মূত্ৰনলীৰ সংক্ৰমণ (Urine Infection বা ইউটিআই-UTI) প্ৰস্ৰাৱৰ সংক্ৰমণ, কাৰন, লক্ষণ আৰু প্ৰতিকাৰ- Urine Infection causes, symptoms and remedies In Assamese

Spread the love

👉 মূত্ৰনলীৰ সংক্ৰমণ (Urine Infection বা ইউটিআই-UTI) মানে কি?

মূত্ৰনলীৰ সংক্ৰমণ (urinary tract infection-UTI) হ’ল অণুজীৱ (মাইক্ৰোস্কোপৰ দ্বাৰা দেখা নোপোৱা অণুজীৱ) দ্বাৰা সৃষ্ট সংক্ৰমণ। বেছিভাগ ইউটিআই বেক্টেৰিয়াৰ কাৰণে হয় যদিও কেতিয়াবা কেতিয়াবা ভেঁকুৰ আৰু ভাইৰাচৰ দ্বাৰাও সৃষ্টি হব পাৰে৷ ই মানুহৰ মাজত হোৱা আটাইতকৈ সাধাৰণ সংক্ৰমণ।  

ইউটিআই মূত্ৰমাৰ্গৰ যি কোনো স্থানতে হব পাৰে। মূত্ৰমাৰ্গ মানে কিডনী, মূত্ৰবাহিনী(Ureters), মূত্ৰাশয়(bladder)আৰু মূত্ৰমাৰ্গ(urethra) আদি সকলোতে হব পাৰে৷  নিম্ন ইউটিআইত (lower tract UTI) মূত্ৰাশয় আৰু মূত্ৰমাৰ্গ তথা ওপৰৰ অংশৰ কিডনী আৰু মূত্ৰবাহিনী  আক্ৰান্ত হব পাৰে।  নিম্ন ইউটিআইত মূত্ৰনলীৰ সংক্ৰমণ অতি সাধাৰণ আৰু গুৰুতৰ হব পাৰে৷

সৰু লৰা ছোৱালীৰ তুলনাত প্ৰাপ্তবয়স্কৰ মাজত প্ৰস্ৰাৱৰ সংক্ৰমণ বেছি হয়।  পুৰুষৰ তুলনাত মহিলাৰ মাজত এই সংক্ৰমণ বেছি দেখা যায়।  ইয়াৰ কোনো প্ৰত্যক্ষ কাৰণ নাই যদিও জননাংগৰ গঠন (মূত্ৰমাৰ্গ-urethra আকাৰত সৰু হোৱা) ইয়াৰ বাবে কিছুপৰিমাণে দায়ী।

“প্ৰায় 40% মহিলা আৰু 12% পুৰুষৰ জীৱনকালত কেতিয়াবা নহয় কেতিয়াবা  মূত্ৰনলীৰ সংক্ৰমণ হয়।”

👉 প্ৰস্ৰাৱৰ সংক্ৰমণৰ প্ৰকাৰ (ইউটিআই) – Types of Urinary Tract Infection ( UTI ) in  assamese

মূত্ৰনলীৰ সংক্ৰমণ (প্ৰস্ৰাৱৰ সংক্ৰমণ/UTI) হৈছে প্ৰস্ৰাৱ তন্ত্ৰৰ যিকোনো অংশত সংক্ৰমণ। এই সংক্ৰমণ ইয়াৰ স্থিতিৰ ওপৰত আধাৰিত কৰি নিম্নলিখিত অংশবোৰত বিভক্ত কৰা হৈছে: 

🔘 Cystitis or Bladder Infection-

ই হৈছে মূত্ৰাশয়ৰ ভিতৰত হোৱা এক বেক্টেৰিয়াৰ সংক্ৰমণ। দুৰ্বল ৰোগ প্ৰতিৰোধ প্ৰণালী থকা লোকসকলৰ মাজত ইষ্ট হোৱাতোও মূত্ৰাশয়ৰ সংক্ৰমণ (Bladder infection)ৰ কাৰণে হয়।

🔘 Urethritis or Urethra infection-

ই বেক্টেৰিয়াৰ দ্বাৰা হোৱা সংক্ৰমণ। এই সংক্ৰমণত মূত্ৰনলীৰ প্ৰদাহৰ ফলত মূত্ৰ ত্যাগ কৰোতে বিষ অনুভৱ কৰে৷

🔘 Pyelonephritis or Kidney infection-

এই বৃক্কৰ সংক্ৰমণ হৈছে এক গুৰুতৰ সংক্ৰমণ যাৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ প্ৰয়োজন হ’ব পাৰে। ইয়াৰ ফলত জ্বৰ, প্ৰস্ৰাৱত তেজ আৰু শ্ৰোণীত (Groin) বিষ হয়। গৰ্ভৱতী মহিলাৰ এই সংক্ৰমণ হোৱাৰ সম্ভাৱনা অধিক। মূত্ৰবাহিনীত (Ureters) এই সংক্ৰমণ অতি কম হয়।

👉 মূত্ৰনলীৰ সংক্ৰমণৰ লক্ষণসমূহ (ইউটিআই) – Urinary Track Infection (UTI) Symptoms in Assamese

নিম্ন মূত্ৰনলীৰ সংক্ৰমণৰ (lower tract UTI) লক্ষণসমূহ, সংক্ৰমণৰ অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে৷ যেনে-

🔺মূত্ৰাশয় সংক্ৰমণ (Bladder infection) হলে মূত্ৰনলী আৰু মূত্ৰাশয় আস্তৰণ ফুলি (inflammation) যাব পাৰে ,

🔺 প্ৰস্ৰাৱৰ সময়ত বিষ বা জ্বলন সংবেদন [Dysuria] হয়,

🔺ঘনাই প্ৰস্ৰাৱ কৰা,

🔺ৰাতি প্ৰস্ৰাৱ ঘনাই হোৱা (Nocturia),

🔺 খুব কম পৰিমাণে প্ৰস্ৰাৱ কৰা,

🔺তাৎক্ষণিক প্ৰস্ৰাৱ হোৱাৰ ভয় লাগি থকা,

🔺দুৰ্গন্ধযুক্ত আৰু প্ৰস্ৰাৱত ৰক্ত যোৱা,

🔺পেটৰ তলপেটত বা পেল্ভিচ (pelvis) ত বিষ,

🔺পাতল জ্বৰ (101 ফাৰেনহাইটৰ কম), চৰ্দি আৰু অসুস্থ অনুভৱ কৰা।

ওপৰৰ অংশৰ মূত্ৰনলীৰ সংক্ৰমণত নিম্নলিখিত বৈশিষ্ট্যসমূহ দেখায় (ইউৰেটাৰ আৰু কিডনিত সংক্ৰমণ): 

🔺উচ্চ জ্বৰ (101 ৰ বেছি ফাৰেনহাইট)

🔺ঠাণ্ডাত কঁপকঁপনি উঠা,

🔺বমি বমি ভাব

🔺 Flank pain- ই পেটৰ উপৰৰ অংশ আৰু শৰীৰৰ একফালে আৰু পিঠিৰ মাজঅংশত হোৱা বিষ হয়৷  

এইসমূহৰ উপৰিও অন্য লক্ষণেও মূত্ৰনলীৰ সংক্ৰমণৰ ইঙ্গিত দিব পাৰে৷ যেনে: 

🔺সৰু লৰা-ছোৱালীৰ জ্বৰ,জন্ডিস, বমি বমিভাব, ডায়ৰিয়া আৰু খিঙখিঙীয়া দৰে লক্ষণ হব পাৰে। 

🔺বয়স্কসকলৰ জ্বৰ বা hypothermia, ক্ষুধা হ্ৰাস, অলসতা আৰু মেজাজৰ পৰিবৰ্তন ইত্যাদি৷

🔺গৰ্ভৱতী মহিলাসকলৰ ইউটিআইত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে।  যদি কোনো মহিলা গৰ্ভৱতী হৈ আছে তেন্তে কেচুৱা জন্ম হোৱাৰ আগে তেওঁৰ প্ৰস্ৰাৱৰ পৰীক্ষা কৰা উচিত (Prenatal visits) ৷ কাৰণ যদি সংক্ৰমণৰ চিনাক্ত কৰা নহয় তেন্তে ই গৰ্ভাৱস্থাত জটিলতা সৃষ্টি কৰিব পাৰে।  

মূত্ৰনলীৰ সংক্ৰমণ কেতিয়াবা কেতিয়াবা যৌন সংঞ্চাৰিত (Sexually transmitted disease) ৰোগ হব পাৰে। অৱশ্যে কিছু লোকৰ মূত্ৰনলীৰ সংক্ৰমণৰ কোনো লক্ষণ দেখা নিদিব পাৰে।

👉 মূত্ৰনলীৰ সংক্ৰমণৰ (UTI) কাৰণ- Urinary track infection (UTI) Causes in Assamese

বেছিভাগ মূত্ৰনলীৰ সংক্ৰমণ ই-কলাই (E.oli) বেক্টেৰিয়া দ্বাৰা হয়।  এই বেক্টেৰিয়া সাধাৰণতে পাচনতন্ত্ৰত উপস্থিত থাকে।  ক্ল্যামিডিয়া (chlamydia) আৰু মাইকোপ্লাজমা (mycoplasma) বেক্টেৰিয়াৰপৰা মূত্ৰনলীৰ সংক্ৰমণ হব পাৰে যদিও মূত্ৰাশয়ক সংক্ৰমিত কৰিব নোৱাৰে৷ যি কোনো বয়স আৰু লিঙ্গৰ লোকৰ ইউটিআই সংক্ৰমণ হব পাৰে। কিন্ত্ত কিছু লোকৰ মাজল মূত্ৰনলীৰ সংক্ৰমণ হোৱাৰ সম্ভাৱনা বেছি থাকে। 

মূত্ৰনলীৰ সংক্ৰমণ নিম্নলিখিত কাৰণৰ ফলত হব পাৰে: 

■ মহিলাসকলৰ সংক্ৰমণ হোৱাৰ সকলোতকৈ ডাঙৰ কাৰন হৈছে পশ্চিমীয়া টয়লেটৰ (western style toilet) ৰ ব্যৱহাৰ৷ লগতে অপৰিস্কাৰ শৌচালয় ব্যৱহাৰ কৰাও অন্য এক কাৰন৷

■ সহবাস (বিশেষকৈ যদি বহুবাৰ বা বহুজন লোকৰ লগত কৰা হয়),  

■ মধুমেহ (ডায়বেটিচ),  

■ অপৰিষ্কাৰভাৱে থকাৰ অভ্যাস,

■ বহু দেৰিলৈকে প্ৰস্ৰাৱ ৰাখি থোৱা কাৰনে,

■ পেট চলা (Bowel incontinence),   

■  প্ৰস্ৰাৱ অৱৰুদ্ধ কৰি ৰখা,  

■ পাথৰ হোৱা,

■  গৰ্ভনিৰোধক ব্যবহাৰ

■  গৰ্ভাৱস্থা,  

■  মেনোপজ,

■  দুৰ্বল প্ৰতিৰোধ ক্ষমতা,  

■  শুক্ৰাণুনাশক (Spermicides) আৰু টেম্পনৰ ব্যৱহাৰ, 

■  এন্টিবায়োটিকৰ অতিৰিক্ত ব্যৱহাৰ

👉 প্ৰস্ৰাৱৰ সংক্ৰমণ প্ৰতিৰোধ কেনেদৰে কৰিব?- Prevention of Urinary Tract Infection (UTI) 

আপুনি নিম্নলিখিত ব্যৱস্থাবোৰৰ দ্বাৰা প্ৰস্ৰাৱৰ সংক্ৰমণ প্ৰতিৰোধ কৰিব পাৰে: 

1. আপুনি যিমান পাৰে সিমান পানী খোৱা আৰু প্ৰস্ৰাৱ কৰিবলৈ অভ্যস্ত হওঁক। 

2. সুৰা আৰু কেফেইন গ্ৰহণ পৰিহাৰ কৰক এইবোৰৰ ফলত মূত্ৰাশয়ৰ সংক্ৰমণ হ’ব পাৰে। 

3. যৌন সম্ভোগৰ লগে লগে প্ৰস্ৰাৱ কৰক। 

4. যৌনাঙ্গ পৰিষ্কাৰ ৰাখিব। 

5. গা ধোৱাৰ বাবে বাথটাব ব্যৱহাৰ কৰা পৰিহাৰ কৰক। 

6. ঋতুস্ৰাৱৰ সময়ত, টেম্পনৰ সলনি চেনিটাৰী পেড বা ঋতুস্ৰাৱৰ কাপ(menstrual cup) ব্যৱহাৰ কৰিব।

7. জন্ম নিয়ন্ত্ৰণৰ বাবে শুক্ৰানুনাশক (Spermicides) ব্যৱহাৰ নকৰিব। 

8. যৌনাঙ্গত যিকোনো ধৰণৰ সুগন্ধি সামগ্ৰী ব্যৱহাৰ কৰা পৰিহাৰ কৰক। 

9. ঢিলা আৰু কপাহৰ আণ্ডাৰৱেৰ পিন্ধিব। 

অৱশ্যে, যদি আপুনি ইউটিআই সংক্ৰমণৰ কোনো লক্ষণ অনুভৱ কৰি আছে, আপোনাৰ চিকিৎসকৰ সৈতে যোগাযোগ কৰা উচিত যাতে আপুনি উচিত সময়ত যথোপযুক্ত চিকিৎসা লাভ কৰিব পাৰে৷

আমি আশা কৰোঁ যে এই প্ৰবন্ধটো  আপোনাৰ বাবে উপকাৰী হব  আৰু এই প্ৰবন্ধত দিয়া তথ্যৰ ওপৰত আধাৰিত কৰি আপুনি নিজকে আৰু আপোনাৰ প্ৰিয়জনক সুৰক্ষা দিবলৈ সক্ষম হ’ব।

যদি আপুনি বা আপোনাৰ পৰিচিত কোনোবাই স্বাস্থ্য ৰোগ আৰু চিকিৎসাৰ সম্ভাৱ্য পদ্ধতিৰ বিষয়ে অধিক জানিব বিচাৰে, তেন্তে আমাৰ Health consultant +91 9954334934 (Bimal Borah) নম্বৰত ৱাটচআপৰ দ্বাৰা পৰামৰ্শ বিচাৰিব পাৰে।

আমাক মেইল কৰিব পাৰে: [email protected]

আমাৰ অন্যান্য 𝙎𝙤𝙘𝙞𝙖𝙡 𝙢𝙚𝙙𝙞𝙖 মাধ্যমৰ লগত জড়িত হওঁক-

𝗜𝗻𝘀𝘁𝗮𝗴𝗿𝗮𝗺: 

https://www.instagram.com/fitassam.xyz/

𝗣𝗶𝗻𝘁𝗲𝗿𝗲𝘀𝘁:

https://in.pinterest.com/fitassam/

ধন্যবাদ৷


Spread the love

Mitali Saikia

Mrs. Mitali Saikia is the founder, Author of Fitassam. Around 85% of the content lives on this website is written and created by Mitali Saikia. Mitali Saikia has been working as a freelance writer on health, parenting, self-improvement, etc. In Dec 2019, She has founded the Fitassam website to help other practitioners of alternative medicine, authors, and people by sharing his knowledge, expertise, and clinical experience.

Leave a Reply

Your email address will not be published. Required fields are marked *