্ৰচুৰ পৰিমাণে খাওক ৷ যেনে – বেৰী, আঙুৰ, গজালী ওলোৱা মগু ইত্যাদি৷

10) লাও ৰস ইউৰিক এচিড নিয়ন্ত্ৰণ কৰে৷

11) গাজৰ আৰু আৰু বীটৰ ৰস উলিয়াই নিয়মিতভাবে খালেও শৰীৰৰ পি এইচ স্তৰ বাঢ়ে আৰু ইউৰিক এচিড নিয়ন্ত্ৰিত হয় ৷

12) প্ৰতিদিনে নাৰিকল পানী খালেও ইউৰিক এচিড নিয়ন্ত্ৰণ হয় ৷

13) এলোভেৰা বা ছালকুঁৱৰী ৰসৰ লগত আমলখী ৰস মিহলাই খালে ইউৰিক এচিড নিয়ন্ত্ৰিত হয়৷

নিম্নলিখিত খাদ্যসমূহ গ্ৰহন নকৰিব:

× এলকোহল, বিশেষকৈ বিয়েৰ বা হার্ড মদ

× ৰঙা মাংস , লিভাৰ বা কিডনি, য’ত স্যাচুৰেটেড ফ্যাট বেছি

× মাংস, কণী, গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত প্ৰোটিন আৰু চৰ্বিযুক্ত আহাৰ কমকৈ খাব ৷ বেঙেনা, বিলাহী, ফুলকবি, তিয়হ, পালেঙ, ৰঙালাও নাখাব৷ 

× চালানী মাছ নাখাব

×   সামুদ্রিক খাদ্য 

×  চেনিযুক্ত পানীয় বা ফ্রুক্টোজ বেছি থকা খাদ্য 

×  পৰিশোধিত কার্বোহাইড্রেট বা (Processed foods) প্ৰক্ৰিয়াজাত খাদ্য ।যেনে ৰঙা চাকি আটা নাখাব ৷

×  উপবাস নকৰিব

×  গ্ৰেষ্টিক ৰোগৰ ঔষধ, পেন্টোপাজল,ৰবিপ্ৰাজল ঔষধ নাখাব ৷ বিষনাশক ঔষধ বেছি ব্যৱহাৰ নকৰিব ৷

গাউট দ্বাৰা আক্রান্ত ব্যক্তিৰ প্রধান লক্ষ্য হব লাগে আজীৱন স্বাস্থ্যকৰ খাদ্য গ্ৰহনৰ অভ্যাস বিকাশ কৰা।

গাউট ৰোগীয়ে স্বাস্থ্যকৰ ডায়েট সমস্ত খাদ্য প্ৰণালীত অন্তর্ভুক্ত কৰা উচিত।  কম চর্বিযুক্ত দুগ্ধ আৰু দুগ্ধজাত সামগ্ৰী, শাকসবজি, গোটা মগু , বাদাম খাওক ৷ গাজৰ, মিঠাআলু, আদাৰ চুপৰ জুতিলৈ চাব পাৰে ৷ আপেল,আঙুৰ,আখৰোট,নুনি বা ষ্ট্ৰবেৰীৰ ফ্ৰুট চালাড খাওক -এনে ফলৰ ‘মেলিক এচিডে’ ইউৰিক এচিড উৎপাদনত বাধা দিয়ে৷  

ডাঃ ব্ৰিঞ্চি বৰুৱাৰ অন্য লিখনি পঢ়িবলৈ ক্লিক কৰক – https://fitassam.xyz/?author=4


Spread the love

Dr. Brinchi Baruah

ডাঃ ব্ৰিঞ্চি বৰুৱা, MD Ayurveda WhatsApp- 9864550440 FB-https://www.facebook.com/brinchi.boruah.3 Email- [email protected]

Leave a Reply

Your email address will not be published. Required fields are marked *