প্ৰস্ৰাৱৰ পৰিমাণ কম হোৱা ৰোগ Oliguria- কাৰন, লক্ষণ আৰু চিকিৎসা – What is Decreased Urine Output in assamese

Spread the love

প্ৰস্ৰাৱৰ পৰিমাণ কম হোৱা মানে কি?

প্ৰস্ৰাৱৰ পৰিমাণ কম হোৱা ৰোগক অলিগুৰিয়া (Oliguria) বুলি কোৱা হয়।  এয়া এনে এক স্থিতি যেতিয়া ঘণ্টাৰ সময়ত 400 মিলিতকৈ কম প্ৰস্ৰাৱ বাহিৰ হয়। সাধাৰণ পৰিমাণতকৈ কম পৰিমাণৰ প্ৰস্ৰাৱে শৰীৰত পানীৰ অভাৱ, বৃক্কবিফলতা, হাইপোভলেমিক শ্বক, ইউৰেনৰী ধৰি ৰখা আৰু মূত্ৰনলীৰ সংক্ৰমণৰ দৰে অন্যান্য সমস্যা সূচিত কৰিব পাৰে।

প্ৰস্ৰাৱৰ পৰিমাণ কম হোৱা লক্ষণসমূহ-Decreased Urine output symptoms in assamese

কম প্ৰস্ৰাৱৰ লক্ষণবোৰ কি? 

প্ৰস্ৰাৱৰ পৰিমাণ কম হোৱাৰ মুখ্য লক্ষণবোৰৰ ভিতৰত থাকিব পাৰে: 

‣ দিনে 400 মিলিতকৈ কম প্ৰস্ৰাৱ 

‣ খিঙখিঙীয়া হোৱা 

‣ মুখ শুকাই থকা

‣ অধিক পিয়াহ লগা

‣ মাংসপেশী দুৰ্বল হোৱা

‣ গাঢ় প্ৰস্ৰাৱ হোৱা

‣ চকু সোমাই যোৱা

‣ চকুৰ পানী কম উলোৱা

‣ এলেহুৱা 

‣ নিম্ন ৰক্তচাপ

‣ হৃদস্পন্দনৰ হাৰ বৃদ্ধি 

প্ৰস্ৰাৱৰ পৰিমাণ কম হোৱাৰ অন্যান্য লক্ষণ যেনে:

‣ মুৰৰ বিষ 

‣ পেশীৰ বিষ 

‣ ভোক কমি যোৱা

‣ বমি 

‣ হাড়ত বিষ 

‣ মূত্ৰাশয়ৰ নিয়ন্ত্ৰণহীনতা

‣ ত্বক হালধীয়া হোৱা

‣ মুখৰ দুৰ্গন্ধ 

‣ কানেৰে কম শুনা

‣ মানসিকভাৱে সচেতন নোহোৱা (মানসিক সতৰ্কতা কমি যোৱা)

চিকিৎসকক কেতিয়া দেখুৱাব লাগে?

নিম্নলিখিত পৰিস্থিতিবোৰত  চিকিৎসকৰ ওচৰলৈ যোৱা প্ৰয়োজন: 

⁍ যদি আপোনাৰ প্ৰস্ৰাৱ যথেষ্ট হ্ৰাস হয়

⁍ বমি আৰু ডায়েৰিয়া 

⁍ উচ্চমাত্ৰাত জ্বৰ

⁍ পৰ্যাপ্ত তৰল পান নকৰা

⁍ প্ৰস্ৰাৱৰ ৰং গাঢ় 

⁍ মূৰ ঘূৰনি হোৱাৰ লগতে প্ৰস্ৰাৱ হ্ৰাস হোৱা,

⁍ পাল্চ(pulse) কমি যোৱাৰ দৰে সমস্যা হোৱা। 

প্ৰস্ৰাৱৰ পৰিমাণ কম হোৱা কাৰন আৰু বিপদাশংকা কাৰকসমূহ – Decreased urine output causes & Risk factors in assamese

প্ৰস্ৰাৱ কিয় হ্ৰাস হয়? 

নিম্নলিখিত কিছুমান বৃক্কৰ সমস্যাই (kidney problem) প্ৰস্ৰাৱ হ্ৰাস কৰে, 

যেনে: 

⁍ আপোনাৰ বৃক্কই সঠিকভাৱে কাম কৰি আছে যদিও পৰ্যাপ্তমাত্ৰাত ৰক্ত সৰবৰাহ নোহোৱা কাৰনে।  

প্ৰস্ৰাৱ কম হোৱাৰ এই কাৰণটো  বৃক্কৰ সংৰচনাত্মক ক্ষতিৰ সৈতে সম্পৰ্কিত কৰিব পাৰে। এইটো সাধাৰণতে বৃক্কৰ কোষবোৰে দীৰ্ঘ সময়ধৰি পৰ্যাপ্ত তেজ নোপোৱাৰ বাবে হয়। ইয়াৰ উপৰিও, কিছুমান প্ৰকাৰৰ ঔষধ বা টক্সিনেও এই পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে।

এই অৱস্থাৰ ফলত, বৃক্কই প্ৰস্ৰাৱৰ পৰিমাণ হ্ৰাস কৰে বা মূত্ৰনলীত কৰবাত বাধা হব ধৰে।প্ৰস্ৰাৱ পথৰ বাধাৰ চিকিৎসা কৰিলে, প্ৰস্ৰাৱ কম হোৱাৰ সমস্যাও আৰোগ্য হয়। 

কম প্ৰস্ৰাৱৰ কিছুমান সচৰাচৰ কাৰণ হৈছে: 

⁍ এক গুৰুতৰ সংক্ৰমণ যাৰ ফলত প্ৰস্ৰাৱৰ পৰিমাণ কমি যায়৷

⁍ শৰীৰত পানীৰ অভাৱৰ ফলত বমি, ডায়েৰিয়া বা জ্বৰ হয় আৰু লগতে পৰ্যাপ্ত তৰল গ্ৰহণ নকৰা ফলত। 

⁍ প্ৰষ্টেট বৃদ্ধি আৰু অন্যান্য সমস্যাৰ ফলত হোৱা মূত্ৰনলী সম্পূৰ্ণ বন্ধ হোৱা, যি সাধাৰণতে হয়। 

⁍ বৃক্কৰ প্ৰদাহ বা বৃক্কৰ ক্ষতি।

⁍ কিছুমান ঔষধ আছে, যি বৃক্কৰ বাবে ক্ষতিকাৰক হ’ব পাৰে, যেনে কেমোথেৰাপী, ইমিউনোচাপ্ৰেচেণ্ট, আৰু কিছুমান প্ৰকাৰৰ এণ্টিবায়টিক।

প্ৰস্ৰাৱৰ পৰিমাণ কম হোৱা আশংকা কেতিয়াা বৃদ্ধি পায়? when does the risk of decreased urination increase?

নিম্নলিখিত কিছুমান স্থিতিয়ে প্ৰস্ৰাৱৰ পৰিমাণ হ্ৰাস কৰাৰ আশংকা বৃদ্ধি কৰে: 

65 বছৰ আৰু তাৰ অধিক সময়ত নিম্ন ৰক্তচাপ যকৃতৰ ৰোগ 

দীৰ্ঘম্যাদী বৃক্ক ৰোগ

হৃদযন্ত্ৰৰ বিফলতা 

মধুমেহ /ডায়বেটিচ 

ছেপচিছ -Sepsis (তেজৰ সংক্ৰমণ) 

কিছুমান প্ৰকাৰৰ ঔষধ বৃক্কৰ বাবেও ক্ষতিকাৰক। তাৰ ভিতৰত non-steroidal anti-inflammatory pain killer ঔষধ.

প্ৰস্ৰাৱৰ পৰিমাণ কম হোৱা ৰোগৰ প্ৰতিৰোধ কিদৰে কৰিব? Prevention of decreased urine output in assamese

প্ৰস্ৰাৱ হ্ৰাস হোৱা প্ৰতিহত কৰিব কেনেকৈ? 

সাধাৰণতে, চিকিৎসা অৱস্থা বা অসুস্থতাৰ ফলত হোৱা প্ৰস্ৰাৱৰ পৰিমাণ হ্ৰাস প্ৰতিহত কৰিব নোৱাৰি, কিন্তু নিম্নলিখিত কিছুমান ব্যৱস্থা অনুসৰণ কৰি, আপুনি প্ৰস্ৰাৱ হ্ৰাস হোৱাৰ সমস্যা প্ৰতিহত কৰিব পাৰে: 

শৰীৰত পানীৰ অভাৱ হোৱা প্ৰস্ৰাৱ কম হোৱাৰ আটাইতকৈ সচৰাচৰ লক্ষণ। পৰ্যাপ্ত পৰিমাণৰ পানী আৰু অন্যান্য তৰল পানীয় গ্ৰহন কৰি শৰীৰত পানীৰ অভাৱৰ পৰা মুক্তি পাব পাৰি। যদি আপোনাৰ জ্বৰ, ডায়েৰিয়া বা আন কোনো ৰোগ আছে, শৰীৰত পানীৰ অভাৱ হব নিদিব। 

অসুস্থ হৈ থাকোঁতে প্ৰস্ৰাৱৰ অভাৱ প্ৰতিহত কৰিবলৈ কিছুমান প্ৰকাৰৰ পানীয় পান কৰিব পাৰে। এই পানীয়বোৰৰ সহায়ত, শৰীৰত ইলেক্ট্ৰলাইটৰ অভাৱ পূৰণ কৰিব পাৰি৷

চিকিৎসকে আপোনাক এজন ডায়েটেচিয়ানৰ সহায় লবলৈ কব পাৰে যিয়ে আপোনাৰ আহাৰ আৰু অভ্যাস বিশ্লেষণ কৰিব। আপোনাৰ বাবে এটা বিশেষ আহাৰ পৰিকল্পনা প্ৰস্তুত কৰিব যি আপোনাৰ বৃক্কৰ বাবে ক্ষতিকাৰক নহয়। 

ডায়েবেটিচ, উচ্চ ৰক্তচাপ বা কৰোনাৰী ধমনীৰ ৰোগ থকা লোকসকলে তেওঁলোকৰ ৰোগ নিয়ন্ত্ৰণ কৰিবলৈ জীৱনশৈলীৰ পৰিৱৰ্তন, সঠিক আহাৰ আৰু ঔষধ আদি গ্ৰহণ কৰিব লাগে। 

ৰক্তচাপ স্বাভাৱিক স্তৰত ৰাখিব লাগে৷

চিগাৰেট, সুৰা আদি খাব নালাগে আৰু  আপোনাৰ শৰীৰৰ সঠিক ওজন বৰ্তাই ৰাখিব লাগে৷

প্ৰস্ৰাৱৰ পৰিমাণ কম হোৱাৰ বাবেে ঘৰুৱা প্ৰতিকাৰ

যদি কম প্ৰস্ৰাৱৰ কাৰণ গুৰুতৰ চিকিৎসা সমস্যা নহয়, তেন্তে পৰ্যাপ্ত পানী খোৱাতোয়ে হৈছে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰাৰ আটাইতকৈ সহজ উপায়। 

আন কিছুমান ঘৰুৱা প্ৰতিকাৰ আছে যিয়ে প্ৰস্ৰাৱৰ পৰিমাণ বৃদ্ধি কৰিব পাৰে: 

নিমখ গ্ৰহণ হ্ৰাস কৰক, কিয়নো নিমখে পানী জমা কৰা আৰম্ভ কৰে। 

পটাছিয়াম গ্ৰহণ হ্ৰাস কৰক। কিছুমান পদাৰ্থ যেনে কল, কমলা, আলু, পালেং শাক আৰু বিলাহীত বৃহৎ পৰিমাণে পটাছিয়াম থাকে। 

আপেল, ফুলকবি, আঙুৰ আৰু ষ্ট্ৰবেৰী আদিৰ দৰে কিছুমান খাদ্যত সামান্য পৰিমাণৰ পটাছিয়াম থাকে। 

সামান্য পৰিমাণৰ প্ৰ’টিন খাব, কিয়নো বৃহৎ পৰিমাণৰ প্ৰ’টিন খালে বৃক্কৰ ক্ষতি কৰিব পাৰে।

পৰীক্ষণ আৰু চিকিৎসা- Diagnosis and treatment

এনে অৱস্থা পৰীক্ষা কৰিবলৈ, চিকিৎসকসকলে কিছুমান পৰীক্ষা কৰিব পাৰে যেনে পেটৰ আলট্ৰাচাউণ্ড, ইলেক্ট্ৰলাইট চিনাক্ত কৰিবলৈ তেজ পৰীক্ষা, বৃক্কৰ ফাংচন পৰীক্ষা, ব্লাডটেস্ট, পেটৰ চিটি স্কেন আৰু বৃক্ক পৰীক্ষা ইত্যাদি। 

প্ৰস্ৰাৱ হ্ৰাস সমস্যাৰ চিকিৎসা ইয়াৰ সৃষ্টি হোৱা অৱস্থাৰ ওপৰত আধাৰিত। চিকিৎসাৰ সময়ত, আপোনাক শিৰাত তৰলৰ ড্ৰিপ প্ৰদান কৰা হয় যি আপোনাৰ শৰীৰত পানীৰ অভাৱ পূৰণ কৰে। যদিহে আপোনাৰ বৃক্কই সঠিকভাৱে কাম কৰিবলৈ সক্ষম নহয়, আপোনাক ডায়েলাইচিছ দিয়া হয়। ডায়েলাইচিছৰ সহায়ত, শৰীৰৰ বিষাক্ত পদাৰ্থ শৰীৰৰ পৰা আঁতৰ কৰা হয়। 

কম প্ৰস্ৰাৱৰ অৱস্থাই শৰীৰৰ বহুতো অঙ্গপ্ৰভাৱিত কৰিব পাৰে, যাৰ ভিতৰত আছে মস্তিষ্ক, হৃদযন্ত্ৰ, পেট আৰু তেজ ইত্যাদি। কিছুমান জটিলতা যেনে বিভ্ৰান্তি, মৃগীৰোগ, ৰক্তাল্পতা আৰু হৃদযন্ত্ৰৰ বিফলতাও স্বাভাৱিকতকৈ কম প্ৰস্ৰাৱ হোৱাৰ ফলত বিকশিত হয়।

আশাঁ কৰো এই লিখনিৰ দ্বাৰা আপোনালোক উপকৃত হব৷ অন্য লিখনি পঢ়িবলৈ তললৈ এই পেজৰ অন্য শিতান চাব পাৰে৷ 

If you have a question please contact  –  [email protected]

ৱাটচএপ নম্বৰ- 8011330306 (Only watchapp)

অসমৰ লগতে অসমৰ বাহিৰত চিকিৎসা তথা অন্যান্য চিকিৎসা সম্বন্ধীয় সা-সুবিধা (যেনে- চিকিৎসক, হস্পিতেল ইত্যাদি) সম্পৰ্কে তথ্য জানিবলৈ আমাৰ লগত যোগাযোগ কৰিব পাৰে৷ এলোপেথিক, হোমিঅ’পেথী, আয়ুৰ্বেদিক ইত্যাদি যিকোনো বিভাগৰ লগত জড়িত দেশৰ উন্নত মানদণ্ডৰ চিকিৎসকৰ লগত যোগাযোগ কৰিব বিচাৰিলে উপৰোক্ত নম্বৰত ৱাটচআপ কৰিব পাৰে৷ আপোনাৰ সেৱাৰ বাবে আমি সদায় আগ্ৰহী৷

 


Spread the love

Mitali Saikia

Mrs. Mitali Saikia is the founder, Author of Fitassam. Around 85% of the content lives on this website is written and created by Mitali Saikia. Mitali Saikia has been working as a freelance writer on health, parenting, self-improvement, etc. In Dec 2019, She has founded the Fitassam website to help other practitioners of alternative medicine, authors, and people by sharing his knowledge, expertise, and clinical experience.

Leave a Reply

Your email address will not be published. Required fields are marked *